আখৈ

                  মৃগেন শৰ্মা   
       ধানৰ পৰা আখৈ প্ৰস্তুত কৰা হয়।আকাৰত কিছু ডাঙৰ বৰাধান চালি-জাৰি পৰিস্কাৰ কৰি ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি সেয়া ৰ'দত শুকুৱাই। ৰ'দত শুকুৱাব দিয়া ধানবোৰ ফুলি উঠিলে মাটিৰ পাটচৰুত বালিৰে সতে ভাজিলে আখৈ প্ৰস্তুত হয়। সেই আখৈবোৰ কুলাৰে জাৰিলে তাত থকা ধানৰ খোলাবোৰ আঁতৰি আখৈবোৰ পৰিস্কাৰ হয়।
        আখৈ মানুহে পুৱাৰ জলপানৰ লগত খায়। কিছুমানে এনেয়ে খায়। লাৰু তৈয়াৰ কৰোতেও আখৈ ব্যবহাৰ হয়। পূজা-পাতালত আখৈৰ প্ৰয়োজন অপৰিহাৰ্য।বিবাহত আখৈ অতি প্ৰয়োজন। কইনাৰ ভায়েকে বিয়াৰ দিনা নিশা আখৈ তোলা এটা পৰম্পৰা। আখৈক লৈ গীত-মাতো আছে । বিয়াগীতত আখৈ তোলা পৰম্পৰাৰ কথা পোৱা যায়। 
       আখৈক লৈ অসমীয়া জনসমাজক লোক বিশ্বাস প্ৰচলিত আছে।সৰু ল'ৰা-ছোৱালীৰ মাত নোলালে গাখীৰেৰে আখৈ খুৱালে মাত ওলায় বুলি বিশ্বাস। আখৈক লৈ সাঁথৰ,প্ৰবচন আদিও আছে।এনেদৰে আখৈ অসমীয়া সমাজ-সংস্কৃতি,সাহিত্যত গুৰুত্বপূৰ্ণ ঠাই অধিকাৰ কৰি আছে।