অনুপমা পৰমেশ্বৰন

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী

অনুপমা পৰমেশ্বৰন (ইংৰাজী: Anupama Parameswaran, জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে তেলেগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে।[1][2] তেওঁৰ মালয়ালম ভাষাৰ প্ৰথম অভিনিত চলচ্চিত্ৰ প্ৰেমম (২০১৫) -ত মেৰী জৰ্জৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত, তেওঁ সতমানম ভৱতী (২০১৭), ভোনাধি ওকাতে জিন্দেগী (২০১৭), নতাসৰ্বভোমা (২০১৯), ৰক্ষাসুদু (২০১৯) আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷

অনুপমা পৰমেশ্বৰন

Anumpama at promoting Tej I Love You (2018)
জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৯৬ (২৮ বছৰ)
ইৰিঞ্জালাকুডা, কেৰালা, ভাৰত
শিক্ষানুষ্ঠান চিএমএছ মহাবিদ্যালয় কোট্টায়াম
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫- বৰ্তমানলৈকে

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কেৰালাৰ ত্ৰিচুৰ জিলাৰ ইৰিঞ্জালাকুডাত ১৯৯৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অনুপমা পৰমেশ্বৰনৰ জন্ম হয়৷ তেওঁৰ পিতৃ-মাতৃৰ নাম পৰমেশ্বৰন এৰেককাথ আৰু সুনীতা পৰমেশ্বৰন। তেওঁৰ সৰু ভায়েকৰ নাম অক্ষয়।[3][4] তেওঁ কেৰালাৰ চিএমএছ মহাবিদ্যালয় কোট্টায়ামত কমিউনিকেটিভ ইংৰাজীত মেজৰ লৈছিল আৰু মহাবিদ্যালয়ৰ শিক্ষা সাং নহওঁতেও তেওঁ অভিনয় অব্যাহত ৰাখিছিল৷[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Anupama Parameswaran shares her favourite scene with late Puneeth Rajkumar; says, "Appu sir, meet you on the other side"" (en ভাষাত). The Times of India. 1 November 2021. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/anupama-parameswaran-shares-her-favourite-scene-with-late-puneeth-rajkumar-says-appu-sir-meet-you-on-the-other-side/articleshow/87448866.cms. 
  2. "Kurup: Tovino Thomas says 'Chacko was destined' to be played by him, Dulquer Salman calls it 'mother of all cameos'" (en ভাষাত). The Indian Express. 16 November 2021. https://indianexpress.com/article/entertainment/malayalam/kurup-dulquer-salmaan-on-tovino-thomas-anupama-parameswaran-7625040/। আহৰণ কৰা হৈছে: 24 November 2021. 
  3. Balach, Logesh (18 February 2021). "Anupama Parameswaran turns 25, fans wish her happy birthday" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/-anupama-parameswaran-turns-25-fans-wish-her-happy-birthday-1770443-2021-02-18. 
  4. Yellapantula, Suhas (31 August 2020). "This Onam, I wish that we can all be free of Covid-19 soon: Anupama Parameswaran" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/this-onam-i-wish-that-we-can-all-be-free-of-covid-19-soon-anupama-parameswaran/articleshow/77838211.cms. 
  5. "' I won't do anything out of my comfort zone'". Times of India. 10 October 2015. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/-I-wont-do-anything-out-of-my-comfort-zone/articleshow/49288592.cms। আহৰণ কৰা হৈছে: 10 September 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক