ব্যাকৰণ
ব্যাকৰণ (ইংৰাজী: Grammar) এটা সংস্কৃত ভাষাৰ শব্দ; ইয়াৰ অৰ্থ হ’ল সকলো কথা খৰচি মাৰি কৰা আলোচনা।[1] কোনো এটা ভাষাৰ গঠনৰ সকলো কথা বিতংকৈ বিশ্লেষণ বা আলোচনা কৰা পুথিৰ নাম সেই ভাষাৰ ব্যাকৰণ। ব্যাকৰণত একোটা ভাষাৰ ধ্বনি, বৰ্ণ, বৰ্ণমালা, শব্দ আৰু পদৰ সাধন, পদৰ পৰা বাক্যৰ গঠন আদি চৰ্চা কৰা হয়।[1]
ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন-প্ৰণালীটোক ভাঙি-ছিঙি ভিন ভিন কৰি দেখুৱাই দিয়ে আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি-ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে।[2] ভাষা বিশেষৰ গঠন পদ্ধতি ব্যাকৰণত ৰূপায়িত হয়। অৰ্থাৎ কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞান সন্মত আৰু যথা সম্ভৱ বিতং বিশ্লেষণেই সেই ভাষাৰ ব্যাকৰণ। প্ৰকাৰান্তৰে ভাষাৰ গঠনৰ শৃঙ্খলাবদ্ধ আলোচনাকে ব্যাকৰণ বোলা হয়।[3]
ব্যাকৰণৰ সংজ্ঞাসম্পাদনা কৰক
ভাষাবিদসকলে আগবঢ়োৱা ব্যাকৰণৰ সংজ্ঞাসমূহ:
- পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ মতে, “যি পুথি পঢ়িলে আখৰ আৰু শব্দ শুদ্ধ ৰূপে জোঁটাব আৰু লিখিবৰ নিয়মবিলাক শিকিব পাৰি তাকে ব্যাকৰণ বোলে।”
- ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে, “যি বিদ্যাৰ দ্বাৰা কোনো ভাষাক বিশ্লেষণ কৰি তাৰ স্বৰূপটি আলোচিত হয় আৰু সেই ভাষাৰ গঠন লিখন আৰু কথা-বাৰ্তাত তাক প্ৰয়োগ কৰা হয়, সেই বিদ্যাকে ভাষাৰ ব্যাকৰণ বোলে।”
ব্যাকৰণৰ প্ৰকাৰসম্পাদনা কৰক
ভাষাৰ ব্যাকৰণ নানা প্ৰকাৰৰ হ’ব পাৰে, যদিও সাধাৰণতে তিনি প্ৰকাৰৰ বুলি ভাষাবিদ ড॰ শ্ৰীগোলোকচন্দ্ৰ গোস্বামীয়ে তেওঁৰ 'অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ' নামৰ ভাষা বিষয়ক গ্ৰন্থখনত উল্লেখ কৰিছে:[3]
- ঐতিহাসিক বিৱৰ্তনমূলক ব্যাকৰণ
- সাম্প্ৰতিক বিশ্লেষণাত্মক ব্যাকৰণ
- সাম্প্ৰতিক তুলনামূলক ব্যাকৰণ
ঐতিহাসিক বিৱৰ্তনমূলক ব্যাকৰণসম্পাদনা কৰক
যি ব্যাকৰণত দুটা বা ততোধিক ভিন্ন যুগৰ বা স্তৰৰ ভাষাৰ গাঁথনিক ৰূপৰ সমন্বয় কৰা দেখুওৱা হয়, অৰ্থাৎ ক্ৰমবিকাশৰ আলোচনা কৰা হয় তাকে ‘ঐতিহাসিক বিৱৰ্তনমূলক ব্যাকৰণ’ বোলা হয়।
এনে ব্যাকৰণত ভাষাৰ বংশানুক্ৰমিক বিচাৰ বিশ্লেষণ পোৱা যায়। এই বিচাৰত সগোত্ৰী ভাষাবোৰৰ মাজত ৰূপৰ তথা পৰিৱৰ্তনৰ তুলনাও কৰা হয় কাৰণে কোনো কোনোৱে ঐতিহাসিক বিৱৰ্তনমূলক ব্যাকৰণক তুলনামূলক ব্যাকৰণো বোলে।[3]
সাম্প্ৰতিক বিশ্লেষণাত্মক ব্যাকৰণসম্পাদনা কৰক
সাম্প্ৰতিক বিশ্লেষণাত্মক ব্যাকৰণ-ত সাম্প্ৰতিক যুগৰ বা স্তৰৰ ভাষাৰ পুংখানুপুঙ্খ বিশ্লেষণ কৰা হয়। এনে ব্যাকৰণ কেইবা প্ৰকাৰৰো হ'ব পাৰে। যেনে- সাধু বা সৰ্বজন গৃহীত সাহিত্যিক মান্য ভাষাৰ ব্যাকৰণ, একেটা ভাষাৰে বিভিন্ন উপভাষাৰ ব্যাকৰণ আৰু সামগ্ৰিক ব্যাকৰণ।[3]