ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ (July 6, 1924[1] – December 23, 2007[2]) এজন আমেৰিকান শৰীৰতত্ত্ববিদমগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ দেউতাক আছিল বিখ্যাত উদ্ভিদ বিজ্ঞানী আৰু স্মিথ কলেজৰ অধ্যাপক ৱিলিয়াম ফ্ৰান্সিছ গেনং জ্যেষ্ঠ

ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ
William Francis Ganong Jr.
জন্ম ৬ জুলাই, ১৯২৪
নৰ্থাম্পটন, মাচাচুচেট্‌ছ
আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২৩ ডিচেম্বৰ, ২০০৭ (৮৩ বছৰ)
আলবাণী, কেলিফ'ৰ্নিয়া
আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসগৃহ আলবাণী, কেলিফ'ৰ্নিয়া
শিক্ষা হাৰ্ভাৰ্ড মেডিকেল স্কুল
পেচা বিজ্ঞানী, শিক্ষাবিদ, লেখক
দাম্পত্যসঙ্গী ৰুথ জেকছন
পিতৃ-মাতৃ ৱিলিয়াম ফ্ৰান্সিছ গেনং &
আনা হ'বেট
সন্তান ফ্ৰান্সিছ, চুজান, আনা, জে'মছ

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা শিক্ষা লাভ কৰি তেখেতে দ্বিতীয় বিশ্বযুদ্ধ আৰু কোৰিয়ান যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিভাগত কাম কৰিছিল।

নিউৰ'এণ্ড'ক্ৰাইন'ল'জিষ্ট বিচাপে প্ৰতিষ্ঠিত হৈ তেখেতে কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্বৰ লেঞ্জ আসনৰ অধ্যাপক আছিল।[3] তেখেতে ১৯৭৭-৭৮ চনত আমেৰিকান ফিজিঅ'ল'জিকেল চ'ছাইটীৰ ৫০তম সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[4] গৱেষণাকলত তেখেতে আৱিষ্কাৰ কৰে যে ৰক্তচাপ আৰু ফ্লুইডৰ ভাৰসাম্যতা বা শৰীৰৰ লৱণ আৰু পানীৰ স্তৰ এড্ৰিনেল গ্ৰন্থি আৰু বৃক্কই নিয়ন্ত্ৰণ কৰে। এই আৱিষ্কাৰে উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বিকাশত প্ৰভুত সহায় কৰে। হৃদয়ৰ তালত প্ৰভাৱ পেলোৱা "ল'ন-গেনং-লেভাইন ছীন্দ্ৰ'ম" আৱিষ্কাৰতো তেখেতে ভূমিকা পালন কৰিছিল।

তেখেতে লিখা শৰীৰতত্ত্বৰ কিতাপ Review of Medical Physiology ছাত্ৰ-শিক্ষকসকলৰ মাজত বহুলভাৱে জনপ্ৰিয়। ১৯৬৩ চনত প্ৰথম প্ৰকাশিত এই কিতাপৰ বৰ্তমান ২৫তম সংস্কৰণ প্ৰকাশ পাইছে আৰু ১৮টা ভাষালৈ অনূদিত হৈছে।

২০০৭ চনৰ ২৩ ডিচেম্বৰত কলিফ'ৰ্নিয়াৰ আলবাণী তেখেতে মৃত্যুবৰণ কৰে।

তথ্য উৎস সম্পাদনা কৰক