কাঠমাণ্ডু
নেপালৰ ৰাজধানী কাঠমাণ্ডু (ইংৰাজী: Kathmandu) সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ড নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়। পাহাৰেৰে আৱৰা এই সুন্দৰ নগৰখন ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত। বৰ্ণিল সংস্কৃতি আৰু পৰম্পৰাৰ উপৰিও ইয়াত বিশিষ্ট শৈলীত নিৰ্মিত ঘৰসমূহে পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে। কাঠমাণ্ডুৰ মন্দিৰ আৰু প্ৰাচীন বজাৰসমূহে সমগ্ৰ বিশ্বতে নিজৰ সুকীয়া পৰিচয় ডাঙি ধৰিছে।
কাঠমাণ্ডু
येँ देय् काठमाडौं महानगर | |
---|---|
ৰাজধানী নগৰ | |
মূলমন্ত্ৰ(সমূহ): মোৰ উত্তৰাধিকাৰ , মোৰ গৌৰৱ , মোৰ কাঠমাণ্ডু (My legacy, my pride, my Kathmandu) | |
দেশ | নেপাল |
উন্নয়ন অঞ্চল | মধ্য |
অঞ্চল | বাগমতী অঞ্চল |
জিলা | কাঠমাণ্ডু জিলা |
মানৱ উন্নয়ন সূচক | 0.710 উচ্চ[1] |
HPI | 25.8 নিম্ন |
Literacy Rate | 86% উচ্চ |
স্থাপিত | ৯০০ চন[2] |
চৰকাৰ | |
• Chief Executive Officer | Kedar Bahadur Adhikari |
কালি | |
• মুঠ |
49.45 km2 (19.09 sq mi) |
উচ্চতা | ১,৪০০ মিটাৰ (৪,৬০০ ফুট) |
জনসংখ্যা (2012) | |
• মুঠ |
25,00,000 |
• ঘনত্ব | 51,000/km2 (1,30,000/sq mi) |
ইতিহাস
সম্পাদনা কৰকসোল্ল আৰু সোতৰ শতিকাত কাঠমাণ্ডুত মল্ল ৰজাসকলে শাসন কৰিছিল। গোৰখা ৰজা পৃথ্বী নাৰায়ণ শাহে ১৭৬৮ চনত ইয়াৰ অস্থিৰতা সমাপ্ত কৰি একত্ৰিত কৰিছিল। ১৯৫০ চনত এই নগৰৰ সীমা বিদেশী পৰ্যটকৰ বাবে খোলা হৈছিল। তেতিয়াৰ পৰা আজিলৈ এই নগৰলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ সোঁত বৈ আছে।
মুখ্য আকৰ্ষণ
সম্পাদনা কৰককাঠমাণ্ডুৰ কিছুমান মুখ্য আকৰ্ষণ হৈছে: পশুপতিনাথ মন্দিৰ, স্বয়ংভূনাথ, বৌদ্ধনাথ আদি।
পশুপতিনাথ মন্দিৰ
সম্পাদনা কৰকপশুপতিনাথ মন্দিৰ নেপালত হিন্দুসকলৰ আটাইতকৈ পৱিত্ৰ তীৰ্থস্থান। ইয়াক বাৰানচীৰ ক্ষুদ্ৰ ৰূপ বুলিও কোৱা হয়। ইয়াত মন্দিৰৰ দীঘলীয়া শৃংখলা , শ্মশান ঘাট , ধাৰ্মিক স্নান আৰু সাধুৰ জাক দেখিবলৈ পোৱা যায়। ভগৱান শিৱলৈ সমৰ্পিত এই মন্দিৰ বাগমতী নদীৰ পাৰত স্থিত। নেপালৰ বাগমতী নদীক ভাৰতৰ গংগা নদীৰ দৰেই পৱিত্ৰ মানা হয়। পশুপতিনাথ মন্দিৰ ভগৱান শিৱৰ এক ঘৰ গণ্য কৰা হয়। প্ৰতিবছৰে লাখ-লাখ তীৰ্থযাত্ৰীয়ে যাত্ৰীয়ে ইয়ালৈ দৰ্শনৰ বাবে আহে।
স্বয়ংভূনাথ
সম্পাদনা কৰকস্বয়ংভূনাথ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত বৌদ্ধ স্থলৰ অন্যতম। ইয়াৰ লগত কাঠমাণ্ডু ঘাটিৰ নিৰ্মাণৰ লগত সম্পৰ্ক আছে। কাঠমাণ্ডুৰ পৰা ৩ কিঃমিঃ নিলগত ৭৭ মিটাৰ উচ্চতাত ই অৱস্থিত। ইয়াৰ চাৰিওফালে থকা চকুৱে গৌতম বুদ্ধয়ে চাৰিওদিশে চাই আছে বুলি বিশ্বাস কৰা হয়।
বৌদ্ধনাথ
সম্পাদনা কৰকপৃথিৱীৰ অন্যতম বৃহৎ বৌদ্ধ স্তুপ বৌদ্ধনাথ কাঠমাণ্ডুৰ পৰা ৬ কিঃমিঃ পূৱত অৱস্থিত। এই স্তুপ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত। জনবিশ্বস মতে এই স্তুপ নিৰ্মাণৰ সময়ত ভয়ংকৰ আকাল হৈছিল। সেয়ে পানীৰ নাটনিৰ বাবে নিয়ৰৰ টোপালেৰে ইয়াৰ নিৰ্মাণ কৰা হৈছিল। ৩৬ মিটাৰ ওখ এই স্তুপ কলাৰ এক সুন্দৰ নিদৰ্শন।
ক্ৰীড়া
সম্পাদনা কৰকনেপালৰ যুৱচামৰ মাজত ফুটবল আৰু ক্ৰীকেট অতি জনপ্ৰিয় খেল আৰু ইয়াৰ বাবে কাঠমাণ্ডুত কেইবাখনো ষ্টেডিয়াম আছে। নেপালৰ ক্ৰীড়াক্ষেত্ৰৰ উল্লেখনীয় সংস্থা আল নেপাল ফুটবল এছচিয়েশ্বন (ANFA)ৰ প্ৰধান কাৰ্যালয় ইয়াতে আছে। ইয়াৰ দশৰথ ৰংগশালা ষ্টেডিয়াম হৈছে এখন আন্তঃৰাষ্ট্ৰীয় মানবিশিষ্ট ষ্টেডিয়াম। ১৯৫৬ চনত নিৰ্মাণ কৰা ষ্টেডিয়াম খনত একেলগে ২৫,০০০ দৰ্শকে খেল উপভোগ কৰিব পাৰে। আৰচিটি, সংকটা আৰু এনআৰটি আদি নেপালৰ পুৰণি ফুটবল সংঘৰ গৃহচহৰ হৈছে কাঠমাণ্ডু। ইয়াৰোপৰি অন্যান্য কিছুমান বিখ্যাত ফুটবল সংঘ হৈছে এমএমচি, মচিন্দ্ৰা এফচি, ত্ৰিভুৱন আৰ্মি ক্লাব (TAC) আৰু এমপিচি।
চিত্ৰমালা
সম্পাদনা কৰক-
Garden of Dreams, a Western styled garden built during the modern era
-
Urban expansion in Kathmandu
-
The green, vegetated slopes that surround the Kathmandu metro area (light gray, image centre) include both forest reserves and national parks.
-
Nepal Telecom complex near Dharahara Tower (Dharahara was destroyed in the Magnitude 7.8 April 2015 Nepal earthquake.
-
View of Himalayas from Kathmandu valley
-
Ranipokhari
-
The residence of the President of Nepal
-
Singha Durbar, the Prime Minister's office and other Ministries
-
BICC, the seat of the Nepalese Constituent Assembly
-
Buildings around Boudha Stupa
-
Boudhanath Stupa, one of the largest in Nepal
-
Stone carvings, called Chaityas, seen in street corners and courtyards
-
Courtyard of the Taragaon Museum, Boudhnath, Kathmandu, Nepal
-
Narayanhity Museum
-
National Museum of Nepal
-
A Buddhist statue display in Kathmandu
-
Asa Archives
-
Traditional Buddhist musical performance during Gunla.
-
President of Nepal Dr. Ram Baran Yadav observing the street festival of Yenya, which literally means "festival of Kathmandu".
-
Nepali Lakhe dancer.]]
-
View of Kathmandu valley from Halchowk hill in Dipawali 2013
-
Aerial view of a road in Kathmandu
-
TU Teaching Hospital, the oldest teaching hospital of Nepal
-
Bir Hospital, the oldest hospital of Nepal.
-
Nepal Television, Block 1
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "An Overview of the Central Development Region (CR)" (PDF). Internal-displacement.org. http://www.internal-displacement.org/8025708F004CE90B/(httpDocuments)/0865FF03B159B9C1C1257980002F2D30/$file/Nepal_Central_Region_Overview_Paper.pdf। আহৰণ কৰা হৈছে: November 25, 2013.
- ↑ "History". Kathmandu.gov.np. http://www.kathmandu.gov.np/index.php?cid=4&pr_id=4। আহৰণ কৰা হৈছে: 16 May 2010.
- ↑ "National Population Census 2011". National Planning Commission Secretariat, Central Bureau of Statistics (CBS), Government of Nepal. September. Archived from the original on 2012-04-15. https://web.archive.org/web/20120415130818/http://census.gov.np/। আহৰণ কৰা হৈছে: 2015-11-12.