প্ৰাচীন আৰু ঐতিহাসিক অনন্ত থান, বৰ্তমান ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দক্ষিণ প্ৰান্তৰ গোহাঁই চাপৰিত অৱস্থিত। স্থানীয় লোকৰ মুখে মুখে ইয়াৰ নাম অনন্ত আশ্ৰম বুলিও জনা যায়।

অনন্ত থান
অনন্ত আশ্ৰম
—  মন্দিৰ  —
অনন্ত আশ্ৰমৰ চৌহদ আৰু মূল গৃহ.jpgঅনন্ত আশ্ৰমৰ মূল গৃহ আৰু চৌহদ
ভৌগোলিক স্থানাংক: 27°22′08″N 94°26′14″E / 27.368934°N 94.437111°E / 27.368934; 94.437111
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধেমাজি জিলা
অঞ্চল বৰদলনিৰ গোহাঁই চাপৰি গাঁও
প্ৰতিষ্ঠাপক শংকৰদেৱৰ শিষ্য অনন্ত কন্দলি
উপাসনা পন্থা বৈষ্ণৱ
স্থাপন ১৮২১

ইতিহাস সম্পাদনা কৰক

শংকৰদেৱৰ শিষ্য অনন্ত কন্দলিয়ে এই ঠাইত ধৰ্মীয় ঐতিহাসিক থান স্থাপন কৰিছিল। অনন্ত কন্দলিৰ নামেৰেই এই থানৰ নাম অনন্ত থান হয় বুলি ভৱা হয়।[1]

স্থাপত্য সম্পাদনা কৰক

অনন্ত থানৰ মূল থানখন পূৰ্বে  নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক অনন্ত কন্দলিয়ে স্থাপন কৰিছিল বাবে প্ৰথম অৱস্থাত বাঁহ-বেতেৰেই নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰিব পাৰি। বৰ্তমান আধুনিক ধৰণেৰে ভক্তসকলৰ দান বৰঙণিৰে আধুনিক পকী নামঘৰৰ আৰ্হিত গঢ় দিয়া হৈছে।

মণিকূট আৰু কীৰ্ত্তন ঘৰ বৰ্তমান পকী কৰা হৈছে। মণিকূটত পকী গুৰু আসন এখনৰ অৱস্থিতি আছে।

বাটচ'ৰাতে এখন পকী তোৰণ আছে। বাটচ'ৰাৰপৰা মূল থানলৈ দূৰত্ব প্ৰায় ১০০ মিটাৰ। এই থানৰ কাষতে এটা শিৱ মন্দিৰ আছে। থানৰ ওচৰতে এটা পুৰণি পুখুৰীৰ অৱস্থিতি দেখা যায়।

বিবিধ পৰম্পৰা সম্পাদনা কৰক

প্ৰতি দেওবাৰে গাওঁৰ বয়োজ্যেষ্ঠ সকলৰ দ্বাৰা ভাগৱত পাঠ কৰা হয়।দূৰ দূৰণিৰ পৰা বিশ্বাসী লোকসকলে আশিস বিচাৰি এই স্থানলৈ অহা দেখা যায়। বছেৰকীয়া কৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত, ভাওনা, জন্মাষ্টমী, শিৱৰাত্ৰি (কাষৰ শিৱ মন্দিৰত) আদি পালন কৰা হয়। [2]

আলোকচিত্ৰ ভঁ‌ৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. শৰ্মা, ভাস্কৰ ‍(সম্পাদক). লখিমপুৰ : ঐতিহ্য আৰু সংস্কৃতি. ইতিহাস বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত). পৃষ্ঠা. 32. ISBN 9788193353684. 
  2. শৰ্মা, ভাস্কৰ ‍(সম্পাদক). লখিমপুৰ : ঐতিহ্য আৰু সংস্কৃতি. ইতিহাস বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত). পৃষ্ঠা. 32. ISBN 9788193353684.