ইলোৰা বিজ্ঞান মঞ্চ

অলাভজনক বেচৰকাৰী সংস্থা

ইলোৰা বিজ্ঞান মঞ্চ (ইংৰাজী: Ellora Vigyan Mancha) অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা।[2][3] ২০০৪ চনৰ ১৫ মে' তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য।[4]

ইলোৰা বিজ্ঞান মঞ্চ
চমু  নাম EVM
প্ৰতিষ্ঠা ১৫ মে' ২০০৪
(১৯ বছৰ আগত)
 (2004-05-15)
উদ্দেশ্য
  • বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া
  • স্বাস্থ্য সজাগতাৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰা
  • ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগ(সমূহ)দান, মৃত্যুৰ পিছত গোটেই শৰীৰ দান ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে উৎসাহিত কৰা।
  • নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা।[1]
প্ৰধান  কাৰ্যালয় গুৱাহাটী, অসম
ভুক্তি অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক (AIPSN)
ৱেবছাইট www.elloravigyan.in

ইতিহাস সম্পাদনা কৰক

 
ইলোৰা ৰায়চৌধুৰী

মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল।[5][6][7][8][9][10] অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে' তাৰিখে দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।[11] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুয়ে অসমত এক নতুন আন্দোলনৰ সূচনা কৰে। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অৰ্থাৎ ২০০৪ চনৰ ১৫ মে' তাৰিখে গুৱাহাটীৰ অসম বস্ত্ৰ প্ৰতিষ্ঠানত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা এখন ৰাজহুৱা সভাত ইলোৰা বিজ্ঞান মঞ্চয়ে আনুষ্ঠানিকভাৱে অস্তিত্ব লাভ কৰে। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়।[12][13][14]

সংগঠন সম্পাদনা কৰক

সমগ্ৰ অসমত ইলোৰা বিজ্ঞান মঞ্চৰ ৪৪টা শাখা আছে।[15] তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, নগাঁও, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, গোৱালপাৰা, বৰপেটা, দৰং, বঙাইগাঁও আদি জিলাৰ শাখাসমূহ বিশেষভাৱে সক্ৰিয়।

মৰুণোত্তৰভাবে দেহদান কৰা বিশিষ্ট ব্যক্তিসকল সম্পাদনা কৰক

ইলোৰা বিজ্ঞান মঞ্চয়ে দেহদান, অংগদান, স্বাস্থ্য সজাগতা আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে সজাগতাৰ বাবে কৰি আহিছে।[16][11][17][18][19][20] তেওঁলোকৰ প্ৰচেষ্টাত ২০২২ চনৰ আগষ্ট মাহলৈকে মুঠ ১৫৮টা মৃতদেহ ইতিমধ্যে অসমৰ বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ দান কৰা হৈছে।

বিশিষ্ট ইতিহাসবিদ অমলেন্দু গুহ,[21][22] সাহিত্য অকাডেমি বঁটা বিজয়ী পূৰবী বৰমুদৈ,[23] অভিনেত্ৰী মীৰা বিশ্বাস,[24] প্ৰাক্তন বিধায়ক বিপিন হাজৰিকা,[25] নিজামুদ্দিন খান, বিশিষ্ট সাহিত্যিক অনিমা গুহ,[26] বিশিষ্ট অসমীয়া কবি আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী শুচিব্ৰতা ৰায়চৌধুৰী, সাহিত্যিক তোষপ্ৰভা কলিতা আদিয়ে গৱেষণাৰ বাবে মৰুণোত্তৰভাবে নিজৰ দেহদান কৰিছে।[27]

ইলোৰা বিজ্ঞান মঞ্চই অংগ আৰু শৰীৰ দাতালৈ (মৃত্যুৰ পিছত) সহায় আগবঢ়ায় আৰু গৌহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ লগত সমন্বয়ক হিচাপে কাম কৰে।[28] এই মহাবিদ্যালয়সমূহত বৈজ্ঞানিক গৱেষণাৰ বাবে দান কৰা শৰীৰ ইলোৰা বিজ্ঞান মঞ্চয়ে পঠিওৱাৰ ব্যৱস্থা কৰে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০১৮ চনৰ ১ মে' তাৰিখে হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী দিৱস উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চক সাদিন-প্ৰতিদিন গোষ্ঠীয়ে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটাৰে সন্মানিত কৰে।[29][30] ২০২২ চনৰ মে’ মাহত ভৱপ্ৰসাদ চলিহা ন্যাসে সংস্থাটোক সন্মানীয় মানৱতা বঁটা প্ৰদান কৰে। এইবোৰৰ বাহিৰেও সমগ্ৰ অসমতে ৰক্তদান অভিযানৰ আয়োজন কৰাৰ বাবে সংস্থাটোৱে অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ পৰা প্ৰশংসা বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।[31]

প্ৰকাশন সম্পাদনা কৰক

ইলোৰা বিজ্ঞান মঞ্চই ২০১৬ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অধিৱেশনৰ পৰা নিয়মীয়াকৈ ত্ৰিমাসিক আলোচনী ‘সমীক্ষণ' প্ৰকাশ কৰি আহিছে। তদুপৰি স্বাস্থ্য আৰু অন্ধবিশ্বাস, জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান আদি বিষয়ৰ পুস্তিকা ই সময়ে সময়ে প্ৰকাশ কৰি আহিছে। হেমচন্দ্ৰ বৰুৱাৰ দুখন গ্ৰন্থ আৰু প্ৰাচীন ভাৰতীয় বিজ্ঞান অনূদিত গ্ৰন্থ ইলোৰা বিজ্ঞান মঞ্চয়ে প্ৰকাশ কৰিছে।[32]

দিৱস সম্পাদনা কৰক

  • ১৫ মে' - প্ৰতিষ্ঠা দিৱস
  • ২০ আগষ্ট- ৰাষ্ট্ৰীয় বৈজ্ঞানিক ভাৱধাৰা দিৱস (ড° নৰেন্দ্ৰ দভোলকৰ শ্বহীদ দিৱস)
  • ১০ ডিচেম্বৰ- অন্ধবিশ্বাস বিৰোধী দিৱস (হেমচন্দ্ৰ বৰুৱাৰ জন্ম বাৰ্ষিকী)

তথ্য উৎস সম্পাদনা কৰক

  1. COPEMAN, Jacob; REDDY, Deepa S. (2012). "The didactic death". HAU: Journal of Ethnographic Theory খণ্ড 2 (2): 59–83. doi:10.14318/hau2.2.005. ISSN 2575-1433. http://dx.doi.org/10.14318/hau2.2.005. 
  2. Karmakar, Rahul (2 November 2008). "Guwahati lines up to donate blood" (en ভাষাত). Hindustan Times (Hindustan Times). https://www.hindustantimes.com/india/guwahati-lines-up-to-donate-blood/story-KsdKN1yfc97p1fpIO4b9BK.html. 
  3. "Social Activists Allege: Superstition Was Behind the Dokmoka Lynching" (en ভাষাত). NewsClick (NewsClick). 12 June 2018. https://www.newsclick.in/social-activists-allege-superstition-was-behind-dokmoka-lynching. 
  4. How to Donate Body For Medical Research,The Sentinel, 31 December 2018
  5. "A life less ordinary ends with noble gesture", The Telegraph,15 May,2003,Guwahati
  6. Body donor's family carries out last wish, Telegraph, 17 February 2005.
  7. GMCH leads by Ellora example, The telegraph, 18 October, 2003
  8. সাক্ষাৎকাৰ : ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ
  9. মৰোণোত্তৰ দেহদান
  10. First Muslim body donor in Assam, The Hindu, 18 May, 2011.
  11. 11.0 11.1 Talukdar, Sushanta (17 May 2011). "First Muslim body donor in Assam" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/other-states/first-muslim-body-donor-in-assam/article2023902.ece. 
  12. Desk, Sentinel Digital (17 May 2020). "17th foundation day of Ellora Vigyan Mancha (EVM) observed at Doomdooma - Sentinelassam" (en ভাষাত). The Sentinel (Guwahati). https://www.sentinelassam.com/north-east-india-news/assam-news/17th-foundation-day-of-ellora-vigyan-mancha-evm-observed-at-doomdooma-477305. 
  13. "Body donor's family carries out last wish". The Telegraph (India)]]. 17 February 2005. https://www.telegraphindia.com/north-east/body-donor-s-family-carries-out-last-wish/cid/680324. 
  14. "A life less ordinary ends with noble gesture". The Telegraph (India). 15 May 2003. https://www.telegraphindia.com/north-east/a-life-less-ordinary-ends-with-noble-gesture/cid/824570. 
  15. "Ellora Vigyan Mancha foundation day tomorrow". https://www.pressreader.com/india/the-assam-tribune/20220514/281629603868429। আহৰণ কৰা হৈছে: 2022-08-20. 
  16. News, TNN (29 August 2013). "NGO calls for strong act against superstition in state | Guwahati News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/guwahati/ngo-calls-for-strong-act-against-superstition-in-state/articleshow/22134557.cms. 
  17. Desk, Sentinel Digital (31 December 2018). "How to Donate Body For Medical Research - Sentinelassam" (en ভাষাত). The Sentinel (Guwahati). https://www.sentinelassam.com/top-headlines/how-to-donate-body-for-medical-research/. 
  18. Staff REPORTER (15 September 2010). "Ellora Vigyan Mancha reiterates aim to create scientific awareness" (en ভাষাত). https://assamtribune.com/ellora-vigyan-mancha-reiterates-aim-to-create-scientific-awareness. 
  19. Bairwa, Kiran (9 November 2021). "तंत्र-मंत्र ज्योतिष और विज्ञान पर संगोष्ठी का आयोजन" (hi ভাষাত). Rajasthan Patrika. Archived from the original on 22 January 2022. https://web.archive.org/web/20220122152151/https://dailynews360.patrika.com/assam/seminar-organized-on-tantra-mantra-astrology-and-science-92146.html. 
  20. Kapoor, Divya (13 July 2019). "Impotency Myth, Witch-hunting: Encephalitis is Just One of Many Battles Assam is Fighting" (en ভাষাত). News18 (News18). https://www.news18.com/news/india/impotency-myth-witch-hunting-encephalitis-is-just-one-of-the-many-problems-assam-is-struggling-with-2228749.html. 
  21. Kashyap, Samudra Gupta (8 May 2015). "Amalendu Guha one of the first to join campaign to pledge bodies for medical research" (en ভাষাত). The Indian Express (The Indian Express). https://indianexpress.com/article/india/india-others/amalendu-guha-one-of-the-first-to-join-campaign-to-pledge-bodies-for-medical-research/. 
  22. Hussain, Bonojit; Chetia, Mayur (2015). "Remembering a People's Historian: Amalendu Guha (1924–2015)". Social Scientist খণ্ড 43 (5/6): 117–123. ISSN 0970-0293. https://www.jstor.org/stable/24642351. 
  23. "Assam novelist Purabi Bormudoi dies at 69". The Telegraph (India). 15 July 2019. https://www.telegraphindia.com/north-east/assam-novelist-purabi-bormudoi-dies-at-69/cid/1694548. 
  24. Devi, Mousumi (7 January 2021). "Renowned Assamese actor Meera Biswas's body donated to GMCH". EastMojo (EastMojo). https://www.eastmojo.com/news/2021/01/07/renowned-assamese-actor-meera-biswass-body-donated-to-gmch/. 
  25. News, Ne Now (4 December 2017). "Veteran communist and former MLA Bipin Hazarika passes away". NORTHEAST NOW (NORTHEAST NOW). https://nenow.in/north-east-news/assam/veteran-communist-and-former-mla-bipin-hazarika-passes-away.html. 
  26. "Historian Amalendu Guha dies, body donated to medical college" (en ভাষাত). The Indian Express. 2015-05-08. https://indianexpress.com/article/india/india-others/historian-amalendu-guha-dies-body-donated-to-medical-college/। আহৰণ কৰা হৈছে: 2022-08-20. 
  27. Copeman, Jacob; Reddy, Deepa S. (1 September 2012). "The didactic death: Publicity, instruction, and body donation". HAU: Journal of Ethnographic Theory খণ্ড 2 (2): 59–83. doi:10.14318/hau2.2.005. ISSN 2575-1433. https://www.journals.uchicago.edu/doi/full/10.14318/hau2.2.005। আহৰণ কৰা হৈছে: 7 May 2022. 
  28. "Donor". Ellora Vigyan Mancha. Archived from the original on 9 January 2022. https://web.archive.org/web/20220109034605/http://elloravigyan.in/donor.html। আহৰণ কৰা হৈছে: 7 May 2022. 
  29. NEWS, NE NOW (2018-05-01). "Bronze statue of Hemchandra Barua unveiled in Gauhati University campus" (en-US ভাষাত). NORTHEAST NOW. http://nenow.in/north-east-news/bronze-statue-of-hemchandra-barua-unveiled-in-gauhati-university-campus.html। আহৰণ কৰা হৈছে: 2022-08-20. 
  30. Bureau, Pratidin. "Bronze statue of Assamese literature legend Hemchandra Baruah unveiled at Gauhati University" (en ভাষাত). Pratidin Time. https://www.pratidintime.com/pratidin-exclusive/bronze-statue-of-assamese-literature-legend-hemchandra-baruah-unveiled-at-gauhati-university। আহৰণ কৰা হৈছে: 2022-08-20. 
  31. "Ellora Vigyan Mancha NGO in Guwahati ASSAM Address Contact details". www.indiangoslist.com. https://www.indiangoslist.com/ngo-address/-ellora-vigyan-mancha-in-guwahati-assam_AS-2019-0245465। আহৰণ কৰা হৈছে: 2022-08-20. 
  32. "about". www.elloravigyan.in. Archived from the original on 2023-03-21. https://web.archive.org/web/20230321163730/http://elloravigyan.in/about.html। আহৰণ কৰা হৈছে: 2022-08-20. 

বাহ্যিক সংযোগ সম্পাদনা কৰক