ৱিকিপিডিয়া:ৱিকিৰ ২৩ সংখ্যক জন্মদিন উদযাপন আৰু চন্দন চিৰিং ফুকন সোঁ‌ৱৰণী স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান

যোৱা ২জুন তাৰিখে ঊষানগৰী তেজপুৰৰ অগ্নিগড় উদ্যানত অসমীয়া ৱিকিমিডিয়া সমাজে অসমীয়া ৱিকিপিডিয়াৰ ২৩ সংখ্যক জন্মদিন পালন কৰে। অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰী আৰু নয়ন জ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত কাৰ্যসূচীমৰ্মে প্ৰথমেই যোৰহাট তিতাবৰৰ চেঙেলী চুক নিবাসী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা বিত্তীয় ব্যৱস্থাপক তথা স্বতন্ত্ৰ যুৱ লিখক, অনুবাদক আৰু ৱিকিমিডিয়ান প্ৰয়াত চন্দন চিৰিং ফুকনৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি অগবঢ়াই তেওঁৰ আত্মাৰ সদগতি কামনা কৰে। স্মৃতি তৰ্পক হিচাপে অংশগ্ৰহণ কৰে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত প্ৰণামিকা অধিকাৰী আৰু ডাক্তৰ গীতাৰ্থ বৰদলৈয়ে। তাৰপিছতে যুৱ লেখক প্ৰয়াত চন্দন চিৰিং ফুকনৰ সোঁৱৰণীত "চন্দনৰ বাটেৰে" শীৰ্ষক এখনি শ্ৰদ্ধাঞ্জলিপূৰ্বক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। সদস্য ঈশান জ্যোতি বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন অসমীয়া ৱিকিমিডিয়া সমাজৰ অধীনত প্ৰকাশিত হয়৷ ইয়াৰোপৰি চন্দন চিৰিঙক সুঁৱৰি ড০ জলি ৰুমী বৰা আৰু মনিষ শৰ্মাই প্ৰস্তুত কৰা ভিডিঅ' এটা সভাৰ মাজতে উপস্থাপন কৰা হয়৷ উন্মোচক হিচাপে অশংগ্ৰহণ কৰে অসমীয়া ৱিকিপিডিয়াৰ জন্মলগ্নৰে পৰা জড়িত বিষ্ণু শইকীয়াই। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি চন্দন চিৰিং ফুকনৰ ৱিকি তথা জীৱন যাত্ৰৰ সম্পৰ্কে আলোচনা কৰা হয়। তাৰপিছতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত আলোকপাত কৰা হয়। বক্তব্যত অসমীয়া ভাষাক বৰ্তমানৰ প্ৰেক্ষাপটত ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত স্থানীয় ভাষাৰ ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ গুৰুত্ব আৰু ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে স্বেচ্ছাসেৱী প্ৰকল্পটোলৈ বৰঙনি আগবঢ়াবলৈ সকলো ভাষাপ্ৰেমী লোককে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত অসমৰ উজনি-নামনি একাকাৰ কৰি উপস্থিত থাকে ৱিকিমিডিয়ান ঈশান জ্যোতি বৰা, ভাস্কৰ ভূঞা, ৰুমী বৰা, গীতাৰ্থ বৰঠাকুৰ, অনামিকা বড়া, হানিফ আলি, প্ৰিয়াংকুশ ডেকা, আস্কাৰ ৰুকাইমকে আদিকৰি প্ৰয়াত চন্দন চিৰিং ফুকনৰ কেইগৰাকীমান নিকটাত্মীয়।

অনুষ্ঠানৰ বাবে আৰ্থিক বৰঙনি আগবঢ়াই ক্ৰমেঃ ঈশান জ্যোতি বৰা, জ্যোতি চিৰিং, গীতাৰ্থ বৰদলৈ, অজয় দাস, প্ৰিয়াংকুশ ডেকা, মৌচুমী দাস, দিব্য দত্ত, অনামিকা বড়া আৰু জ্যোতিপ্ৰসাদ চৌধুৰী দেৱে।

ইয়াৰোপৰি অন্যান্য দাতা সকল হৈছেঃ

  • স্মৃতিগ্ৰন্থ চপা আৰু স্মৃতি তৰ্পণৰ খৰচঃ প্ৰণামিকা অধিকাৰী
  • কেক্ আৰু বেনাৰৰ খৰচঃ ৰুমী বড়া
  • খাদ্যঃ বিষ্ণু শইকীয়া, ভাস্কৰ ভূঞা আৰু অনামিকা বড়া
  • চাহৰ বাবে গেছ্ চুলাঃ কৃপামণি দেৱী(অনাৱিকিমিডিয়ান)
  • চন্দন চিৰিং ফুকন সোঁৱৰণি ৱিকিউদ্ধৃতি সংযোগ মেলাৰ পুৰস্কাৰঃ জলি ৰুমী বৰা
  • মিডিয়াঃ চন্দন কাশ্যপ
  • মুঠ আৰ্থিক বৰঙনিঃ ৫৯০০ টকা
  • খৰচঃ ৩২২০ টকা
  • হাতেজমাঃ ২৬৮০ টকা

আলোকচিত্ৰ

সম্পাদনা কৰক