অনাতাঁৰ প্ৰযুক্তি
অনাতাঁৰ বা ৰেডিঅ' (ইংৰাজী: Radio) হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম।[1][2][3] অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। অনাতাঁৰ যন্ত্ৰ ঊনবিংশ শতাব্দীৰ শেষৰ ফালে অনেক দেশৰ কেইবাজনো বিজ্ঞানীয়ে প্ৰায় একে সময়ে অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰ কৰিলেও গোলিয়েলমো মাৰ্কনিক অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰক হিচাবে গণ্য কৰা হয়। পূৰ্বে কেৱল অনাতাঁৰ যন্ত্ৰতে অনাতাঁৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল যদিও এতিয়া প্ৰায় সকলোতে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। ৰেডিঅ', দূৰদৰ্শন, মোবাইল ফোন, ইত্যাদিসহ তাঁৰবিহীন যিকোনো যোগাযোগৰ মূলনীতিয়েই হ'ল অনাতাঁৰ প্ৰযুক্তি। অনাতাঁৰ প্ৰযুক্তিৰ তৰঙ্গ মহাকাশ পৰ্যবেক্ষণতো ব্যবহৃত হয়। ইয়াৰ বাবে অনাতাঁৰ দূৰবীক্ষণ যন্ত্ৰ বা ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰা হয়। ই হল বহুল ব্যৱহৃত আধুনিক প্ৰযুক্তি, অনাতাঁৰ যোগাযোগ, ৰাডাৰ, অনাতাঁৰ দিকদৰ্শন, ৰিমট কণ্ট্ৰল, আৰু অন্যান্য বহুতো সজুঁলিত অনাতাঁৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।
প্ৰকাৰসম্পাদনা কৰক
অনাতাঁৰ যন্ত্ৰ সাধাৰণতে দুই প্ৰকাৰৰ:
- স্থিৰ অনাতাঁৰ যন্ত্ৰ: যিবোৰ অনাতাঁৰ যন্ত্ৰ কোন নিৰ্দিষ্ট স্থানত ৰাখি বা কোনো নিৰ্দিষ্ট বস্তুৰ ওপৰত ৰাখি যোগাযোগ সম্পন্ন কৰা হয়, তাকে স্থিৰ অনাতাঁৰ যন্ত্ৰ বোলে।
- ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ: এনেবোৰ অনাতাঁৰ যন্ত্ৰৰ ওজন কম হয়, বহনযোগ্য আৰু হাতে হাতে লৈ কথা পাতিব পৰা যায়, এনেবোৰ অনাতাঁৰ যন্ত্ৰক ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ বোলে।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Radio". Oxford Living Dictionaries. Oxford University Press. 2019. https://en.oxforddictionaries.com/definition/radio। আহৰণ কৰা হৈছে: 26 February 2019.
- ↑ "Definition of radio". Encyclopedia. PCMagazine website, Ziff-Davis. 2018. https://www.pcmag.com/encyclopedia/term/50130/radio। আহৰণ কৰা হৈছে: 26 February 2019.
- ↑ Ellingson, Steven W. (2016). Radio Systems Engineering. Cambridge University Press. পৃষ্ঠা. 1–4. ISBN 978-1316785164. https://books.google.com/books?id=QMKSDQAAQBAJ&pg=PA1.