ৱিকিস্পিচিজ (ইংৰাজী: Wikispecies) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা অনলাইন প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক সকলৰ দ্বাৰা সকলো প্ৰজাতিৰ এখন বিনামূলীয়া তালিকা প্ৰস্তুত কৰা। ৱিকিমিডিয়াৰ সভাপতি জিম্মী ৱেলছে কৈছে যে, ইয়াত প্ৰবন্ধ লিখিবলৈ কোনো নিম্মতম যোগ্যতাৰ সীমা বন্ধা নাই যদিও প্ৰবন্ধসমূহ পৰীক্ষা কৰাৰ পাছতহে ইয়াত প্ৰকাশ কৰা হ’ব। .[1][2] ৱিকিস্পিচিজ জি. এন. ইউ. ফ্ৰী ডকুমেণ্টেশ্যন লাইচেন্স আৰু CC-BY-SA 3.0ৰ অধীনত উপলব্ধ।

ৱিকি প্ৰজাতি
The current Wikispecies logo soft2i
ইউ আৰ এল species.wikimedia.org
বাণিজ্যক নহয়
প্ৰকাৰ প্ৰজাতি নিৰ্দেশিকা
পঞ্জীয়ন ঐচ্ছিক
ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা বেনেদিক্ট মাণ্ডি (২০০৪ চনত প্ৰকল্পৰ প্ৰস্থাৱদাতা); জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সম্প্ৰদায়
মুকলি ছেপ্টেম্বৰ ১৪, ২০০৪ (2004-09-14) (১৯ বছৰ পূৰ্বে)

২০০৪ চনৰ ছেপ্তেম্বৰৰ পৰা বিশ্বৰ সকলো জীৱবিজ্ঞানৰ পণ্ডিত সকলে ৱিকিস্পিচিজত বৰঙণি আগবঢ়াবলৈ আৰম্ভ কৰে।[3]

ইতিহাস সম্পাদনা কৰক

২০০৪ চনৰ জহকালিৰ প্ৰথম ভাগত, ৱিকিস্পিচিজ প্ৰকল্পৰ লগত জড়িত হ’বলৈ আগ্ৰহ থকা সকলোকে Benedikt Mandl –এ যোগাযোগ কৰে। তেঁৱেই এই প্ৰকল্পৰ কাম সমূহত আগভাগ লয়। ডাটাবেছ সমূহ নিৰিক্ষণ কৰা হ’ল আৰু প্ৰশাসক সকলৰ লগতো যোগাযোগ কৰা হ’ল। ইয়াৰে কিছুমানে ৱিকিস্পিচিজত তথ্যসমূহ দিবলৈ সন্মতি দিয়ে। Benedikt Mandl-এ এই প্ৰকল্পত দুটা মুখ্য কামৰ কথা উল্লেখ কৰে:

  1. Figure out how the contents of the data base would need to be presented—by asking experts, potential non-professional users and comparing that with existing databases
  2. Figure out how to do the software, which hardware is required and how to cover the costs—by asking experts, looking for fellow volunteers and potential sponsors

ৱিকিমিডিয়াৰ মেইলিং লিষ্টত ৱিকিস্পিচিজৰ সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা হ’ল। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বৰ্ড অফ ডাইৰেক্টৰ সকলৰ মাজত ভোট গ্ৰহণ অনুষ্ঠিত হয়। ৱিকিস্পিচিজৰ প্ৰতিষ্ঠা কৰাৰ সপক্ষে সকলোৱে ইয়াত ভোটদান কৰে। ২০০৪ চনৰ আগষ্টত এই প্ৰকল্পটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ৱেবছাইট হৈছে species.wikimedia.org। ২০০৪ চনৰ ১৪ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ইয়াক ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নী প্ৰকল্প হিচাবে অন্তৰ্ভুক্ত কৰা হয়।

  • ২০০৬ চনৰ ১০ অক্টোবৰত, এই প্ৰকল্পত প্ৰবন্ধৰ সংখ্যা ৭৫,০০০ৰো অধিক হয়।
  • ২০০৭ চনৰ ২০ মে’ত এই প্ৰকল্পত প্ৰবন্ধৰ সংখ্যা ১, ০০,০০০ ৰো অধিক হয় আৰু মুঠ পঞ্জীভূক্ত সদস্যৰ সংখ্যা ৫,৪৯৫ হয়।
  • ২০০৮ চনৰ ৮ ছেপ্তেম্বৰত এই প্ৰকল্পত প্ৰবন্ধৰ সংখ্যা ১,৫০,০০০ৰো অধিক হয় আৰু মুঠ পঞ্জীভূক্ত সদস্যৰ সংখ্যা ৯,২২৪ হয়।
  • ২০১১ চনৰ ২৩ অক্টোবৰত এই প্ৰকল্পত প্ৰবন্ধৰ সংখ্যা ৩, ০০,০০০ অতিক্ৰম কৰে।

নীতি সম্পাদনা কৰক

নিজা চিত্ৰ আপল’ড কৰাৰ সলনি ব্যৱহাৰকাৰী সকলে ৱিকিমিডিয়া কমন্সৰ পৰা ৱিকিস্পিচিজত চিত্ৰসমূহ ব্যৱহাৰ কৰাৰ সুবিধা দিয়া হয়। ইয়াত ফ্ৰী-লাইচেন্স নথকা কোনো ফাইল ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা নহয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক