প্ৰতিজন

(Antigenৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰতিজন (Ag) (ইংৰাজী: Antigen) হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহৰ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে। অন্য অৰ্থত ক’বলৈ গ’লে দেহত প্ৰতিদেহ উৎপাদন কৰিবলৈ উদীপ্ত কৰা যিকোনো অণুকেই প্ৰতিজন বুলি কোৱা হয়। প্ৰতিজনবোৰ বেক্টেৰিয়া বা ভাইৰাছ প্ৰটিন বা কাৰ্বহাইড্ৰেট হ’ব পাৰে।

An illustration that shows how antigens induce the immune system response by interacting with an antibody that matches the antigen's molecular structure.

শৰীৰৰ পৰা ("স্ব-প্ৰতিজন") বা বাহ্যিক পৰিবেশৰ পৰা ("অ-স্ব") উৎপন্ন হ’ব পাৰে। দেহৰ প্ৰতিৰক্ষা তন্ত্ৰই বহিৰাগত "অ-স্ব" আক্ৰমণকাৰী বা শৰীৰত থকা পৰিবৰ্তিত বা ক্ষতিকাৰক পদাৰ্থসমূহক চিনাক্ত আৰু আক্ৰমণ কৰে আৰু সাধাৰণতে হোমোষ্ট্যাটিক পৰিস্থিতিত থাইমাছৰ টি কোষৰ নেতিবাচক নিৰ্বাচনৰ কাৰণে স্ব-প্ৰতিজনৰ সৈতে প্ৰতিক্ৰিয়া নকৰে।[1]

প্ৰতিষেধক ছিটাসমূহ প্ৰতিজনৰ উদাহৰণ।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Gallucci, S; Lolkema, M; Matzinger, P (November 1999). "Natural adjuvants: endogenous activators of dendritic cells". Nature Medicine খণ্ড 5 (11): 1249–55. doi:10.1038/15200. PMID 10545990.