অক্কিতম অচ্যুতম নম্বুথিৰী
অক্কিতম অচ্যুতম নম্বুথিৰী (ইংৰাজী: Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত। 'ইৰুপতম নুট্টাদিন্তে ইতিহাসম' (ইং: এপিক অৱ দ্য টুৱেনণ্টিয়েথ চেঞ্চুৰী), 'বলিদৰ্শনম' (ইং: দ্য ভিজন অৱ বলি) আৰু 'নিমিশা ক্ষেত্ৰম' (ইং: হলি ম'মেণ্ট) আদি তেওঁৰ প্ৰসিদ্ধ কামসমূহৰ ভিতৰত অন্যতম।
অক্কিতম অচ্যুতম নম্বুথিৰী | |
---|---|
![]() | |
জন্ম | ১৮ মাৰ্চ, ১৯২৬ কুমাৰানেল্লুৰ, মাদ্ৰাজ প্ৰেছিডেন্সী, ব্ৰিটিছ ইণ্ডিয়া |
মৃত্যু | ১৫ অক্টোবৰ, ২০২০ (৯৪ বছৰ) ত্ৰিচুৰ, কেৰালা, ভাৰত |
ছদ্মনাম | অক্কিতম |
পেচা | কবি, সমাজ কৰ্মী |
ভাষা | মালয়ালম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
আত্মীয়-স্বজন | অক্কিতম নাৰায়ণন, ভাতৃ |
ৱেবছাইট | www |
২০১৯ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে।[1] ইয়াৰ উপৰিও তেওঁ কেৰালা সাহিত্য অকাডেমি বঁটা, সাহিত্য অকাডেমি বঁটা আৰু পদ্মশ্ৰী সম্মানৰ উপৰিও অন্যান্য লেখত ল'ব লগা সম্মান লাভ কৰিছে। ২০২০ চনৰ ১৫ অক্টোবৰ তাৰিখে ত্ৰিচুৰত ৯৪ বছৰ বয়ত তেওঁৰ মৃত্যু হয়।[2]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Poet Akkitham bags Jnanpith award". প্ৰকাশক New Delhi. 29 November 2019. https://english.mathrubhumi.com/books/books-news/poet-akkitham-bags-jnanpith-award-1.4320848.
- ↑ "മഹാകവി അക്കിത്തം അച്യുതന് നമ്പൂതിരി അന്തരിച്ചു" (ml ভাষাত). Mathrubhumi. https://www.mathrubhumi.com/books/news/akkitham-achuthan-namboothiri-passes-away-1.5131993। আহৰণ কৰা হৈছে: 15 October 2020.