অনিল বৰা এগৰাকী ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ এগৰাকী ছহিদ আছিল৷ জাতীয়তাবাদী ভাৱধাৰাৰে তেওঁ কম বয়সতে ভাষা ৰক্ষা আন্দোলনত যোগ দি প্ৰাণ আহুতি দিবলগীয়া হৈছিল৷ অনিল বৰা সম্পৰ্কে আমাৰ প্ৰতিনিধিত ভূপেন হাজৰিকাই লিখিছিল, “শ্বহীদ অনিল বৰা পলাশনিৰ সবাতোকৈ ৰঙা পলাশ ফুল এপাহ আছিল,- যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে, - ক’তা, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ কোনোবা বাতৰি কাকতে কোৱাৰ দৰে “ডকাইত’’তো নেদেখিলোঁ-- পলাশনি গাঁৱত৷’’[1]

অনিল বৰা
জন্ম পলাশনি গাও, নগাঁও জিলা
মৃত্যু হোজাই, নগাঁও জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় অসমৰ মাধ্যম আন্দোলনৰ ছহিদ

অনিল বৰাৰ জন্ম হয়, নগাঁৱ চহৰৰ পৰা নাতিদূৰৈৰ পলাশনি নামৰ গাঁৱত৷ পিতৃৰ নাম আছিল, চন্দ্ৰ চৰণ বৰা আৰু মাতৃৰ নাম মাণিকী বৰা৷ ১৯৫১ চনৰ ২ অক্টোবৰ দেওবাৰে মধ্যৰাতি অনিল বৰাৰ জন্ম হয়৷ তেওঁৰ মাক-দেউতাক দুয়ো প্ৰাইমাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আছিল৷ দেউতাক চন্দ্ৰ চৰণ বৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছিল৷ অনিল বৰাৰ পিতৃয়ে ছাত্ৰৱস্থাৰ পৰাই মহাত্মা গান্ধীৰ অনুগামী হৈ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী হৈছিল আৰু সুদীৰ্ঘ তিনিবছৰ কাৰাবৰণ কৰিছিল৷ [2][3]

১৯৫৬ চনত অনিল বৰাই কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৬০ চনত সেই বিদ্যালয়ৰ পৰাই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে৷ তাৰপিছত তেওঁ কৰৈয়নী হাইস্কুলত ১৯৬৪ চনলৈ পঢ়ি পিছত নগাঁও চৰকাৰী বালক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰপৰাই বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি, নগাঁও মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানত অনাৰ্ছ লৈ স্নাতক মহলাত নামভৰ্তি কৰে৷[4] মহাবিদ্যালয়ত প্ৰৱেশ কৰিয়েই ১৯৭১-৭২ বৰ্ষৰ বাবে তেওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়৷ খেলা-ধূলা, সংগীত-নাটক আদিত অনিল বৰাৰ ৰাপ আছিল৷[5]

আন্দোলনত অংশগ্ৰহণ

সম্পাদনা কৰক

গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ মাধ্যম সম্পৰ্কে ১২-০৬-৭২ ত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে সেইবছৰৰ পৰাই প্ৰাক-বিশ্ববিদ্যালয় খলপাত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম ৰূপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু এই সিদ্ধান্তৰ বিৰোধীতা কৰি হোজাই মহাবিদ্যালয়ৰ বঙালী ছাত্ৰসমাজে প্ৰতিবাদ কৰে আৰু অধ্যক্ষক ঘেৰাও কৰি ৰাখে৷ পিছত ৰাতি ১১ বজাত পুলিচ আহি অধ্যক্ষ সমন্বিতে বাকী লোকসকলক উদ্ধাৰ কৰে৷ তাৰপিছত ৰাতিয়েই ছাত্ৰসকলে এটা সমদল উলিয়ায় আৰু ধৰ্মঘট কৰাৰ সিদ্ধান্ত লয়৷ সেইসময়ত অনিল বৰা নগাঁও মহাবিদ্যালয়ত আছিল আৰু তাৰপৰাই আন কেইগৰাকীমান সতীৰ্থক লৈ হোজাইলৈ যায় আৰু হোজাইৰ বাঙালী ছাত্ৰনেতা পৰিতোষ পাল চৌধুৰীকে আদি কৰি নেতৃস্থানীয় লোকক সাক্ষাৎ কৰি অসমীয়া মাধ্যমৰ সপক্ষে কয়৷ এই কথাত তাত অনিল বৰাৰ লগত বাদ-বিবাদ হয়৷

৭ অক্টোবৰৰ পৰা সন্ধানহীন হোৱা নগাওঁ কলেজৰ সম্পাদক অনিল বৰাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল হোজাইৰ নন্দালালপুৰৰ ডিমৰু নদীৰ পাৰত। নিৰুদ্দেশ হোৱাৰ সম্পূৰ্ণ ১০ দিনৰ অন্তত ১৭ অক্টোবৰত তেওঁৰ দেহ মুণ্ডহীন ভাৱে উদ্ধাৰ হৈছিল ডিমৰুৰ পাৰত। পিছলৈ উদ্ধাৰ নহ'ল অনিল বৰাৰ সেই ছিন্নমুণ্ড৷[6]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. আমাৰ প্ৰতিনিধি, ড° ভূপেন হাজৰিকা, ত্ৰয়োদশ বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী, ১৯৭৩
  2. শ্বহীদ অনিল বৰা, প্ৰীতিৰেখা বৰা, ৰামধেনু, দৈনিক অসম, শনিবাৰ, ২৩ নৱেম্বৰ, ২০১৯
  3. বাসত্তৰৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰা, ৰূপৰাম সুত, পৃ:নং; ১০, নগাঁও, ১৯৮৬
  4. শ্বহীদ অনিল বৰা, প্ৰীতিৰেখা বৰা, ৰামধেনু, দৈনিক অসম, শনিবাৰ, ২৩ নৱেম্বৰ, ২০১৯
  5. অসমীয়া জীৱনী অভিধান, শিৱনাথ বৰ্মন, পৃ:নং; ৫, প্ৰকাশক অনন্ত হাজৰিকা, বনলতা, ২০১৮
  6. "ভাষাৰ হকে প্ৰাণ দিয়া..". https://www.asomiyapratidin.in/homepage/anil-boras-death-anniversary। আহৰণ কৰা হৈছে: 2 October 2024.