অঙ্কুশিতা বড়ো (ইংৰাজী: Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগেই অঙ্কুশিতা বড়ো বিশ্ব যুৱ মহিলা বক্সিঙত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈ পৰিল।

অঙ্কুশিতা বড়ো
পৰিসংখ্যা
উপনাম মুনু
ওজন পৰ্যায় ৱেল্টাৰৱেইট (৬৪ কিগ্ৰা)
জাতীয়তা ভাৰতীয়
জন্ম ৬ অক্টোবৰ, ২০০০ (২৩ বছৰ)
জন্মস্থান শোণিতপুৰ জিলা, অসম, ভাৰত
খেলৰ ধৰণ অৰ্থডক্স

শোণিতপুৰ জিলাৰ ঠেলামৰা অঞ্চলৰ মেঘাই জাৰণি গাঁৱৰ অঙ্কুশিতাৰ পিতৃ ৰাকেশ কুমাৰ আৰু মাতৃ ৰঞ্জিতা বড়ো। অঙ্কুশিতা বৰ্তমান দক্ষিণ গুৱাহাটী জুনিয়ৰ কলেজৰ ছাত্ৰী। ২০১২ চনত প্ৰথম বক্সিং খেলিবলৈ আৰম্ভ কৰা অঙ্কুশিতাই ২০১৫ চনত ৰাজ্যিক বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। পিছত ২০১৭ চনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ বক্সিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।