শ্ৰীমন্ত শংকৰদেৱ

অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, সুৰকাৰ, গীতিকাৰ, বাদক, নৰ্তক, অভিনেতা, কবি, চিত্ৰ

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[2] সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধবদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷[3]তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল।[1][2] অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।[2]তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ [4]সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷[5]

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অংকন কৰা মহাপুৰুষজনাৰ কল্পিত চিত্ৰ
জন্ম ১৪৪৯[1]
বৰদোৱা, নগাঁও, অসম, ভাৰত
মৃত্যু ১৫৬৮[1]
মধুপুৰ সত্ৰ, ভেলাদংগা, কোচবিহাৰ, ভাৰত
উপাধি/সন্মান মহাপুৰুষ, জগতগুৰু
প্ৰতিষ্ঠাপক এক শৰণ নাম ধৰ্ম
দৰ্শন বৈষ্ণৱ ধৰ্ম
সাহিত্যিক কৰ্ম কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাট
উল্লেখযোগ্য শিষ্য(সকল) মাধৱদেৱ


পূৰ্বপুৰুষ আৰু জন্মসম্পাদনা কৰক

খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ অনুৰোধমৰ্মে কমতা ৰাজ্যলৈ সাতঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ মানুহ পঠিয়াইছিল। তাৰ ভিতৰত সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ আছিল৷ ব্ৰাহ্মণ কেইজনৰ নাম আছিল ক্ৰমে, কৃষ্ণপণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম আৰু মথুৰা৷ কায়স্থ কেইজন আছিল, চণ্ডীবৰ, শ্ৰীধৰ, হৰি, শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ আৰু সদানন্দ৷[6] [7]দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থ সাতঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল। ৰজা দুৰ্লভনাৰায়ণে তেওঁক 'শিৰোমণি ভূঞা' উপাধি দি[8] হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল।[9] কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাবৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। তেওঁৰ বংশতে বৰ্তমানৰ বৰদোৱাৰ অলিপুখুৰীত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়।[1][9][10] শঙ্কৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে৷ কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি : বাৰ বৃহস্পতিবাৰ : তিথি পূৰ্ণিমা : শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ : তেৰশ একসতৰি শকত)[11] আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শঙ্কৰদেৱৰ জন্ম হয়৷[12] ৰামচৰণ ঠাকুৰে লিখিছে,

“আশ্বিন প্ৰৱেশি পাঞ্চদিন বহি গৈল৷
সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল৷
শুকুলা দশমী আসি ভৈল শুক্ৰবাৰে৷.......

[13]

চৰিতকাৰ দৈত্যাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আৰু ভূষণ দ্বিজই চন তাৰিখৰ উল্লেখ নকৰাকৈ মাত্ৰ জন্ম মাহৰ উল্লেখ কৰিছে৷[14] “বাঁহী’’ত প্ৰকাশিত এটি মত, “ ১৩৭১ শকৰ কাৰ্তিক সংক্ৰান্তিৰ অমাৱস্যা তিথিৰ বৃহস্পতিবাৰে মাজনিশা শঙ্কৰদেৱৰ জন্ম হয়’’৷[15] এই সকলোবোৰ মত মিলালে শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ কাতি নাইবা আহিনৰ নাইবা ফাগুণৰ বৃহস্পতিবাৰে মাজনিশা বুলি মানিব পাৰি৷[16] শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী[17]

শংকৰদেৱৰ বংশ বৃত্তান্ত
চণ্ডীবৰ
সন্ধ্যা
ৰজাধৰা
দেবাহুতি
খেৰসূতী
সূৰ্যবৰ
জয়ন্ত
হলয়োদ্ধ (?)
মাধৱ
সত্যসন্ধ্যা
কুসুম্বৰ ভূঞা
অনুধৃতি
শতনন্দ
সূৰ্যৱতী
শংকৰদেৱ
কালিন্দী
হলধৰ
ৰামৰায়
হৰি
মনু
ৰামানন্দ
কমললোচন
হৰিচৰণ
কমলাপ্ৰিয়া
চিলাৰায়
পুৰুষোত্তম
চতুৰ্ভূজ


বাল্যকাল আৰু শিক্ষা-দীক্ষাসম্পাদনা কৰক

শঙ্কৰদেৱৰ প্ৰায় সাত বছৰ বয়সতে সৰু আই ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়।[18] আনহাতে মাকৰ মৃত্যু হয়তো শংকৰৰ জন্মৰ পিছতে বা কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত হোৱা বুলি জনা যায়।[19] কথা গুৰু চৰিতৰ মতে, সত্যসন্ধা আই স্বামী কুসুম্বৰৰ সৈতে সতীদাহ হৈ অনুগামী হৈছিল।[20][21] সৰু হৈ থাকোঁতেই পিতৃ মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰে।[9] সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। লগ সমনীয়া শিশুসকলৰ সৈতে ধেমালি কৰি কাল কটাওঁতে শংকৰদেৱৰ শৈশৱ পাৰ হৈছিল। তেওঁৰ বাল্যবন্ধু সকল আছিল, জইৰাম, তিতাৰাম, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰামৰাম, ৰামৰাই, বিতোপন, চান্দ, ভেকুৰি আদি।[22] ল’ৰালি কালত তেওঁ আন সাধাৰণ শিশুৰ দৰেই গছৰ ফল-ফুল বুটলি, কোটোৰা খেল, ঘিলা খেল, ভণ্টাগুটি খেল, লুকাভাকু খেল, দৌৰাদৌৰি কৰা আদি খেলি আৰু চাপৰি বজাই হৰিধ্বনি কৰা, বটা চৰাই বিচাৰি ধৰা আৰু মুকলি কৰি দিয়া, শিয়াল খেদা, নদীত সাঁতুৰি জলক্ৰীড়া কৰা আদি কৰিয়েই কাল নিয়াইছিল।[23] পিছত, খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।[24]ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শঙ্কৰৰ বিদ্যাৰম্ভ কৰা হ’ল।[25] কিন্তু শঙ্কৰৰ খেলা-ধূলাৰ প্ৰতি মন সহজে আঁতৰাব পৰা নাছিল৷ তাৰ প্ৰমাণস্বৰূপে শঙ্কৰে ঘৰৰ পৰা ৰূপ দুটকা আৰু কাপোৰ দুখন মনে মনে নি গুৰুক ভেটি দিয়াৰ কথা চৰিত পুথিসমূহত পোৱা যায়৷[26] কিন্তু বিদ্যা শিক্ষাত মনোযোগ দিয়া আৰম্ভ কৰাৰ পাছতেই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে অভিভূত কৰে।[24] [27]

ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱত) অষ্টাদশ ভাৰত, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়।[28][24] তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।[24]

বৈবাহিক জীৱনসম্পাদনা কৰক

শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত হ'বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই-চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত ২০ বছৰ বয়সতে শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে।[29] সেয়া আছিল ১৩৯২ শক। বিবাহৰ তিনি বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শঙ্কৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে 'মনু'। দুৰ্ভাগ্যবশতঃ মনুৰ বয়স ন মাহ হওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে। তাৰপিছত তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মাত বাৰজন সংগীৰে সৈতে পশ্চিম দিশলৈ তীৰ্থ ভ্ৰমণলৈ যায়৷ সংগীসকল আছিল, ৰামৰাই, সৰ্ব্বজই, পৰ্মানন্দ, বলোৰাম, বলোভদ্ৰ, গোবিন্দ, নাৰায়ণ, বৰচিৰাম, গোপাল, চোট বলোৰাম, মুকুন্দ আৰু মুৰাৰি৷[30] তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পাছত ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে[31] পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শঙ্কৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে।[32]

তীৰ্থ ভ্ৰমণসম্পাদনা কৰক

১৪০৩ শকত (১৪৮১চনত)[33] ৩২ বছৰ বয়সত শঙ্কৰদেৱে জোঁৱায়েক হৰিৰ হাতত ঘৰ-বাৰী সঁপি দি প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শঙ্কৰদেৱৰ লগত যাত্ৰাৰ সংগী হ'ল। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল।[34] [35]শঙ্কৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ কৰি জগন্নাথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে।[36] এই তীৰ্থযাত্ৰাৰ সময়তে বদৰিকাশ্ৰমত শংকৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগু শীৰ্ষক গীতটি ৰচনা কৰে।[37][38] কথা গুৰুচৰিতৰ মতে প্ৰথম বৰগীত আছিল ৰাম মেৰি হৃদয় পংকজে বাইছে [39]। তেওঁ ১৪৮১ চনত ৰৌমাৰী নামৰ স্থানত তীৰ্থযাত্ৰাৰ একেবাৰে আৰম্ভণিতে ইয়াক ৰচনা কৰিছিল। ১২ বছৰৰ পাছত (তেওঁৰ অনুপস্থিতিত তেওঁৰ পৰিয়াল বৰদোৱাৰ পৰা ঘূৰি আহিছিল) আলিপুখুৰীৰ ঘৰলৈ উভতি আহিছিল। তীৰ্থযাত্ৰাৰ সময়ত তেওঁ এটা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ অংশ হৈ সেই ভক্তি আন্দোলনক বিকশিত হৈ উঠাত সহায় কৰিছিল। ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্মজীৱনসম্পাদনা কৰক

 
নগাঁও জিলাবৰদোৱাত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি

শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ ঘূৰাৰ পাছত শঙ্কৰদেৱৰ ওপৰত সংসাৰৰ গুৰু দায়িত্ব কিছুমান পৰিবলৈ ধৰে। তেওঁ নথকা অৱস্থাত শিৰোমণি ভূঞাৰ দায়িত্বভাৰ লৈ থকা ককাদেউতাক জয়ন্ত দলৈয়ে প্ৰথমেই শিৰোমণি ভূঞাৰ বিষয়ভাৰ শঙ্কৰদেৱৰ ওপৰত অৰ্পণ কৰিলে। তেনেই কম বয়সতে ভূঞাসকলৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা আৰু শ্ৰেষ্ঠ দায়িত্ব পোৱা বাবে তেওঁৰ নাম ডেকাগিৰি হ'ল। [40]শঙ্কৰদেৱে দক্ষতাৰে শাসনকাৰ্য চলাবলৈ ধৰাৰ লগতে ধৰ্মকথাও চৰ্চিবলৈ ধৰিলে। শঙ্কৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্ব লোৱাৰ কিছুদিন পিছৰে পৰা কছাৰীসকলে আলিপুখুৰী অঞ্চলত বসবাস কৰি থকা ভূঞা আৰু ব্ৰাহ্মণসকলৰ ওপৰত ঘনে ঘনে উপদ্ৰৱ কৰিবলৈ ধৰে। সকলোৰে অনুৰোধ আৰু কছাৰীসকলৰ উপদ্ৰৱলৈ লক্ষ্য ৰাখি শঙ্কৰদেৱে পৰিয়াল আৰু আন আন সকলৰ সৈতে আহি বৰদোৱাত ঘৰ-দুৱাৰ সাজি বসবাস কৰিবলৈ ল'লে। বৰদোৱাৰ কুসুমতলিতঘৰ-দুৱাৰ কৰি থাকোঁতে শঙ্কৰদেৱে ৰামৰাম গুৰুৰ লগত আলোচনা কৰি তাত এটি দেৱ মন্দিৰ নিমাৰ্ণ কৰাৰ সিদ্ধান্ত ল'লে। মন্দিৰৰ ভেঁটি তুলিবৰ সময়ত মাটি খান্দোতে কোৰৰ চাবত শিলত কটা চতুৰ্ভুজ বিষ্ণুমূৰ্তি এটা পালে। সেই বিষ্ণুমূৰ্তিটোকে সাতখলপীয়া সিংহাসনৰ ওপৰত প্ৰতিষ্ঠা কৰিলে। [41]

প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত ( ১৫৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল।[42] শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল। নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ পূজা, শিল পূজা, সৰ্প পূজা, ডাঙৰীয়া পূজা, প্ৰকৃতি পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল; আনকি নৰবলি পৰ্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন্‌ ভিন্‌ ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোঁন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ'ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত 'এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ' খুঁটি পুতিলে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শঙ্কৰদেৱ ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছিল সাধাৰণ মানুহৰ আধ্যাত্মিক সান্তনা আৰু সামাজিক উন্নতিৰ বাবে৷[43] শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ'ল 'দ্বাদশ স্কন্ধ ভাগৱত' গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যায়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল 'একদেৱ, একসেৱ' এক বিনে নাই কেৱ' অৰ্থাৎ‌ কায়মনো বাক্য হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা।

শঙ্কৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় শঙ্কৰদেৱৰ হাতত। প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি [44] গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শঙ্কৰদেৱে 'চিহ্ন' নামৰ নাট এখনি লিখি তাক যাত্ৰা বিচাপে অভিনয় কৰে। সেয়ে চিহ্ন-যাত্ৰা। কেৱল সপ্ত বৈকুণ্ঠৰ চিত্ৰ পটত আঁকি ঘোষা, ভটিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল৷ শঙ্কৰদেৱেে নিজেও ইয়াত অভিনয় কৰিছিল৷ এই নাট্যাভিনয় কৰিবলৈ প্ৰয়োজন হোৱা খোল বাদ্য শঙ্কৰদেৱে কপিলিমুখৰ কলঙৰ কাষৰ পৰা মাটি আনি ডাইনা সাত আঙুল, বেঞা তেৰ আঙুল দি গঢ়াইছিল৷ [45]শঙ্কৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় চিহ্ন-যাত্ৰাত।[46][47] সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত। চিহ্নযাত্ৰাৰ “দেৱ-ধেমালি’’ত শঙ্কৰদেৱে অকলেই নটা খোল বজাইছিল বুলি চৰিতপুথি সমূহে কয়৷[48][49] নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমৎকৃত কৰিছিল। চিহ্ন-যাত্ৰাৰ ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়।

শঙ্কৰ-মাধৱৰ মহামিলনসম্পাদনা কৰক

১৪৪৪ শকৰ (১৫২২ খ্ৰীষ্টাব্দ) সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ'ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল। গুৰুজানে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ'ল-

"যথাতৰোৰ্মূল নিষচনেন,
তৃপ্যন্তি তত্‌স্কন্ধ- বুজোপশাখাঃ
প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং
তথা চ সৰ্বাচৰ্নমচ্যতেঙ্গ্যা। "

একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ'ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ ল'লে। 'শঙ্কৰ-মাধৱ' এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বোলা হয়।

শঙ্কৰদেৱৰ সাহিত্যসম্পাদনা কৰক

সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা,আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামৰ ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবা ভাগত ভগাব পাৰি, যেনে:

শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি
কাব্য ভক্তিতত্ত্বপ্ৰকাশক গ্ৰন্থ অনুবাদমূলক গ্ৰন্থ অঙ্কীয়া নাট গীত নাম-প্ৰসঙ্গৰ গ্ৰন্থ
হৰিশ্চন্দ্ৰ উপাখ্যান ভক্তি প্ৰদীপ ভাগৱত প্ৰথম, দ্বিতীয় পত্নীপ্ৰসাদ বৰগীত কীৰ্তন
অজামিল উপাখ্যান ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত) অজামিল উপাখ্যান ষষ্ঠ কালিয়দমন ভটিমা(দেৱভটিমা, নাটভটিমা, ৰাজভটিমা) গুণমালা
ৰুক্মিণী হৰণ কাব্য নিমি-নৱসিদ্ধ সংবাদ বলিছলন কেলি গোপাল টোটয়
বলিছলন অনাদি পাতন অমৃত মন্থন অষ্টম পাৰিজাত হৰণ চপয়
অমৃত মন্থন দশম স্কন্ধৰ আদিছোৱা ৰুক্মিণী হৰণ
গজেন্দ্ৰ উপাখ্যান ভাগৱত প্ৰথম, দ্বিতীয় ৰাম বিজয়
কুৰুক্ষেত্ৰ একাদশ আৰু দ্বাদশ স্কন্ধ
গোপী-উদ্ধৱ সংবাদ ৰামায়ণৰ উত্তৰা কাণ্ড
কৃষ্ণ প্ৰয়াণ - পাণ্ডব নিৰ্বাৰণ

ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট ৰচনা কৰা হৈছিল। কালি হ্ৰদত কালি নামৰ নাগে বাস কৰাৰ ফলত হ্ৰদৰ পানী বিষাক্ত হৈ পৰে। এদিন এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গোপবালক সকল অচেতন হৈ মৃত্যুমুখত পৰে। কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে কালি নাগক পৰাস্ত কৰি সেই হ্ৰদ এৰি যাবলৈ বাধ্য কৰে আৰু সকলো গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগকেই ইয়াত অংকন কৰা হৈছে।

কেলিগোপাল

কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে। মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ মূল বিষয়বস্তু।

ৰুক্মিণী হৰণ

ৰুক্মিণী হৰণ নাটখন ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। পিতাক ভীষ্মই কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল যদিও জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ শিশুপালক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱাই নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ'ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে।[50]

পাৰিজাত হৰণ

ভাগৱত আৰু হৰিবংশৰ মূলৰ পৰা পাৰিজাত হৰণ নাটখনি ৰচনা কৰিছিল। এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰে। ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ খোপাত পিন্ধাই দিয়ে। কৃষ্ণৰ সেই কাৰ্য্যত ইৰ্ষাম্বিত হৈ আন এগৰাকী পত্নী সত্যভামাই কিদৰে ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হস্তগত কৰি তাক আনি নিজৰ কোঠাৰ কাষতে ৰুৱে আৰু ৰুক্মীণীক হেয় জ্ঞান কৰি নিজকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে তাকেই ইয়াত দেখুওৱা হৈছে।[51]

ৰাম বিজয়

ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম বিজয় নাট ৰচনা কৰিছিল।[50] কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ।

গীতসম্পাদনা কৰক

নাম-প্ৰসঙ্গৰ গ্ৰন্থসম্পাদনা কৰক

বহুমুখী প্ৰতিভাসম্পাদনা কৰক

শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল।[9] প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল।[10] আজিৰ পৰা পাঁচশ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল।

বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰদেৱে অ-কাৰ, আ-কাৰ নথকা এটা কবিতা ৰচনা কৰিছিল।[24] তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।[53] তেখেতৰ এই কবিতাটো হ'ল:

কৰতল কমল কমল দল নয়ন
ভবদব দহন গহন বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন॥
জগদঘ মপহৰ ভৱভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন॥[54]

তিৰোভাৱসম্পাদনা কৰক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ-আতিথ্যত কোচবেহাৰত আছিল৷ চৰিত পুথিমতে, ৰজা নৰনাৰায়ণে শঙ্কৰদেৱত শৰণ ল’বলৈ বাঞ্ছা কৰাত শঙ্কৰদেৱে প্ৰবৃত্তি মাৰ্গত থাকি ৰাজধৰ্ম পালন কৰি ৰজাই কিদৰে নিবৃত্তি মাৰ্গত চলিব পাৰিব বুলি কৈ কৈছিল, “ৰাজাৰ স্ত্ৰীৰ কৰ্মকাণ্ডী ব্ৰাহ্মণৰ গুৰু নহঞ ই তিনিৰ’’ বুলি শৰণ দিবলৈ অস্বীকাৰ কৰিছিল৷ [55] তাৰপিছতো ৰজাই প্ৰয়োজন হ’লে দেৱ-দেৱী সবাকো এৰিব বুলি শঙ্কৰদেৱক নেৰানেপেৰাকৈ শৰণ দিবলৈ জোৰ কৰি থকাত তেওঁ ৰজাক ক’লে, “বোলে কালৈ অহা জাব৷ জকগে এতিয়া’’ (কথা গুৰুচৰিত) বুলি উপবাসে থাকি পিছদিনা আহিবলৈ ক’লে৷ পিছদিনা শৰণ লোৱাৰ সকলো ব্যৱস্থা কৰি শঙ্কৰদেৱক আদৰি আনিবলৈ যাওঁতে গম পোৱা গ’ল, তেওঁৰ আঙুলিত বিহ ফোঁহা এটি হৈছে আৰু তাৰে বিষত তেওঁ ৰজাৰ ওচৰলৈ যাব নোৱাৰে৷ কম সময়ৰ ভিতৰতে বিষ বাঢ়ি আহিল৷ শঙ্কৰদেৱে কমণ্ডলুৰ পৰা পানী লৈ মুখ ধুই নতুন কাপোৰ পিন্ধি পদ্মাসনত বহি ধ্যানস্থ হ’ল৷ আৰু তাৰপিছত উপস্থিত সকলোকে মাত-বোল লগাই বহাতে তেওঁ ঢলি পৰিল৷ ১৫৬৮ খ্ৰীষ্টাব্দত (১৪৯০ শক, ২১ ভাদ) শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত তেওঁ কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।[56][57]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "শংকৰদেৱ". http://xobdo.org/dic/শংকৰদেৱ। আহৰণ কৰা হৈছে: 18 June 2022. 
  2. 2.0 2.1 2.2 "Sankardeva: saint-reformer of Assam". atributetosankaradeva.org. 25 September 2012. http://www.atributetosankaradeva.org/Sankaradeva.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  3. শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, ২০১৪
  4. শংকৰদেৱৰ দৰ্শন, ড° ফণীভূষণ দাস, গৰীয়সী, পৃ:নং; ১৩ আগষ্ট, ২০০৯
  5. শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, ২০১৪
  6. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, পৃ: নং; ৩, লক্ষ্মীনাথ বেজবৰুৱা, প্ৰকাশক, খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল, প্ৰথম প্ৰকাশ, ১৯১৪
  7. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  8. অসমৰ বুৰঞ্জী, পদ্মনাথ গোহাঞিবৰুৱা, পৃ: নং; ৪৮, এ বি টি পাবলিকেশ্বন, ২০১৭
  9. 9.0 9.1 9.2 9.3 "A Saint is Born...". atributetosankaradeva.org. ১৬ এপ্ৰিল, ২০০৭. http://www.atributetosankaradeva.org/bio.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  10. 10.0 10.1 Babul Tamuli. "Sankardeva – A Great Social Reformer". http://www.bipuljyoti.in/authors/sankardeva/sankardeva.html। আহৰণ কৰা হৈছে: December 21, 2012. 
  11. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, পৃ:নং; ১৭, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  12. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, পৃ: নং; ১৩, লক্ষ্মীনাথ বেজবৰুৱা, প্ৰকাশক, খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল, প্ৰথম প্ৰকাশ, ১৯১৪
  13. গুৰু চৰিত, ৰামচৰণ ঠাকুৰ বিৰচিত, পৃ: নং; ৭২, সম্পা: হৰিনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল, ২০১২
  14. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ১২১, শুৱনী প্ৰকাশ, ১৯৯৯
  15. বাঁহী, দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা, সম্পাদক, লক্ষ্মীনাথ বেজবৰুৱা, সংকলক: যতীন্দ্ৰনাথ গোস্বামী, প্ৰকাশক: অসম সাহিত্য সভা,
  16. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, পৃ: নং; ৩, লক্ষ্মীনাথ বেজবৰুৱা, প্ৰকাশক, খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল, প্ৰথম প্ৰকাশ, ১৯১৪
  17. "Biography of Sankardeva". atributetosankaradeva.org. 02 October 2009. http://www.atributetosankaradeva.org/bio_cover.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  18. (Neog 1980, পৃষ্ঠা 101f)
  19. (Neog 1980, পৃষ্ঠা 67)
  20. কথা গুৰু চৰিত, সম্পাদক: ড° মহেশ্বৰ নেওগ, পৃ: নং; ২০, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  21. মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ চৰিত্ৰ, পৃ:নং: ৭, দৈত্যাৰি ঠাকুৰ,সম্পা: হৰিনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল,২০০৪
  22. কথা গুৰু চৰিত, সম্পাদক: ড° মহেশ্বৰ নেওগ, পৃ: নং; ২১, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  23. মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ চৰিত্ৰ, পৃ:নং: ৭, দৈত্যাৰি ঠাকুৰ,সম্পা: হৰিনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল,২০০৪
  24. 24.0 24.1 24.2 24.3 24.4 "Sankardeva At the tol". atributetosankaradeva.org. December 24, 2008. http://www.atributetosankaradeva.org/bio2.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  25. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, পৃ:নং; ১৭, লক্ষ্মীনাথ বেজবৰুৱা, লয়াৰ্চ বুক ষ্টল, ১৯৯৫
  26. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং;১১৮, শুৱনী প্ৰকাশ, ১৯৯৯
  27. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, পৃ:নং; ১৮, লক্ষ্মীনাথ বেজবৰুৱা, লয়াৰ্চ বুক ষ্টল, ১৯৯৫
  28. কথা গুৰু চৰিত, পৃ:নং; ২৪, সম্পা: ড° মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  29. (Barman 1999, পৃষ্ঠা 19)
  30. কথা গুৰু চৰিত, পৃ: নং; ২৫,সম্পাদক: মহেশ্বৰ নেওগ, প্ৰকাশন: লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  31. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ১২৫, শুৱনী প্ৰকাশ, ১৯৯৯
  32. After five years, Sankara had a temple built for him a little away from the abode of householder" (Neog 1980, পৃষ্ঠা 69)
  33. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ১২৪, শুৱনী প্ৰকাশ, ১৯৯৯
  34. (Neog 1980, পৃষ্ঠা 103)
  35. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং: ৩১, লয়াৰ্ছ বুক ষ্টল, ১৯৯৫
  36. (Neog 1980, পৃষ্ঠা 104)
  37. অসমীয়া সাহিত্যত দৃষ্টিপাত, ড° হেমন্ত কুমাৰ শৰ্মা, পৃ:নং; ৯৫, বীণা লাইব্ৰেৰী, ২০০৫
  38. (Neog 1980, পৃষ্ঠা 179)
  39. (Borkakoti 2006, পৃষ্ঠা 92)
  40. গুৰুজনাৰ জন্মস্থান : বুৰঞ্জী আৰু বিতৰ্ক, পৃ: নং ৪৫, হেমচন্দ্ৰ শইকীয়া,প্ৰকাশক বিপ্লৱ বৰুৱা, বেদকণ্ঠ, প্ৰথম প্ৰকাশ ২০১৩
  41. কথা গুৰু চৰিত, পৃ: নং; ২৯, সম্পা: ড° মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  42. কথা গুৰু চৰিত, পৃ: নং; ২৮, সম্পা: ড° মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  43. অসমীয়া সাহিত্যৰ ৰূপৰেখা, ড° মহেশ্বৰ নেওগ, পৃ: নং; ৭৫, চন্দ্ৰ প্ৰকাশ, ১৯৯৫
  44. অংকীয়া নাটৰ পৰম্পৰা, ড° দয়ানন্দ পাঠক, সত্ৰসূৰ্য, পৃ:নং; ৯৪, কলিয়াবৰ জিলা সত্ৰ মহাসভা, ১৯৯৭
  45. কথা গুৰু চৰিত, পৃ: নং; ২৮, সম্পা: ড° মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  46. The early biographers are silent on Cihna-yatra. Katha-guru-carita and Borduwa-carita, both late biographies, say Cihna-yatra was performed after Sankardev's first pilgrimage; only Ramcaran says Sankardev arranged it when he was 19 years old, which is unlikely according to Maheswar Neog. (Neog 1980, পৃষ্ঠা 107)
  47. But Bhuban Chandra Bhuyan, Dr. Sanjib Kumar Borkakoti etc have opined that Cihna yatra was enacted before the pilgrimage, to be precise in 1468 AD.(Borkakoti 2005, পৃষ্ঠা 17)
  48. শঙ্কৰদেৱ আৰু অংকীয়া নাট, ড° নগেন শইকীয়া, ভাওনা: ঐতিহ্য আৰু বিস্তৃতি, পৃ:নং; ২৫, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহ, ২০১৪ৰ স্মাৰক গ্ৰন্থ
  49. মঞ্চলেখা, অধ্যাপক অতুল চন্দ্ৰ হাজৰিকা, পৃ:নং; ৭, লয়াৰ্ছ বুক ষ্টল, ১৯৯৫
  50. 50.0 50.1 "Rama Vijaya, Classical Assamese Drama". Jupiter Infomedia Ltd.. Jupiter Infomedia Ltd.. ২৪/০৩/২০১১. http://www.indianetzone.com/53/rama_vijaya.htm। আহৰণ কৰা হৈছে: January 13, 2013. 
  51. স্পন্দন, ই আলোচনী, সংগ্ৰহ: ২৫ জুন, ২০১২
  52. বিপুলজ্যোতি ডট ইন, আহৰণ কৰা তাৰিখ: ০৩, জুলাই, ২০১২
  53. "বৰআতা". xobdo.org. xobdo.org. http://www.xobdo.org/asm/%E0%A6%AC%E0%A7%B0%E0%A6%86%E0%A6%A4%E0%A6%BE। আহৰণ কৰা হৈছে: January 13, 2013. 
  54. "The Master's first masterpiece". atributetosankaradeva.org. 4/16/2008. http://www.atributetosankaradeva.org/karatala.htm। আহৰণ কৰা হৈছে: January 13, 2013. 
  55. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, পৃ: নং; ১৫৪, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  56. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, পৃ: নং; ১৫৪, লয়াৰ্ছ বুক ষ্টল, ১৯৯৯
  57. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং;১৫১, লয়াৰ্ছ বুক ষ্টল৷ ১৯৯৫

বাহ্যিক সংযোগসম্পাদনা কৰক