ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২১/ভাল প্ৰবন্ধ

গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে। নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ প্ৰদানকাৰী ক্ৰিয়াকৰ্মৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি আৰু স্পষ্ট কোনো কাৰণৰহিত বেদনা বা বিষ- এইকেইটা হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধিৰ সাধাৰণ লক্ষণ। আক্ৰান্ত ভুক্তগোগীৰ মাজে সময়ে হোৱা বিভ্ৰম (delusion) আৰু অমূলপ্ৰত্যক্ষ (hallucination)-ও এই ৰোগৰ লক্ষণ। ৰোগগ্ৰস্ত কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কেইবা বছৰৰ অন্তৰত হোৱা গুৰুতৰ হতাশগ্ৰস্ততাৰ পৰ্ব উদ্ৰেক হয়, আৰু আন একাংশৰ ক্ষেত্ৰৰ ব্যাধিৰ লক্ষণ প্ৰায় সকলো সময়তে পৰিলক্ষিত হয়। গুৰুতৰ অৱসাদ অধিক গম্ভীৰ, আৰু সৰ্বসাধাৰণ মানুহৰ জীৱনৰ অংশ দুঃখবোধতকৈ অধিকঁকাল জুৰি ব্যাপ্ত হৈ থাকে। গুৰুতৰ অৱসাদজনিত ব্যাধিয়ে আক্ৰন্ত ব্যক্তিৰ ব্যক্তিগত জীৱন, কৰ্মজীৱন, শিক্ষা, কেৰিয়াৰ, সামাজিক জীৱন, খাদ্যাভাসকে ধৰি সাধাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে। গুৰুতৰ হতাশগ্ৰস্ততাত ভোগা প্ৰাপ্তবয়স্কসকলৰ মাজত ২-৮% লোকে আত্মহত্যাৰ পথ বাছি লয়, আৰু আত্মহত্যাৰ জৰিয়তে মৃত্যু ঘটা প্ৰায় ৫০% লোকৰেই মৃত্যুৰ পূৰ্বকালীন অৱসাদ বা অন্য কোনো মনোৱস্থা সংক্ৰান্তিয় ব্যাধিত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ ঊষা উথুপৰ বিষয়ে ইয়াত পঢ়ক