অনুপম মিশ্ৰ (ইংৰাজী: Anupam Mishra; ১৯৪৮ৰপৰা – ১৯ ডিচেম্বৰ, ২০১৬) এগৰাকী গান্ধীবাদী, লেখক, পৰিৱেশবিদ, টেড বক্তা আৰু পানী সংৰক্ষক; যি পানী সংৰক্ষণ, ইয়াৰ ব্যৱস্থাপনা আৰু পৰম্পৰাগত বৰষুণৰ পানী সংগ্ৰহ আৰু ইয়াৰ ব্যৱহাৰৰ বিভিন্ন কৌশলৰ প্ৰচাৰ ভিত্তিক কাম কৰে।[1]১৯৯৬ চনত, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অনুপম মিশ্ৰক ‘ইন্দিৰা গান্ধী পৰিৱেশ বঁটা’ (Indira Gandhi Paryavaran Puraskar (IGPP)) প্ৰদান কৰে। [2] পানী সংগ্ৰহৰ সময়-পৰীক্ষিত প্ৰণালীৰ গুৰুত্ব বৰ্ণনা কৰি মিশ্ৰই ভাৰতৰ বহুকেইখন ৰাজ্যৰ গাওঁসমূহ, বিশেষকৈ ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ আদি ভ্ৰমণ কৰিছে। তেওঁ ভাৰতৰ লগতে বিদেশতো পৰম্পৰাগত পানীৰ গাঁথনি সংৰক্ষণৰ পোষকতা কৰিছিল।[3] তেওঁ আজ ভী খাড়ে হ্যে তালাব (পণ্ডচ্‌ আৰ ষ্টিল ৰিলিভেণ্ট, ১৯৯৩) আৰু ৰাজস্থান কী ৰজত বুন্দে (ৰেডিয়েণ্ট ৰেইনড্ৰ’পচ্‌ অৱ ৰাজস্থান, ১৯৯৫) আদি গ্ৰন্থ লিখিছে, যি সমূহ গ্ৰন্থ জল সংৰক্ষণৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোগ।[4][5] মিশ্ৰৰ সৈতে যমুনা নদীৰ ইতিহাস আৰু ভৱিষ্যত সম্পৰ্কে হোৱা এক বিস্তৃত সাক্ষাৎকাৰে ৰাণা দাসগুপ্তৰ কিতাপ কেপিটেল: দ্য এৰাপচন অৱ দেল্‌হি'ৰ অন্তিম অধ্যায়টো দখল কৰিছে।

অনুপম মিশ্ৰ
জন্ম ১৯৪৮
মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু (aged 68)
নতুন দিল্লী
পেচা পৰিৱেশবিদ
জনা যায় পানী সংৰক্ষণ
বৰষুণৰ পানী সংগ্ৰহ আৰু ব্যৱহাৰ

কেৱল দৰ্শনতে নহয়, অনুশীলনতো মিশ্ৰ এগৰাকী প্ৰকৃত গান্ধীবাদী। উষ্ম আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে মিশ্ৰ জনাজাত আছিল। গোটেই জীৱনজুৰি তেওঁৰ নীতিবোৰ বজাই ৰখা মিশ্ৰ বহুজনৰ বাবে আছিল আদৰ্শ স্বৰূপ । কৰ্কট ৰোগৰ সৈতে ১০ মাহৰ যুঁজৰ পিছত ২০১৬ চনৰ ২০ ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।[6] তেওঁ ‘গান্ধী শান্তি সংস্থা’ (গান্ধী পিচ ফাউণ্ডেচন)ই প্ৰকাশ কৰা পষেকীয়া গান্ধী মাৰ্গৰ সম্পাদক আছিল।[7]

নিৰ্বাচিত কৰ্মসম্পাদনা কৰক

  • আজ ভী খাড়ে হ্যে তালাব (পণ্ডচ্‌ আৰ ষ্টিল ৰিলিভেণ্ট), ১৯৯৩ চনত নতুন দিল্লীৰ গান্ধী শান্তি প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে।
  • ৰাজস্থান কী ৰজত বুন্দে (ৰেডিয়েণ্ট ৰেইনড্ৰ’পচ্‌ অৱ ৰাজস্থান), ১৯৯৫ চনত শ্ৰীমতী মীৰা জানিৰ দ্বাৰা অনুবাদিত
  • চিপকো মুভমেণ্ট: উত্তৰাখণ্ড ৱুমেনচ্‌ বিড টু চেইভ ফৰেষ্ট ৱেল্‌থ, ১৯৭৮ চনত সত্যেন্দ্ৰ ত্ৰিপাঠীৰ সৈতে যুটীয়াভাৱে
  • Safa Mathe Ka Samaja , পেংগুইন ইণ্ডিয়া (৩ অক্টোবৰ, ২০০৬)

তথ্যসূত্ৰসম্পাদনা কৰক