মাধ্যম আন্দোলন (অসম)

ৰাজনৈতিক আন্দোলন

মাধ্যম আন্দোলন বা উচ্চশিক্ষাৰ মাধ্যম আন্দোলন (ইংৰাজী: Medium movement) ১৯৭২ৰ জুন মাহৰ পৰা ১৯৭৩ৰ জানুৱাৰীলৈ অসমত সংঘটিত হোৱা এক ভাষিক আন্দোলন। অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়া ভাষাকে উচ্চশিক্ষাৰ একমাত্ৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবীত চলা এই আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, গুঃবিঃ স্নাতকোত্তৰ ছাত্ৰসন্থা আৰু গুঃবিঃ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই। ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মধ্যস্থতাত এই আন্দোলনৰ সফল পৰিসমাপ্তি ঘটে।

মাধ্যম আন্দোলন (অসম)
উচ্চশিক্ষাৰ মাধ্যম একমাত্ৰ অসমীয়া হোৱাৰ দাবী-ৰ অংশ
Anil bora.jpg
আছুৰ সহ-সম্পাদক অনিল বৰাই ছাত্ৰসকলৰ সন্মুখত ভাষণ দিছে
তাৰিখ জুন ১৯৭২-জানুৱাৰী ১৯৭৩
স্থান
কাৰণ উচ্চশিক্ষাৰ মাধ্যম একমাত্ৰ অসমীয়া হোৱাৰ দাবীত
ফল বঙালী ভাষাক উচ্চশিক্ষাৰ মাধ্যম কৰাৰ উদ্দেশ্যে বৰাকত নতুন বিশ্ববিদ্যালয় স্থাপন কৰাৰ অসম বিধানসভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ
পদ্ধতি প্ৰতিবাদ, হিংসাত্মক ঘটনা
হতাহত
নিহত ৩০ৰো অধিক

ঘটনাপ্ৰবাহসম্পাদনা কৰক

১৯৪৮-৪৯ চনতে বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে ত্ৰি-ভাষা নীতিৰ বাবে প্ৰথম পৰামৰ্শ আগবঢ়াইছিল। ১৯৬৪-৬৬ চনত শৈক্ষিক পৰিষদে সংশোধিত আৰু পৰিবৰ্দ্ধিত ত্ৰি-ভাষাৰ পৰামৰ্শ প্ৰদান কৰে।[1] কিছু বিতৰ্কৰ অন্তত ১৯৬৮ চনত ভাৰতীয় সংসদত মূল ত্ৰি-ভাষা সূত্ৰ গৃহীত হয়।[2] অন্যান্য ৰাজ্যবোৰৰ লগত অসমতো ত্ৰি-ভাষা সূত্ৰ কাৰ্যকৰী কৰা হয়। অনা-হিন্দীভাষী ৰাজ্যবোৰৰ ক্ষেত্ৰত এই ত্ৰি-ভাষাত অন্তৰ্ভুক্ত হৈছিল- সংশ্লিষ্ট ৰাজ্যখনৰ মূল আঞ্চলিক ভাষাটোৰ লগতে হিন্দী আৰু ইংৰাজী।[3]

উচ্চশিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ত্ৰি-ভাষা সূত্ৰ গ্ৰহণ কৰে যদিও ১৯৭২ চনৰ ৬ জুনত গুৱাহাটী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে সিদ্ধান্ত লয় যে শিক্ষাৰ মাধ্যম ইংৰাজী আৰু অসমীয়াই থাকিব, কিন্তু প্ৰশ্নকাকততৰ উত্তৰ এই দুটা ভাষাৰ উপৰিও বঙালীতো লিখিব পাৰিব। কিন্তু গুঃবিঃ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ বিৰোধত ১২ জুনত শৈক্ষিক পৰিষদে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।[4][5]

অসম চৰকাৰে গুঃবিঃ শৈক্ষিক পৰিষদৰ ১২ জুনৰ সিদ্ধান্তটো ভাল নাপালে। এই সিদ্ধান্তৰ বিৰুদ্ধে বৰাক আৰু আনকি ব্ৰহ্মপুত্ৰ উপত্যাকাৰো বঙালীভাষী লোকসকল সংগঠিত হবলৈ আৰম্ভ কৰিছিল। ১৩ ছেপ্তেম্বৰত অসম বিধান সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাই উচ্চশিক্ষাৰ মাধ্যম হ’ব, কিন্তু বৰাকৰ বাবে এখন সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। চৰকাৰৰ এই প্ৰস্তাৱৰ আঁৰৰ উদ্দেশ্য আছিল বৰাকত বঙালী ভাষাক উচ্চশিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰা।[6] অসম বিধান সভাত গৃহীত প্ৰস্তাৱৰ বিৰোধত আছুৱে ৫ অক্টোবৰত অসম বন্ধৰ আহ্বান জনায়৷ ব্ৰহ্মপুত্ৰ উপত্যাকাত বন্ধ সৰ্বাত্মক ৰূপত পালন হয়।[7]

হিংসাত্মক ঘটনাসম্পাদনা কৰক

খাৰুপেটীয়াৰ কিছু হিন্দু বঙালীভাষী ব্যৱসায়ীয়ে বন্ধ পালন নকৰাৰ খবৰ পোৱাত মঙলদৈৰ পৰা এটা চেমনীয়া স্বেচ্ছাসেৱকৰ দলে এখন খোলা ট্ৰাকত উঠি খাৰুপেটীয়ালৈ যাত্ৰা কৰে। ছাত্ৰৰ দলটো গৈ পোৱাৰ পিছত তাত পূৰ্বৰে পৰা সস্তম হৈ থকা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ-শস্ত্ৰ, শিল-ইটাৰে আক্ৰমণ কৰাত স্বেচ্ছাসেৱকৰ দলটো চেদেলি-ভেদেলি হৈ পৰে। মোজাম্মিল হক নামৰ এজন অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ গুৰুতৰ ভাবে আহত হোৱাত তেওঁক হাস্পাতালত ভৰ্তি কৰোঁৱা হয়। পিছদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ মৃত্যু হয়।[8]

ইফালে হোজাইত বন্ধ পালনৰ ব্যৱস্থা কৰিবলৈ যাওঁতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অনিল বৰাক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে। মৃত্যুৰ তিনি-চাৰিদিন পিছত হোজাইৰ নীলবাগান অঞ্চলত পুতি থোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।[9]

সমাধানসম্পাদনা কৰক

আন্দোলনটোত মোজাম্মিল হক, অনিল বৰা আৰু নৰেন মহন্ত- তিনিজনকৈ লোক শ্বহীদ হোৱাৰ উপৰিও সমগ্ৰ অসমতে সাম্প্ৰদায়িক হিংসাত ত্ৰিশজনৰো অধিক লোকৰ প্ৰাণহানি হয়। চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’লে যদিও সাম্প্ৰদায়িক হিংসা থমকি ৰোৱাৰ উমঘাম দেখা নগ’ল। সেয়েহে অসম চৰকাৰ আছুৰ সৈতে আলোচনা কৰিবলৈ তৎপৰ হৈ পৰে। কিন্তু আছুৰ পৰা জনাই দিয়া হয় যে আলোচনা কৰিবলৈ একো নাই; মাথো ২৩ ছেপ্তেম্বৰত বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলেই হ’ল। শেহত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মধ্যস্থতা কৰিবলৈ আগবাঢ়ি আহিল।[10]

১০ জানুৱাৰী ১৯৭৩ৰ দিনা শ্বিলঙৰ ৰাজভৱনত আছুৰ এটা ৮জনীয়া প্ৰতিনিধি দলৰ সৈতে ইন্দিৰা গান্ধীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল। আছুৰ প্ৰতিনিধি দলটোত আছিল- সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰী, অমৰেন্দ্ৰ শৰ্মা, সুশান্তধৰ ৰাজখোৱা, কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু আন চাৰিজন। গান্ধীয়ে আছুৰ দাবী মানি লোৱাৰ আশ্বাস দিলে।[10]

পিছদিনা ১১ জানুৱাৰীত চৰকাৰী প্ৰেছ টোকাত ঘোষণা কৰা হয় যে ২৩ ছেপ্তেম্বৰত অসম বিধান সভাই লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হ’ব। সেই বছৰৰে মাৰ্চ মাহত অনুষ্ঠিত হোৱা বাজেট অধিবেশনত বিধান সভাত উক্ত প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয়।[10]

সময়ৰেখাসম্পাদনা কৰক

  • ৬ জুন ১৯৭২: গুঃবিঃ শৈক্ষিক পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰে যে পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ অসমীয়া আৰু ইংৰাজীৰ লগতে বঙালীতো লিখিব পাৰিব।
  • ১২ জুন ১৯৭২: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত ৬ জুনত গ্ৰহণ কৰা গুঃবিঃ শৈক্ষিক পৰিষদৰ সিদ্ধান্ত প্ৰত্যাহাৰ
  • ২৩ ছেপ্তেম্বৰ ১৯৭২: অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে বৰাকত এখন নতুন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব।
  • ২৯ ছেপ্তেম্বৰ ১৯৭২: সদৌ অসম ছাত্ৰ সন্থাই প্ৰস্তাৱ লয় যে অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত একমাত্ৰ অসমীয়াই উচ্চশিক্ষাৰ মাধ্যম হব লাগিব।
  • ৫ অক্টোবৰ ১৯৭২: অসম চৰকাৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে আছুৰ বন্ধ ঘোষণা।
  • ৬ অক্টোবৰ ১৯৭২: খাৰুপেটীয়াত বন্ধ বলবৎ কৰিবলৈ গৈ বঙালীভাষী লোকৰ হাতত আহত হোৱা মোজাম্মিল হকগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু।
  • ৭ অক্টোবৰ ১৯৭২: অচিনাক্ত দুৰ্বৃত্তৰ হাতত অনিল বৰাৰ মৃত্যু।
  • ১০ জানুৱাৰী ১৯৭৩: শ্বিলঙত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আছুৰ এটা ৮জনীয়া দলৰ সৈতে বৈঠক।
  • ১১ জানুৱাৰী ১৯৭৩: চৰকাৰী প্ৰেছ টোকাত ঘোষণা কৰা হয় যে ২৩ ছেপ্তেম্বৰত অসম বিধান সভাই লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হ’ব।
  • মাৰ্চ ১৯৭৩: বিধান সভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই পূৰ্বৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ দিয়ে আৰু ই সৰ্ব-সন্মতিক্ৰমে গৃহীত হয়।

তথ্যউৎসসম্পাদনা কৰক

  1. "Report of the University Education Commission (December 1948 – August 1949) Volume I". Ministry of Education, Government of India. 1962. পৃষ্ঠা: 280. http://www.academics-india.com/Radhakrishnan%20Commission%20Report%20of%201948-49.pdf। আহৰণ কৰা হৈছে: 16 May 2016. "Every boy and girl must obviously know the regional language, at the same time he should be acquainted with the Federal language, and should acquire the ability to read books in English." 
  2. Weinstein, Brian (1990). Language Policy and Political Development. Greenwood Publishing Group. পৃষ্ঠা. 95. ISBN 0-89391-611-0. https://books.google.com/books?id=yrxjUJcgkHUC&q=graduated+three-language+formula&pg=PA95। আহৰণ কৰা হৈছে: 16 May 2016. 
  3. Krishna Gopal Bhatyacharya (15 August 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ -- অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education। আহৰণ কৰা হৈছে: 5 November 2021. 
  4. Krishna Gopal Bhatyacharya (29 August 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ২ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_2। আহৰণ কৰা হৈছে: 7 November 2021. 
  5. Krishna Gopal Bhatyacharya (29 August 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৩ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_3। আহৰণ কৰা হৈছে: 7 November 2021. 
  6. Krishna Gopal Bhatyacharya (15 September 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৫ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_5। আহৰণ কৰা হৈছে: 5 November 2021. 
  7. Krishna Gopal Bhatyacharya (19 September 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৬ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_6। আহৰণ কৰা হৈছে: 5 November 2021. 
  8. "জাতীয় শ্বহীদ মোজাম্মিল হকক আমি পাহৰিলোঁ নেকি?". Janambhumi E-paper. 6 October 2016. https://janambhumi.in/VFdwUk5FNW5QVDA9/জাতীয়-শ্বহীদ-মোজাম্মিল-হকক-আমি-পাহৰিলোঁ-নেকি%7C%7C%7C%7C.html। আহৰণ কৰা হৈছে: 5 November 2021. 
  9. Krishna Gopal Bhatyacharya (26 September 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৭ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_7। আহৰণ কৰা হৈছে: 7 November 2021. 
  10. 10.0 10.1 10.2 Krishna Gopal Bhatyacharya (19 October 2021). "উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ১০ অসমীয়া জাতীয়তাবাদৰ উকমুকনি". pratyahban.in. https://pratyahban.in/higher_education_10। আহৰণ কৰা হৈছে: 7 November 2021.