ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২২/ভাল প্ৰবন্ধ

আলাবৈৰ ৰণ আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ দাদৰা অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল; অসমীয়া বুৰঞ্জীৰ মত অনুসৰি এই যুদ্ধৰ সময়কাল ১৫৯১ শকৰ ১৭ শাওণ। আলাবৈৰ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত ১৬৬৭ চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। আলাবৈ ৰণৰ কিছুদিনৰ পিছতেই সংঘটিত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধই (১৬৭১ চন) যদিও এই ৰণৰ ঐতিহাসিক মাত্ৰাক কিছু পৰিমাণে ম্লান পেলালে তথাপিও এই ৰণে সদায়ে অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ দৰেই অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰাই থাকিব। আলাবৈৰ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক ক'লা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতেই আহোম সেনাই বৰ দুবিধাজনক পৰিস্থিতিৰ পৰা যুঁজ দিব লগা হৈছিল; সেনাপতি লাচিত বৰফুকনৰ বিৰোধিতাৰ পিছতো, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই ১০,০০০ অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগা হৈছিল বুলি আহোম বুৰঞ্জীত উল্লেখ আছে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ ত্ৰিভংগৰ বিষয়ে ইয়াত পঢ়ক...