ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অ' মোৰ সুৰীয়া মাত/অসমৰ সুৱদী মাত

অজয় দাস(ৱিকিমিডিয়ান)

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে CISৰ সহযোগত অসমীয়া ৱিকিপিডিয়াৰ হৈ মুম্বাই অনুষ্ঠিত Train The Trainer 2020 উচ্চস্তৰীয় প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিলোঁ। তাৰ ফলশ্ৰুতিতে জলি বায়ে মনৰ কথা লিখিবলৈ কৈছিল যদিও বাবুল বৈশ্য দা আৰু নয়নে ইতিমধ্যে যোৱা ৱিকিপত্ৰিকা সংখ্যা দুটাত তেওঁলোকৰ মনৰ কথাত বৰ সুন্দৰকৈ এই বিষয়ে উল্লেখ কৰিছে। সেয়ে এই সংখ্যাত মন মন্থন কৰি কিবা নতুন লিখিম বুলি থিৰ কৰিছিলোঁ। পিছে আগতে দুবাৰকৈ মনৰ কথা লিখাৰ পিছত শুকান জেওৰা চেপি-খুন্দিলে কিমানকণ বা ৰস ওলাব? সেয়ে সাহিত্যৰ ৰসত নুজুবুৰীয়াই তেল-মছলাবিহীন মনৰ পৰা পোনপটীয়াকৈ ওলোৱা একেবাৰে বিশুদ্ধ কথা খিনি হে ইয়াত লিখাৰ চেষ্টা কৰিলোঁ।

এপ্ৰিল মাহ তলাবন্ধৰ মাজেৰে পাৰ হোৱাৰ বাবে আন সকলো ক্ষেত্ৰলৈ বিৰূপ প্ৰভাৱ পেলালেও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ বাবে আশীৰ্বাদৰ দৰে হ'ল। অভিলেখ সংখ্যক প্ৰবন্ধ সৃষ্টিৰ লগতে ৱিকিউৎসত নতুন সদস্যৰ জোৱাৰ উঠিল। এই মাহতেই কিজানি প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভা প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে ৱিকিপিডিয়াৰ লগত জড়িত হৈ পৰিল। ঈশান দা আৰু নয়নৰ ১০০টাকৈ প্ৰবন্ধ সম্পূৰ্ণ হোৱাৰ লগতে মোৰো ৬০০ প্ৰবন্ধ সম্পূৰ্ণ হ'ল। ইয়াৰ লগতে প্ৰচাৰ মাধ্যমত থকা সকলে অতি সুন্দৰকৈ সামাজিক মাধ্যম সমূহ চলাই নিয়া দেখি আনন্দিত অনুভৱ কৰিছোঁ। এই ধাৰা যেন সদায় অব্যাহত থাকক তাৰে কামনা কৰিলোঁ। (জন্ম মাহৰ বিষয়ে জহাই ভালেই লাগিছে!) ৱিকিয়ে আমাক এখন সমাজ দিছে। এই সমাজৰ লগত জড়িত সকলো এতিয়া নিচেই আপোন। সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা সকলো সদস্যলৈ সদায় কৃতজ্ঞ।

এই চেগতে মুম্বাইত অনুভৱ কৰা বিৰল অভিজ্ঞতাৰ সাক্ষী হোৱাৰ মুহূৰ্ত ভাগ বতৰা কৰিবলৈ মন গৈছে। কৰ্মশালাৰ দ্বিতীয়দিনা তাত সংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল। এই অনুষ্ঠানতে আমি অসমৰ কেইজনে অসম সংগীত "অ' মোৰ আপোনাৰ দেশ" পৰিবেশন কৰিছিলোঁ। সেই মুহূৰ্ত খিনিৰ অভিজ্ঞতা মোৰ বাবে বিৰল! ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ প্ৰতিনিধি সকলে যেতিয়া অসম সংগীতৰ সন্মানত থিয় হৈছিল সেই সময়ত গৌৰৱবোধত এক অজান শিহৰণ অনুভৱ কৰিছিলোঁ। বিশেষ নাই, ৱিকিমিডিয়াৰ লগতে অন্তৰ্জালত অসমীয়া ভাষা জয়যাত্ৰা অব্যাহত থাকক আৰু জ্ঞান আৰু তথ্যৰ মুক্ত আদান-প্ৰদান আৰু উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত হওঁক তাৰে কামনাৰে....
পৃথিৱীৰ ক'তো/বিচাৰি জনমটো/নোপোৱা কৰিলেও পাত
-অজয় দাস (বাৰ্তা) 15:10, 30 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]