ৱেঞ্জবুৰী পৰীক্ষা
ৱেঞ্জবুৰী পৰীক্ষা , ইংৰাজীত Wednesbury unreasonableness test , আইনপ্ৰদত্ত কোনো স্বেচ্ছাধীন (Discretionary) ক্ষমতাৰে সিদ্ধান্ত লওঁতে কাৰ্য্যবাহকে তেনে সিদ্ধান্তত সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি তাক বিচাৰ কৰি চাবৰ বাবে বিচাৰকে প্ৰয়োগ কৰা এক পৰীক্ষা য'ত ধনাত্মক পৰিণাম পালে তেনে সিদ্ধান্তত বিচাৰকৰ আদালতে হস্তক্ষেপ কৰাৰ অধিকাৰ বিচাৰি পায় আৰু তেনে সিদ্ধান্তক বেআইনী ঘোষণা, বাতিল অথবা আইনসংগত ৰূপলৈ সলনি কৰাৰ আদেশ কৰিব পাৰে।
এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেড বনাম ৱেঞ্জবুৰী কৰ্পৰেছন | |
---|---|
ৱেঞ্জবুৰী চিনেমা | |
ন্যায়ালয় | ক'ৰ্ট অফ আপীল অফ ইংলেণ্ড এণ্ড ৱেইলছ |
ৰায় দিয়া হৈছে | নৱেম্বৰ ১০, ১৯৪৭ |
আদালতে জাৰি কৰা তলব | [১৯৪৮] ১ KB ২২৩, [1947] EWCA Civ 1 |
ন্যায়ালয়ৰ সদস্যবৰ্গ | |
বিচাৰকমণ্ডলী | লৰ্ড গ্ৰীন, ছ'মাৰভেল এলজে, জন এডৱাৰ্ড ছিংগলটন |
এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেড বনাম ৱেঞ্জবুৰী কৰ্পৰেছন (১৯৪৮) মোকৰ্দমাত বিচাৰক লৰ্ড গ্ৰীনৰ দ্বাৰা কৰা তেনে এক পৰীক্ষান্ত দিয়া এক দৃষ্টান্তমূলক ৰায়ৰ উদ্ধৃতি দি পাচলৈ বহু দেশ-বিদেশৰ আদালতে এই ধৰণৰ পৰীক্ষাৰ দ্বাৰা একেধৰণৰ বিভিন্ন মোকৰ্দমাত বিচাৰ কৰিছিল আৰু কালক্ৰমত আইনশাস্ত্ৰত এই পৰীক্ষা এক ধ্ৰুপদী তত্ত্বলৈ ৰূপান্তৰিত হৈছিল।
সংবিধান বা সাংবিধানিক প্ৰক্ৰিয়াৰে গৃহীত কিছুমান আইনে কাৰ্য্যপালিকাক বিভিন্ন ক্ষেত্ৰত স্বেচ্ছাধীন হৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়ে। এনে সিদ্ধান্ত সমূহত ন্যায়পালিকাই সচৰাচৰ হস্তক্ষেপ নকৰে। লৰ্ড গ্ৰীনৰ সেই দৃষ্টান্তমূলক ৰায়ত[1] কোৱা হয় যে,
৫। তেনেহলে আদালতসমূহৰ ক্ষমতা কি? সেইসমূহে কাৰ্য্যবাহী কৰ্তৃপক্ষৰ কোনো কাৰ্য্যত হস্তক্ষেপ কৰিব পাৰে যদিহে দেখুৱাব পাৰা হয় যে সেই কাৰ্য্যই আইন লংঘন কৰিছে। যিয়ে ডাঠি কয় যে স্থানীয়নিকায় কৰ্তৃপক্ষই (ৱেঞ্জবুৰী কৰ্পৰেছন) আইন লংঘন কৰিছে সিয়ে তাৰ উপস্থাপিত তথ্যোক্তিক প্ৰতিপন্ন কৰিব লাগিব। আপাতদৃষ্টিতে ইয়াত যি ধৰণৰ এক চৰ্ত স্থানীয়নিকায় কৰ্তৃপক্ষই আৰোপ কৰিছে সি নিখুঁত ভাৱে আইনসংগত। প্ৰথম দেখাতেই স্থানীয়নিকায়ৰ দৰে দায়িত্বশীল প্ৰতিষ্ঠান এটাই ক্ষমতা বহিৰ্ভূত কাৰ্য্য কৰিব বুলি অনুমান কৰিব নালাগে; কিন্তু যদিহে কেতিয়াবা স্থানীয়নিকায়ৰ দৰে কৰ্তৃপক্ষ এটাই আইন লংঘন কৰিছে বুলি অভিযোগ কৰা হয় তেন্তে আদালতে তেনে কৰ্তৃপক্ষৰ স্থানত নিজকে বহুৱাই ল'ব নালাগে। আদালত কেৱল সেই উপস্থাপিত তথ্যোক্তি প্ৰতিপন্ন হৈছেনে নাই সেই বিষয়তহে জড়িত। যেতিয়া বিধানপালিকাই স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা কাৰোবাৰ, যেনে এই মোকৰ্দমাত উক্ত স্থানীয়নিকায় কৰ্তৃপক্ষৰ দৰে কাৰোবাৰ ওপৰত ন্যস্ত কৰে , তেন্তে কোনো কাৰ্য্যত সেই স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা প্ৰয়োগ কৰা হোৱা যেন পালে কিছুমান সীমাবদ্ধ ক্ষেত্ৰতহে আদালতত তাক প্ৰত্যাহ্বান জনাব পাৰি। ....
১২। চূড়ান্ত পৰিণাম এয়ে যে এই আপীল খাৰিজ হ'বই লাগিব। মই নিজকে দোহাৰিব নিবিচাৰো কিন্তু মই প্ৰয়োগ হোৱা সূত্ৰটো পুনৰ সংক্ষেপতে ব্যক্ত কৰিম। স্থানীয়নিকায় কৰ্তৃপক্ষৰ কোনো কাৰ্য্যৰ তদন্ত আদালতে কৰিব পৰা ক্ষমতা আছে এইটো চাবলৈ যে তেওঁলোকে ধ্যান দিবলগীয়া প্ৰাসংগিক বিষয় সমূহত ধ্যান দিছে নে নাই, অথবা তাৰ বিপৰীতে তেওঁলোকে ধ্যান দিবলগীয়া কোনো প্ৰাসংগিক বিষয়ত ধ্যান দিবৰ বাবে অপাৰগ হৈছে অথবা অস্বীকাৰ কৰিছে নেকি। যেতিয়াই এই প্ৰশ্নৰ উত্তৰ স্থানীয়নিকায় কৰ্তৃপক্ষৰ সপক্ষে পোৱা গৈছে, তেতিয়াও হয়টো ক'ব পাৰি যে যদিওবা কৰ্তৃপক্ষই ধ্যান দিবলগীয়া বিষয়বোৰৰ চাৰিওদিশৰ মাজতে থাকি সিদ্ধান্ত লৈছে , তথাপি তেওঁলোক এনে এক যুক্তিহীন সিদ্ধান্তত উপনীত হৈছে য'ত যি কোনো যুক্তিবাদী কৰ্তৃপক্ষই উপনীত নহ'লহেতেন। এনে অৱস্থাত মই ভাৱো আদালতে পুনৰ হস্তক্ষেপ কৰিব পাৰে। আদালতৰ হস্তক্ষেপ কৰিব পৰা ক্ষমতা সিদ্ধান্তসলনি কৰাৰ কৰ্তৃপক্ষ হিচাপে নহয় যে কাৰ্য্যবাহী কৰ্তৃপক্ষৰ সিদ্ধান্তক নশ্যাৎ কৰি নিজাকৈ কাৰ্য্য কৰিব, বৰঞ্চ ন্যায়পালিকাই কেৱল আৰু মাত্ৰ কেৱল এইটো চাব যে স্থানীয়নিকায় কৰ্তৃপক্ষই বিধানপালিকাই ন্যস্ত কৰা ক্ষমতাৰ বাহিৰলৈ গৈ যুক্তিহীন কাৰ্য্য কৰিছে নেকি। আপীলতো ক্ষতিপূৰণ সহিতে খাৰিজ হ'বই লাগিব। ....
চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত ইংলেণ্ডৰ ষ্টেফৰ্ডশ্বায়াৰৰ স্থানীয়নিকায় ৱেঞ্জবুৰী কৰ্পৰেছনে সেই অঞ্চলৰ চলচ্চিত্ৰ গৃহ সমূহক অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা লাভ কৰিছিল। চলচ্চিত্ৰ গৃহ সমূহ সপ্তাহৰ সোমৰ পৰা শনিবাৰলৈকে খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা আছিল। আনহাতে দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ (Sunday Entertainments Act)ৰ অধীনত পাচলৈ চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা থকা স্থানীয়নিকায় সমূহক অনুজ্ঞাপত্ৰ থকা চলচ্চিত্ৰ গৃহ সমূহক দেওবাৰেও খোলা ৰাখাৰ অনুজ্ঞাপত্ৰ দিয়াৰ কাৰ্য্যবাহী ক্ষমতা দিয়া হয়। দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ ত উল্লেখ থাকে যে দেওবাৰে খোলা ৰাখাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সময়ত স্থানীয়নিকায় সমূহে অনুজ্ঞাপত্ৰত প্ৰয়োজন বুলি ভবা যিকোনো চৰ্ত আৰোপ কৰিব পাৰিব।
এই দুই আইনৰ অধীনত ৱেঞ্জবুৰী কৰ্পৰেছনে উক্ত মোকৰ্দমাৰ ফৰিয়াদী এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেডৰ চলচ্চিত্ৰ গৃহক দিয়া অনুজ্ঞাপত্ৰত ১৫ বছৰৰ তলৰ ল'ৰা-ছোৱালীক অকলে বা প্ৰাপ্তবয়স্ক লোকৰ সৈতেও চলচ্চিত্ৰ গৃহত প্ৰবেশ-নিষেধ চৰ্ত আৰোপ কৰিছিল।
ফৰিয়াদী এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেডে এই চৰ্তক প্ৰত্যাহ্বান জনাই কৈছিল যে মূলতঃ চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত প্ৰদান কৰা অনুজ্ঞাপত্ৰত চৰ্ত আৰোপ কৰাতো সমীচীন নহয় কিয়নো সেই আইনত চৰ্ত আৰোপ কৰাৰ কোনো নিয়ম নাই আৰু যদিহে দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ অনুসৰি অনুজ্ঞাপত্ৰত চৰ্ত আৰোপ কৰা হৈছে তেন্তে দেওবাৰৰ বাদে বাকী দিনবোৰত অন্ততঃ পিতৃ-মাতৃ, অভিভাৱক বা অন্য প্ৰাপ্তবয়স্ক লোকৰ সৈতে অহা সৰু ল'ৰা-ছোৱালী বোৰক চলচ্চিত্ৰ গৃহত প্ৰবেশ কৰাৰ অনুমতি দিব লাগে।
আদালতে দিয়া ৰায় অনুসৰি অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন ক্ষমতা থকা ৱেঞ্জবুৰী কৰ্পৰেছনৰ অনুজ্ঞাপত্ৰত ১৫ বছৰৰ তলৰ ল'ৰা-ছোৱালীক চলচ্চিত্ৰ গৃহত প্ৰবেশ-নিষেধ কৰাৰ চৰ্তটোত কোনো আইন লংঘন হৈছে বুলি ফৰিয়াদীয়ে প্ৰতিপন্ন কৰা নাছিল। এই অৱস্থাত তেনে চৰ্ত আৰোপ কৰাৰ সময়ত স্বেচ্ছাধীন কাৰ্য্যবাহীয়ে ধ্যান দিবলগীয়া কোনো বিষয়ত ধ্যান নিদিলে বা ধ্যান নিদিবলগীয়া কোনো বিষয়ত অনাহক ধ্যান দিলে বুলিও স্পষ্ট কৰি ফৰিয়াদীয়ে প্ৰতিকাৰ বিচৰা নাছিল। গতিকে শেষত আদালতে তৃতীয় পৰীক্ষা অৰ্থাৎ সিদ্ধান্তৰ যুক্তিহীনতা পৰীক্ষা কৰি চৰ্তটো একেবাৰে যুক্তিহীন, অপ্ৰাসংগিক, অদ্ভুত বা অনৰ্থক বুলিও পতীয়ন যাব নোৱাৰি, লাগিলে আদালত চৰ্তটোত একমত হওক বা নহওক কিয়, আপীলতো খাৰিজ কৰিছিল কিয়নো কাৰ্য্যবাহীৰ সেই স্বেচ্ছাধীন সিদ্ধান্তত হস্তক্ষেপ কৰি চৰ্তটোক বেআইনী ঘোষনা কৰাৰ কোনো অৱকাশ নাছিল।