অঞ্জলী ভৰদ্বাজ

ভাৰতীয় সমাজকৰ্মী

অঞ্জলী ভৰদ্বাজ (ইংৰাজী: Anjali Bhardwaj, জন্ম-১৯৭৩) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী৷ তেখেতে স্বচ্ছতা আৰু দায়বদ্ধতা-জড়িত সামাজিক বিষয়সমূহত মাত মাতি আহিছে৷ অঞ্জলী ভৰদ্বাজ নাগৰিকৰ তথ্যৰ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ (NCPRI) সহ-আহ্বায়ক৷ [1] আনহাতে সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য৷[2] ইয়াৰোপৰি তথ্যৰ অধিকাৰ, লোকপাল, অভিযোগ নিষ্পত্তিকৰণ, খাদ্যৰ অধিকাৰ আদি বিষয়ৰ লগত তেখেত জড়িত৷ ২০২১ চনত আমেৰিকাৰ ৰাজ্যিক বিভাগে তেখেতক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিনিবাৰক চেম্পিয়ন বঁটাৰে সন্মানীত কৰিছে৷ [3]

অঞ্জলী ভৰদ্বাজ
Anjali Bhardwaj

NCPRIৰ এখন সংবাদ মেলত অঞ্জলী ভৰদ্বাজ
জন্ম ১৯৭৩
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
পেচা
  • সমাজকৰ্মী
  • নাগৰিকৰ তথ্যৰ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ সহ-আহ্বায়ক (NCPRI)
  • সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য
জনা যায় তথ্যৰ অধিকাৰ আন্দোলন
বঁটা, সন্মান, পুৰস্কাৰ আদি আন্তৰাষ্ট্ৰীয় দুৰ্নীতিনিবাৰক চেম্পিয়ন বঁটাৰে সন্মানীত (আমেৰিকাৰ ৰাজ্যিক বিভাগ)

শিক্ষা সম্পাদনা কৰক

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ লেডী শ্ৰীৰাম কলেজৰ পৰা ভাৰদ্বাজে কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ইয়াৰ পিছত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ দিল্লী স্কুল অৱ ইক'নমিকছৰ পৰাও তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ [4]

কৰ্ম সম্পাদনা কৰক

১৯৯৯ চনৰ পৰাই অঞ্জলী ভৰদ্বাজ ভাৰতৰ তথ্য অধিকাৰ আন্দোলনৰ লগত জড়িত হৈ আছে৷ দায়বদ্ধতা আৰু স্বচ্ছতাৰ বিষয়ত তেখেত অতি সৰৱ৷[5] তেখেত "এনচিপিআৰআই"ৰ সহ-আহ্বায়ক৷ তেখেতৰ দীৰ্ঘম্যাদী প্ৰয়াসৰ দুটামান পৰিণতি হৈছে ২০০৫ চনৰ তথ্যৰ অধিকাৰ আইনৰ প্ৰৱৰ্তন, ২০১১ চনৰ হুইছল ব্লোৱাৰ্ছ প্ৰতিৰক্ষা আইন, ২০১১[6]২০১৩ চনৰ লোকপাল আৰু লোকায়ুক্ত আইন,[7] আৰু অভিযোগ নিষ্পত্তিকৰণৰ বিধেয়ক৷ [8]

অঞ্জলী ভৰদ্বাজ সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য৷ [9] ২০০৩ চনত স্থাপিত হোৱা বিশেষ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰি ভাৰত চৰকাৰৰ দায়বদ্ধতাজনিত বিষয়সমূহ উন্নততৰ কৰাত গুৰুত্ব দিয়ে৷[10] সংগঠনে প্ৰস্তুত কৰা বিধায়কসকলৰ প্ৰদৰ্শনভিত্তিক ৰিপ'ষ্ট কাৰ্ড মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰা হয়৷

অঞ্জলী ভৰদ্বাজে আৰটিআই মূল্যাংকন আৰু ওকালতি গোট (RAAG)ৰ লগতো জড়িত৷ ২০০৮ চনত প্ৰতিষ্ঠিত হোৱা এই গোটটোৱে আৰটিআই আইনৰ কাৰ্যকৰীতা সন্দৰ্ভত সমকালীন মূল্যাংকন কৰে৷[11]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিবিৰোধী চেম্পিয়ন বঁটা, আমেৰিকাৰ ৰাজ্যিক বিভাগৰ পৰা৷ বিশ্বৰ বাৰগৰাকী দুৰ্নীতিবিৰোধী চেম্পিয়নৰ মাজত এগৰাকী৷[12]
  • নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়বদ্ধতা, স্বচ্ছতা আৰু দায়িত্বশীলতা সুনিশ্চিত কৰাৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে সামাজিক উদ্যোগীৰ অশ্বোকা ফেল'শ্বিপ, ২০০৯ চনত[13]
  • চৰকাৰী স্বচ্ছতা আৰু দায়বদ্ধতা প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে অ'নাৰ ৰ'ল সন্মান, লেডি শ্ৰী ৰাম কলেজৰ পৰা, ২০১১ চনত৷ [14]

মিডিয়া সম্পাদনা কৰক

স্বচ্ছতা আৰু দায়বদ্ধতাৰ বিষয়সমূহত অঞ্জলী ভৰদ্বাজে ব্যাপকভাৱে লিখা-মেলা কৰে৷ তেনেধৰণৰ কিছু বিষয় হৈছে:

  • ২০১২-১৩ চনৰ সময়ছোৱাত আৰটিআই আমোলৰ ৰাজহুৱা নিৰীক্ষণ[15]
  • লোকপাল সংশোধন– Indian Express[16]
  • হুইছল ব্লোৱাৰ প্ৰতিৰক্ষা আইন – Indian Express[17]
  • দুৰ্নীতি নিবাৰক আইন-– The Hindu[18]
  • লোকপাল আইন– EPW[19]
  • লোকপাল বিল – Economic Times[20]
  • আৰটিআই আইনৰ প্ৰস্তাৱিত সংশোধন– Outlook magazine[21]
  • তথ্য আয়োগৰ প্ৰদৰ্শন– The Deccan Herald[22]
  • আৰটিআই আইন– Outlook Magazine[23]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "NCPRI  » Structure". righttoinformation.info. Archived from the original on 2016-10-12. https://web.archive.org/web/20161012084745/http://righttoinformation.info/about-us/structure/। আহৰণ কৰা হৈছে: 2016-10-11. 
  2. Anuja (2013-11-01). "Satark Nagrik Sangathan | Know whom you are voting for". Livemint. http://www.livemint.com/Leisure/ZD6paEkvE5g6HAjRuDHjjO/Satark-Nagrik-Sangathan--Know-whom-you-are-voting-for.html. 
  3. https://scroll.in/latest/987865/rti-activist-anjali-bhardwaj-gets-us-anti-corruption-award
  4. "The Telegraph — Calcutta: Jobs". www.telegraphindia.com. http://www.telegraphindia.com/1061114/asp/jobs/story_6995451.asp। আহৰণ কৰা হৈছে: 2016-10-11. 
  5. Bhardwaj, Anjali (23 June 2020). "Transparency during a crisis". https://www.thehindu.com/opinion/op-ed/transparency-during-a-crisis/article31892527.ece. 
  6. "Whistleblowers' Bill Likely to Face Rough Weather in Rajya Sabha". NDTV.com. http://www.ndtv.com/india-news/whistleblowers-bill-likely-to-face-rough-weather-in-rajya-sabha-763452. 
  7. Bhatnagar, Gaurav Vivek. "Lokpal Amendment Diluting Act's Purpose, says Anjali Bhardwaj". thewire.in. http://thewire.in/58528/lokpal-and-lokayuktas-amendment-act/। আহৰণ কৰা হৈছে: 2016-10-11. 
  8. "Citizens Charter: She was denied pension for years". Governance Now. 2016-08-01. http://www.governancenow.com/news/regular-story/citizens-charter-she-was-denied-pension-years. 
  9. "Satark Nagrik Sangathan". www.snsindia.org. http://www.snsindia.org। আহৰণ কৰা হৈছে: 2016-10-11. 
  10. Vidani, Peter. "Case Study #11: Satark Nagrik Sangathan’s Report Cards for Elected Representatives". Opening Parliament Blog. http://blog.openingparliament.org/post/87692678973/case-study-11-satark-nagrik-sangathans-report। আহৰণ কৰা হৈছে: 2016-10-11. 
  11. "Speaker: Thomson Reuters South Asia Risk Summit 2016". Reuters. Archived from the original on 15 December 2017. https://web.archive.org/web/20171215085137/http://info.risk.thomsonreuters.com/2016-South-Asia-Risk-Summit-Speaker?elqTrackId=3f97ea98255c45fba3034e76619d1b75&elq=00000000000000000000000000000000&elqaid=7075&elqat=2&elqCampaignId=। আহৰণ কৰা হৈছে: 12 October 2016. 
  12. "Recognizing Anticorruption Champions Around the World | US Department of State". https://www.state.gov/dipnote-u-s-department-of-state-official-blog/recognizing-anticorruption-champions-around-the-world/। আহৰণ কৰা হৈছে: 2021-02-25. 
  13. "Anjali Bharadwaj | Ashoka - India". india.ashoka.org. Archived from the original on 2016-09-20. https://web.archive.org/web/20160920001047/http://india.ashoka.org/fellow/anjali-bharadwaj। আহৰণ কৰা হৈছে: 2016-10-11. 
  14. "Lady Shri Ram College". lsr.edu.in. Archived from the original on 2017-05-18. https://web.archive.org/web/20170518213824/http://lsr.edu.in/lsr-distinguished_alumna.asp। আহৰণ কৰা হৈছে: 2016-10-11. 
  15. "RaaG — CES RTI study 2011 - 13" (en-IN ভাষাত). RTI Assessment and Advocacy group. Archived from the original on 2017-04-24. https://web.archive.org/web/20170424085259/http://www.rti-assessment.com/raag---ces--rti-study-2011-13.html। আহৰণ কৰা হৈছে: 2016-10-11. 
  16. "Betrayal In The House". The Indian Express. 2016-08-04. http://indianexpress.com/article/opinion/columns/lokpal-bill-lokpal-act-government-centre-bjp-government-congress-parliament-lok-sabha-rajya-sabha-leader-of-opposition-opposition-parties-mps-member-of-parliament-opposition-mps-2952257/. 
  17. "Whistleblowing in the time of Vyapam". The Indian Express. 2015-08-13. http://indianexpress.com/article/opinion/columns/whistleblowing-in-the-time-of-vyapam/. 
  18. Bhardwaj, Anjali; Johri, Amrita (2016-05-06). "How not to fight corruption" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/opinion/op-ed/how-not-to-fight-corruption/article8561772.ece. 
  19. "The Lokpal Act of 2014". Economic and Political Weekly খণ্ড 49 (5). 2015-06-05. http://www.epw.in/journal/2014/5/commentary/lokpal-act-2014.html. 
  20. "The proposed Jan Lokpal is all too powerful: Anjali Bhardwaj, A member of the working committee of the National Campaign for Peoples' Right to Information - The Economic Times". The Economic Times. http://economictimes.indiatimes.com/policy/the-proposed-jan-lokpal-is-all-too-powerful-anjali-bhardwaj-a-member-of-the-working-committee-of-the-national-campaign-for-peoples-right-to-information/articleshow/9987886.cms. 
  21. "Let's All Come To The Party". Outlook India. http://www.outlookindia.com/magazine/story/lets-all-come-to-the-party/287768. 
  22. "Tardy working of info panels". Deccan Herald. http://www.deccanherald.com/content/491469/tardy-working-info-panels.html। আহৰণ কৰা হৈছে: 2016-10-11. 
  23. "R Stands For...". Outlook India. http://www.outlookindia.com/magazine/story/r-stands-for/293775.