৬ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৬ অক্টোবৰ (ইংৰাজী: 6 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৯তম (অধিবৰ্ষত ২৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৬টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।
- ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে।
- ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে। প্ৰতিবেদনসমূৰ মতে ১,১০,০০০ জনলৈকে লোক নিহত হৈছিল, যাৰ ফলত ই ১০টা আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত এটা হৈ পৰিছিল।
- ১৯৫৬ - বিজ্ঞানী এলবাৰ্ট চাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকছিন পৰীক্ষাৰ বাবে সাজু; ই সোনকালেই পৃথিৱীৰ বহুঠাইত জোনাছ চালকৰ ভেকছিনক স্থানান্তৰ কৰিব।
- ১৯৮৩ - পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়।
- ১৯৮৭ – ফিজি গণৰাজ্যত পৰিণত হয়।
- ১৯৯৫ – আন্য় এটা সূৰ্যক প্ৰদক্ষিণ কৰা প্ৰথম গ্ৰহ ৫১ পেগাচি বি আৱিষ্কাৰ হয়।
জন্ম
সম্পাদনা কৰক- ১৭৭৩ – লুই ফিলিপ প্ৰথম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৮৫০)
- ১৮৪৬ - জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
- ১৮৮৭ - লী ক'ৰবাজিয়ে, খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক।
- ১৮৯৩ - মেঘনাদ সাহা, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ, তেখেতে 'আয়'নাইজেছন থিয়ৰী' বিকশিত কৰিছিল আৰু নক্ষত্ৰীয় বৰ্ণালীৰ ব্যাখ্যাত ইয়াৰ প্ৰয়োগ কৰিছিল।
- ১৯১৪ - টুৰ হেয়াৰ্ডাল, ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
- ১৯৪৬ - বিনোদ খান্না, বলীউড অভিনেতা আৰু প্ৰযোজক।
- ১৯৫০ - শামা ভাটে, ভাৰতীয় কথক নৃত্যশিল্পী।
- ১৯৬৩ - সঞ্জয় মিশ্ৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
- ১৯৬৬ - শিৰীন শাৰমিন চৌধুৰী, বাংলাদেশী ৰাজনীতিবিদ। বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।
- ১৯৯১ - নিকিতা সিং, ভাৰতীয় লেখক।
মৃত্যু
সম্পাদনা কৰক- ১৯৫১ - অটো ফ্ৰিটজ মেয়াৰহ'ফ, ন'বেল বঁটা বিজয়ী জাৰ্মান-আমেৰিকান চিকিৎসক আৰু জৈৱ ৰসায়নবিদ। (জঃ ১৮৮৪)
- ১৯৮১ - আনৱাৰ সাদাত, ইজিপ্তৰ তৃতীয় ৰাষ্ট্ৰপতি (১৯৭০-৮১), শান্তিৰ ন'বেল বঁটা জয়ী (১৯৭৮), ৬২ বছৰ বয়সত মৌলবাদী সেনা বিষয়াসকলে হত্যা কৰে।
- ২০০৭ - লক্ষ্মী মল সিংভি, আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ।
- ২০০৭ - বাবাচাহেব ভোচালে, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্ট্ৰৰ অষ্টম মুখ্যমন্ত্ৰী (জঃ ১৯২১)
- ২০১২ - বি সত্য নাৰায়ণ ৰেড্ডী, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগৰ ৰাজ্যপাল আছিল।
- ২০১৪ - মৰিয়ন ছেল্ডেছ, আমেৰিকান অভিনেত্ৰী।
- ২০২১ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
ছুটী আৰু দিৱস
সম্পাদনা কৰক- বিশ্ব মহাকাশ সপ্তাহৰ তৃতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
- শিক্ষক দিৱস (শ্ৰীলংকা)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৬ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2006-11-06 at the Wayback Machine
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা