অনন্ত কলিতা

ভাৰতীয় অৰ্থনীতিবিদ, স্তম্ভ লেখক

অনন্ত কলিতা (ইংৰাজী: Ananta Kalita) হৈছে অসম, ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, স্তম্ভ লেখক, নিবন্ধকাৰ, বাঁওপন্থী নেতা, আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ভূতপূৰ্ব সঞ্চালক ৷ [1][2][3] ডাক আৰু তাঁৰ সেৱাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ষ্টেট বেংক অৱ ইণ্ডিয়াত যোগদান কৰা অনন্ত কলিতাই অৰ্থনীতি আৰু সামাজিক বিষয়ত একাধিক নিবন্ধ লিখি অসমৰ অ-কাহিনীমূলক সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াইছে। ৰাজনৈতিক দল চিপিআই(এম)ৰ সংস্পৰ্শলৈ অহা কলিতাই অসমৰ অন্ধবিশ্বাস-বিৰোধী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল। [4]

অনন্ত কলিতা
Ananta Kalita

অনন্ত কলিতা
জন্ম ৩০ জুলাই, ১৯৪৭
বৰভাগ,নলবাৰী, অসম
মৃত্যু ২৭ আগষ্ট, ২০২৩
গুৱাহাটী, অসম
পেচা
  • বেংক বিষয়া
  • অৰ্থনীতিবিদ
  • নিবন্ধকাৰ
  • লেখক
উল্লেখনীয় কৰ্মৰাজি
  • ষ্টেট বেংকৰ কৰ্মচাৰী আন্দোলনৰ লগত জড়িত
  • ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাৰ লগত জড়িত
  • সমকালীন অৰ্থনীতি:বিকল্প অন্বেষণৰ লেখক

কৰ্মজীৱন সম্পাদনা কৰক

অনন্ত কলিতাই জন্ম লাভ কৰিছিল অসমৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কমাৰকুচিত ৷ আনুষ্ঠানিক শিক্ষা শেষ কৰি কলিতাই ডাক আৰু তাঁৰ সেৱাত যোগদান কৰে৷ [4]১৯৭২ চনত উক্ত পদ ত্যাগ কৰি তেখেতে ষ্টেট বেংক অৱ ইণ্ডিয়াত নতুন কৰ্মজীৱনৰ পাতনি মেলে৷ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেখেত বেংকটোৰ কৰ্মচাৰী সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল৷ ১৯৮৯ চনৰ পৰা ২০০৮ চন পৰ্যন্ত তেখেতে সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে৷ ষ্টেট বেংকৰ কৰ্মচাৰী আন্দোলনৰ লগত তেখেত এইদৰেই জড়িত হৈছিল৷ [1]

ষ্টেট বেংকৰ লগত জড়িত হৈ থকাৰ সময়ছোৱাত তেখেতে ভিতৰুৱা একাধিক অঞ্চলত বেংকৰ শাখা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ কৰ্মচাৰীৰ বাবে কো-অপাৰেটিভ ছ'ছাইটি বা সমবায় সমাজ খোলাতো কলিতাই আগভাগ লৈছিল৷ [4]

২০০১ চনত তেখেতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সঞ্চালক পদ লাভ কৰে আৰু পৰৱৰ্তী আঠটা বছৰ অৰ্থাৎ ২০০৮ চনলৈকে তেখেত উক্ত পদত কৰ্মৰত হৈ থাকে৷ তেখেত ৰাজনীতিৰ প্ৰতিও আকৰ্ষিত হৈছিল আৰু ১৯৬৮ চনত তেখেতে চিপিআই(এম)ৰ লগত সংযুক্ত হয়৷ [5][1][3]তেখেত চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য আছিল৷ [6]

অনন্ত কলিতা ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাৰ লগত জড়িত হৈছিল।[4][5]

লেখক জীৱন সম্পাদনা কৰক

এগৰাকী লেখক হিচাপে অনন্ত কলিতাই অসমীয়া অ-কাহিনীমূলক সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে ৷ ১৯৭৩ চনতে[3] তেখেতে নতুন পৃথিৱীৰ পাতত লেখক জীৱন আৰম্ভ কৰে৷ অৰ্থনীতিৰ লগত জড়িত হৈ থকা হেতুকে তেখেতে সাধাৰণ পাঠকৰ উপযোগী হোৱাকৈ অৰ্থনীতি-সম্পৰ্কীয় একাধিক প্ৰবন্ধ-নিবন্ধ লিখিছিল৷ ২০০৮ চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেত অসমীয়া কাকত-আলোচনীত নিয়মীয়াকৈ অৰ্থনীতি আৰু সামাজিক বিষয়ত লেখা-মেলা আৰম্ভ কৰে৷ অনন্ত কলিতা নতুন সাহিত্য পৰিষদৰ সভাপতি হৈছিল৷ পৰিষদৰ কলগাছিয়াৰ অধিৱেশনত তেখেতে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷[5] তেখেতৰ দ্বাৰা লিখিত দুখনমান গ্ৰন্থ হৈছে:

  • সমকালীন অৰ্থনীতি:বিকল্প অন্বেষণ,
  • অসম আৰু অসমৰ জাতীয় সমস্যা,
  • নব্য উদাৰ অৰ্থনীতি আৰু বিকল্প,
  • বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা আদি৷ [1]

মৃত্যু সম্পাদনা কৰক

২০২৩ চনৰ ২৭ আগষ্ট তাৰিখে ৭৬ বছৰ বয়সত অনন্ত কলিতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ তেখেত ৰক্তজনিত কৰ্কট ৰোগত[6][4] আক্ৰান্ত হৈ আছিল৷ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন হয়৷[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Former director of State Bank of India Ananta Kalita passes away". Sentinal. 28th Aug 2023. https://www.sentinelassam.com/guwahati-city/former-director-of-state-bank-of-india-ananta-kalita-passes-away-664550। আহৰণ কৰা হৈছে: 28 August 2023. 
  2. "বিশিষ্ট লেখক-অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান". news 18. AUGUST 27, 2023. https://assam.news18.com/news/assam/renowned-assamese-writer-economist-ananta-kalita-passes-away-at-the-age-of-76-raju-baruah-subham-g-323677.html। আহৰণ কৰা হৈছে: 28 August 2023. 
  3. 3.0 3.1 3.2 3.3 "অসংখ্য গুণমুগ্ধক কন্দুৱাই অজান পথেৰে গ'লগৈ নিবন্ধকাৰ অনন্ত কলিতা". ETV Bharat. প্ৰকাশক Guwahati. ২৭ আগষ্ট, ২০২৩. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/columnist-ananta-kalita-passes-away-at-76/assam20230827131243499499188। আহৰণ কৰা হৈছে: 28 August 2023. 
  4. 4.0 4.1 4.2 4.3 4.4 "অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ". প্ৰতিদিন. প্ৰকাশক Guwahati. ২৭ আগষ্ট ২০২৩. https://www.asomiyapratidin.in/assam/cpim-expresses-grief-over-the-death-of-ananta-kalita। আহৰণ কৰা হৈছে: 28 August 2023. 
  5. 5.0 5.1 5.2 "বিশিষ্ট নিবন্ধকাৰ-এছবিআইৰ প্ৰাক্তন সঞ্চালক অনন্ত কলিতাৰ বিয়োগ". নিয়মীয়া বাৰ্তা. প্ৰকাশক গুৱাহাটী. ২৮ আগষ্ট ২০২৩. পৃষ্ঠা ১, ১৩. Archived from the original on 28 August 2023. https://web.archive.org/web/20230828093107/https://niyomiyabarta.com/epaper/28082023/details.php?date=28082023&page=1-13&article=3.gif&cid=3। আহৰণ কৰা হৈছে: 28 August 2023. 
  6. 6.0 6.1 "প্ৰগতিশীল লেখক, মাৰ্ক্সবাদী নেতা অনন্ত কলিতাৰ দেহাৱসান". দৈনিক জনমভূমি. প্ৰকাশক Guwahati. ২৮ আগষ্ট ২০২৩. পৃষ্ঠা ১, ১৫. https://dainikjanambhumi.co.in/28082023/details.php?date=14-05-2014&page=1-15&article=3.jpg&cid=28664। আহৰণ কৰা হৈছে: 28 August 2023.