অনিৰুদ্ধদেৱ

(অনিৰুদ্ধ দেৱৰ পৰা পুনঃনিৰ্দেশিত)

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক।

জীৱনী সম্পাদনা কৰক

অনিৰুদ্ধদেৱৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰনাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দকুৱা গাঁৱৰ বিষ্ণু বালিকুচিত ১৫৫৩ খ্ৰীষ্টাব্দৰ ব’হাগ মাহৰ শুক্লা দশমী তিথিত। অনিৰুদ্ধদেৱৰ চৰিত পুথি আৰু তেওঁৰ দ্বাৰা ৰচিত চতুৰ্থ স্কন্ধ ভাগৱতৰ ২৬৬-২৭১ পদত উল্লিখিত আত্ম-পৰিচয় অনুসৰি তেওঁৰ উপৰিপুৰুষসকল যদুবংশ জাত শশবিন্দু নৃপৰ পুত্ৰ ভগদত্ত, ভগদত্তৰ পুত্ৰ ৰামবৰ আৰু হৰিবৰ। হৰিবৰ নেপাল দেশৰ শাসনকৰ্তা আছিল। [1] তেওঁৰ পিতৃৰ নাম গোন্দাগিৰি ভূঞা আৰু মাতৃৰ নাম আজলী।[2] আজলী শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েক আছিল। গোন্দাগিৰি লখিমপুৰ, বিহপুৰ (বৰ্তমানৰ বিহপুৰীয়া), নাৰায়ণপুৰ, ধলপুৰ আৰু কলংপুৰ- এই পঞ্চপুৰৰ শাসনাধিপতি আছিল। [3] শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা ৰচিত ভাগৱত শাস্ত্ৰ গ্ৰন্থৰ পুৰঞ্জন উপাখ্যান আৰু পঞ্চম স্কন্ধ ভাগৱতৰ ২৯২-২৯৭ পদত এই অঞ্চলৰ বিৱৰণ পোৱা যায়। [4] [5] পাঁচজন ককাই-ভাইৰ মাজত মধ্যম অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম আছিল হৰকণ্ঠ গিৰি। তেৰাৰ পঞ্চভাতৃসকলৰ জেষ্ঠ ডবানকা বা মোহন মুৰাৰীয়ে পুৰুষোত্তম ঠাকুুুৰৰ ওচৰত শৰণ লয় পৰৱৰ্তীসময়ত বেঙেনাআটী সত্ৰ পাতে। দ্বিতীয়জনা ভাতৃ নেপালদেশৰ শাসনকৰ্ত্তা হয়। তৃতীয় আৰু চতুুু্ৰ্থজনাই গৃৃহতে মনোনিৱেশ কৰে।

কালজাৰ সত্ৰলৈ গৈ হৰকণ্ঠই মহাপুুৰুষ গোপালদেৱৰ(ভৱানীপুৰীয়া)শিষ্যত্ব গ্ৰহন কৰে। গোপালদেৱ আতাই তেখেতক অনিৰুদ্ধ নাম দিয়ে।মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱে পৰৱৰ্তীকালত তেৰাক উজনিত ধৰ্মপ্ৰচাৰৰ হেতু ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰাই আজ্ঞা কৰিছিল"মধুমতী মায়াৰ শিৰত চৰি তুমি।প্ৰচাৰিবা ধৰ্ম মায়ামৰা সত্ৰ পাতি।" গুৰু আজ্ঞানুসাৰে ১৬০১চনত তেৰাই ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। প্ৰথমে তেওঁ নিজৰ গাঁৱলৈ উভতি গৈ শ্ৰী শ্ৰীবিষ্ণু বালিকুঞ্চি সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তীকালত ১৬০৬ চনত মৰনৈৰ দাঁতিত নাহৰআটী সত্ৰ প্ৰতিষ্ঠা কৰে আৰু প্ৰয়াণৰ সময় পৰ্যন্ত তেৰাই উক্ত সত্ৰতে জীৱণকাল অতিবাহিত কৰে। মুঠ ২৫ বছৰ কাল ধৰ্মপ্ৰচাৰ কৰাৰ পিছত ১৫৪৮ শক (১৬২৩ খ্ৰীষ্টাব্দ) অনিৰুদ্ধদেৱৰ মহা প্ৰয়াণ হয়।[2] তেওঁৰ পাৰ্থিৱ দেহৰ সৎকাৰ এই সত্ৰতে কৰা হয় বাবে নাহৰআটী সত্ৰ কালসংহতিৰ সেৱকসমস্তৰ বাবে পূণ্যস্থান৷[2]

চৰিত পুথি অনুসৰি অনিৰুদ্ধদেৱৰ পৰিচয় সম্পাদনা কৰক

গোপালদেৱ চৰিত পুথিত অনিৰুদ্ধদেৱৰ পৰিচয় এইদৰে দিয়া আছে: [3]

শুনা আবো বাপ অনিৰুদ্ধৰ চৰিত।
সিসৱ কথাক আৱে কৰিবো বিদিত॥
বৰদলৈ নামে ভূঞা নাৰায়ণপুৰৰ।
তান পঞ্চ সন্ততি ভৈলন্ত মনোহৰ॥
পঞ্চ যে গ্ৰামৰ অধিকাৰী হৈয়াছিল।
শেষ কালে পঞ্চকো বিভাগ কৰিছিল॥
বাপ অনিৰুদ্ধে বোলে মোক নলাগয়।
সাধু সংগে লৈবো মই বুলিলা নিশ্চয়॥

উল্লেখযোগ্য অৱদান সম্পাদনা কৰক

অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তন কৰিছিল। ভাগৱতৰ ৫ম স্কন্ধ আৰু ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান অংশৰ পদ ভাঙনি কৰিছিল। লগতে ৬টি ভটিমা আৰু ১৮২টা গীত ৰচনা কৰিছিল। তেখেতৰ প্ৰণীত ন-ঘোষা বা ভক্তিমঙ্গল ঘোষাত ৮০৫টি ঘোষা সংকলিত কৰা আছে। ইয়াৰোপৰি এখন তত্বমূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বুলি কথিত।[6]

চিত্ৰ-বীথিকা সম্পাদনা কৰক

তথ্য সমল সম্পাদনা কৰক

  1. মাণিক চন্দ্ৰ গগৈ (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ১৮-২১. 
  2. 2.0 2.1 2.2 ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিন্টাৰ্ছ, গুৱাহাটী
  3. 3.0 3.1 ড° বীৰেন্দ্ৰ কুমাৰ গোঁহাই (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ৩-১০. 
  4. পৰেশ দত্ত (১৯৯৮). কল্পতৰু. প্ৰকাশক দকুৱা, ধলপুৰ, লখিমপুৰ: নামনি উত্তৰ লক্ষীমপুৰ মইনা পাৰিজাতৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ প্ৰকাশন সমিতি. পৃষ্ঠা. ক-ছ. 
  5. চিদানন্দ গোস্বামী. শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চৰিত্ৰ আৰু মায়ামৰা সত্ৰৰ বংশাৱলী. প্ৰকাশক তিনিচুকীয়া. 
  6. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী