অচিন্ত্য শিউলি

ভাৰতীয় ভাৰোত্তোলক

অচিন্ত্য শিউলি (ইংৰাজী: Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।[2] আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।[3] বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত তেওঁ ৩১৩ কিলোগ্ৰামৰ খেলৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰে।[4][5]

অচিন্ত্য শিউলি
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৪ নৱেম্বৰ, ২০০১ (২৩ বছৰ)
দেউলপুৰ, পশ্চিম বংগ, ভাৰত[1]
ক্ৰীড়া
ক্ৰীড়া ভাৰোত্তোলন
শিতান ৭৩ কেজি

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

হাওৰা জিলাৰ পাঞ্চলাৰ দেউলপুৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত শিউলিৰ জন্ম হৈছিল।[6] ২০১৩ চনৰ এপ্ৰিল মাহত দেউতাক প্ৰতীক শিউলিৰ মৃত্যু হয়। দেউলপুৰ হাইস্কুলৰ পৰা শিউলিয়ে হাইস্কুলীয়া শিক্ষা সাং কৰে। শিউলিয়ে হাৰিয়ানাৰ যুৱ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি তৃতীয় স্থান দখল কৰে। তেওঁৰ ককায়েক আলোক শিউলিয়ে অচিন্ত্যৰ ক্ৰীড়া কেৰিয়াৰক আগবাঢ়ি যোৱাত সমৰ্থন কৰে।[7] শিউলিয়ে ২০১৩ চনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৫০কিলোগ্ৰাম শাখাত জয়লাভ কৰে আৰু ২০১৪ চনত আৰ্মি স্প'ৰ্টছ ইনষ্টিটিউট, পুনেত প্ৰৱেশ কৰাৰ সুযোগ পায়।[8][9]

  1. "Lifter Achinta mulls state switch". The Telegraph India. https://www.telegraphindia.com/sports/lifter-achinta-sheuli-mulls-west-bengal-switch/cid/1742404. 
  2. Sarangi, Y. B. (26 May 2021). "Achinta Sheuli wins silver at World Junior Weightlifting Championships" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/achinta-sheuli-wins-silver-at-world-junior-weightlifting-championships/article34651415.ece. 
  3. "Achinta Sheuli stitches a new life on the weightlifting platform" (en ভাষাত). The Indian Express. 6 September 2019. https://indianexpress.com/article/sports/sport-others/sheuli-stitches-a-new-life-on-the-weightlifting-platform-5970361/. 
  4. "Birmingham 2022 Results" (en ভাষাত). results.birmingham2022.com. https://results.birmingham2022.com/। আহৰণ কৰা হৈছে: 2022-08-01. 
  5. Selvaraj, Jonathan (1 August 2022). "Achinta Sheuli wins gold in 73kg weightlifting in Commonwealth Games 2022" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/commonwealth-games/know-your-athlete/achinta-sheuli-wins-cwg-weightlifting-gold-73kg-howrah-west-bengal-birmingham-2022-commonwealth-games/article65708814.ece. 
  6. "The family was running on 500 rupees, earned by my mother! Achinta said after winning the gold" (en-US ভাষাত). The Hindustan Gazette. 2022-08-01. https://thehindustangazette.com/latest-news/the-family-was-running-on-500-rupees-earned-by-my-mother-achinta-said-after-winning-the-gold-10688। আহৰণ কৰা হৈছে: 2022-08-01. 
  7. "Meet Achinta Sheuli, Kolkata weightlifter who smashed CWG record to win GOLD" (en ভাষাত). Zee News. https://zeenews.india.com/photos/sports/meet-achinta-sheuli-kolkata-weightlifter-who-smashed-commonwealth-games-record-to-win-gold-in-pics-2491748। আহৰণ কৰা হৈছে: 2022-08-01. 
  8. সৰকাৰ, সন্দীপ (2022-08-01). "Exclusive: বাবাৰ শেষকৃত্য কৰেছিলেন ধাৰ কৰে, ধান বয়ে মিলত ঘুগনি-ডিম, হাওড়াৰ অচিন্ত্যৰ ৰূপকথা" (bn ভাষাত). bengali.abplive.com. https://bengali.abplive.com/sports/commonwealth-games-2022-exclusive-howrah-weightlifter-achintya-sheuli-wins-gold-know-his-unknown-story-908017। আহৰণ কৰা হৈছে: 2022-08-01. 
  9. "Underweight once, Achinta Sheuli does heavy lifting to extend India’s golden run at Commonwealth Games weightlifting" (en ভাষাত). The Indian Express. 2022-08-01. https://indianexpress.com/article/sports/commonwealth-games/underweight-once-achinta-sheuli-does-heavy-lifting-to-extend-indias-golden-run-at-commonwealth-games-weightlifting-8062876/। আহৰণ কৰা হৈছে: 2022-08-01.