শ্ৰোণিৰ প্ৰদাহ ৰোগ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (ইংৰাজী: Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কোনো এগৰাকী মহিলাৰ যোনী অথবা জৰায়ু মুখৰ পৰা বেক্টেৰিয়াবোৰে যেতিয়া ক্ৰমাত ওপৰফালৰ প্ৰজনন অংগবোৰত সোমাই পৰি সংক্ৰমণ ঘটায়-তেতিয়াই এই ৰোগ আৰম্ভ হয়। পি আই ডি বিভিন্ন কাৰণত হব পাৰে। কিন্তু যৌন সংক্ৰামক দুটি ৰোগৰ বেক্টেৰিয়াৰ বাবে মূলত এই ৰোগ হোৱা দেখা যায়। এই দুটা ক্লামোডিয়া আৰু গনৰিয়া। যৌনসংগমত সক্ৰিয় মহিলাৰ প্ৰসৱৰ বছৰটোত সংক্ৰমণ হোৱাৰ ভয় বেছি। ২৫ বছৰৰ মহিলাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা ২৫ বছৰতকৈ বেছি বয়সৰ মহিলাতকৈ অধিক। যিহেতু কিশোৰী আৰু যুৱতীসকলৰ জৰায়ু মুখ ভালদৰে পৈনত নহয়, সেইবাবে তেনে মহিলাৰ পি আই ডি ৰ লগত যৌনসংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে।
শ্ৰোণীৰ প্ৰদাহ ৰোগ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Micrograph of salpingitis - a component of pelvic inflammatory disease. H&E stain. | |
আই.চি.ডি.-10 | N70-N77 |
আই.চি.ডি.-9 | 614-616 |
ডিজিজেছ ডে'টাবে'ছ | 9748 |
মেডলাইন প্লাছ | 000888 |
ইমেডিচিন | emerg/410 |
MeSH | D000292 |
লক্ষণ আৰু উপসৰ্গবোৰ
সম্পাদনা কৰকএই ৰোগৰ লক্ষণবোৰ কেতিয়াবা ধৰিবই পৰা নাযায় আৰু কেতিয়াবা খুব সাংঘাতিক ধৰণেৰে দেখা দিয়ে। ক্লামোডিয়াৰ বেক্টেৰিয়াৰ সংক্ৰামিত হ’লে মহিলাসকলৰ কোনো উপসৰ্গই দেখা নিদিয়ে বা অলপ দেখা দিয়ে। কিন্তু অভ্যন্তৰীণ প্ৰজনন অংগবোৰৰ ভয়াবহ ক্ষতি হৈ থাকে। পি আই ডি ত আক্ৰান্ত মহিলাৰ সাধাৰণ এটা উপসৰ্গ হ’ল- তলপেটৰ বিষ। আন উপসৰ্গবোৰৰ ভিতৰত জ্বৰ, অস্বাভাৱিক বেয়া গোন্ধযুক্ত যোনীশ্ৰাৱ, যৌন সংগম কৰাৰ সময়ত কষ্ট পোৱা আৰু অনিয়মীয়া ঋতুস্ৰাৱ।
-
Illustration depicting typical sites for pelvic inflammatory disease
প্ৰতিৰোধ
সম্পাদনা কৰকযিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- আইএনডিজি দল।