অনুৰাধা আচাৰ্য (ইংৰাজী: Anuradha Acharya; জন্ম: ১৯৭২) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অ'কিয়াম বায়' চলিউছন্যছ আৰু মেপমাইজিনম নামৰ প্ৰতিষ্ঠান দুটাৰ তেখেত প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া। ২০১১ চনত তেখেতক বিশ্ব অৰ্থনীতি মঞ্চই "যুৱ গোলকীয় নেত্ৰী" বঁটা প্ৰদান কৰে।[1]

অনুৰাধা আচাৰ্য
জন্ম ১৯৭২ (বয়স ৫১–৫২)
বিকানেৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান আইআইটি খড়গপুৰ
চিকাগোৰ ইলিয়নছ বিশ্ববিদ্যালয়
জনা যায় জেনোমিকছ্, Genomics
বঁটা, সন্মান, পুৰস্কাৰ আদি যুৱ গোলকীয় নেত্ৰী, বিশ্ব অৰ্থনীতি মঞ্চ

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

অনুৰাধাই জীৱনৰ অধিকাংশ সময় খড়গপুৰতেই যাপন কৰে, যদিও তেখেতৰ জন্মস্থান আছিল বিকানেৰ। ১৯৯৫ চনত তেখেতে আইআইটি খড়গপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[2] পৰৱৰ্তী সময়ত তেখেত চিকাগোলৈ ৰাওনা হয় আৰু পদাৰ্থ বিজ্ঞান আৰু মেনেজমেণ্ট ইনফৰমেছন ছিষ্টেম (ব্যৱস্থাপনা তথ্য প্ৰণালী)ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। চিকাগোৰ ইলিয়নছ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এই দুটা ডিগ্ৰী অৰ্জন কৰে।[3]

কৰ্মজীৱন সম্পাদনা কৰক

অনুৰাধা আচাৰ্য হৈছে অচিমাম বায়' চলিউশ্যনছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। ভাৰতৰ হায়দৰাবাদত থকা এই প্ৰতিষ্ঠানটো উদ্ভাৱন, বিকাশ আৰু চিকিৎসানিদানৰ লগত ২০০০ চনৰ পৰা ২০১৩ চনলৈকে জড়িত হৈ আছিল। বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা সংস্থাৰ কাৰ্যবাহী পৰিষদৰ লগতো তেখেত জড়িত।[4] পশ্চিম বংগৰ কল্যাণীত থকা "নেশ্যনেল ইনষ্টিটিউট অৱ বায়'মেডিকেল জেনোমিক্স"ৰ লগতো তেখেত জড়িত আছিল।[5] ইয়াৰ লগতে ২০১১ চনত "গ্লোবেল এজেণ্ডা কাউঞ্চিল"তো তেখেতে উপ-অধ্যক্ষ হিচাপে অংশ লৈছিল।[6]

অনুৰাধা আচাৰ্য মেপমাইজিন'ম নামৰ প্ৰতিষ্ঠানৰো প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। এইটো প্ৰতিষ্ঠান ব্যক্তিগত জেনোমিক্স আৰু নিদান সম্বন্ধীয় দিশৰ লগত জড়িত।[7]

তেখেত "এছ'ছিয়েছন বায়টেক এণ্টাৰপ্ৰাইজেছ"ৰো সদস্য।[8] ভাৰতৰ কাৰ্যপ্ৰণালী নিৰূপণৰ বাবে তেখেতে উপদেষ্টা হিচাপে কাম কৰে।[9] অনুৰাধা আইভিকেপ ভেঞ্চুৰছতো পৰিষদীয় সভাৰ মেণ্টৰ।[10]

স্বীকৃতি সম্পাদনা কৰক

২০০৬ চনত ৰেড হেৰিং আলোচনীয়ে আচাৰ্যক ৩৫ অনুৰ্ধ পঁচিশগৰাকী টাইটানৰ তালিকাভুক্ত কৰে।[11] বায়স্প্ৰেকট্ৰাম আলোচনীয়ে অনুৰাধাক বৰ্ষটোৰ উদ্যোগী সন্মান প্ৰদান কৰিছে।[12] ২০০৮ চনতে তেখেতে এষ্টিয়া লাইফ ছায়ন্স ইনোভেটৰছ বঁটাও লাভ কৰে।[13] ২০১১ চনত বিশ্ব অৰ্থনীতি মঞ্চই অনুৰাধাক "যুৱ গোলকীয় নেত্ৰী"ৰ সন্মানেৰে সন্মানীত কৰে।[14] ২০১৫ চনত আচাৰ্যক ইটি ৱমেন এহেড সন্মানো প্ৰদান কৰা হয়। এইটো সন্মান তেখেতক ইক'নমিক টাইমছে প্ৰদান কৰে।[15]ফৰ্বছে ২০১৮ চনত তেখেতক W-Power trailblazers সন্মান প্ৰদান কৰে।

আচাৰ্যই এখন কবিতাৰ পুথিও প্ৰকাশ কৰিছে। কিতাপখনৰ নাম হৈছে "Atomic Pohe- Random Rhymes at odd times- On Science, Non Science and Nonsense."[16] Pharmaceutical Outsourcing: Discovery and Preclinical Services (Pharmaceutical Outsourcing, Volume I নামৰ গ্ৰন্থখনত আচাৰ্যই এটা বিশেষ অধ্যায় লিখিছে। নাম হৈছে-Research as a Service (RaaS)[17] নেছাৰ বায়'টেকন'লজীত আচাৰ্যৰ এটা বিশেষ প্ৰবন্ধ প্ৰকাশিত হৈছে। প্ৰবন্ধটোৰ নাম হৈছে-"What mergers can do for you"[18] তেখেত বহুকেইখন আলোচনীৰ সক্ৰিয় লেখিকা। তাৰে ভিতৰত হিন্দু বিজনেছ লাইন অন্যতম।[19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Anu Acharya". https://www.forbesindia.com/2018-wpower-trailblazers/anu-acharya/1691/3। আহৰণ কৰা হৈছে: 11 February 2021. 
  2. A toast to IIT Kharagpur Archived 14 February 2012 at the Wayback Machine
  3. "Movers and Shakers with Anuradha Acharya". frost.com. http://www.frost.com/prod/servlet/market-insight-top.pag?docid=37504445/. 
  4. "CSIR Members of the Governing Body". csir.res.in. http://www.csir.res.in/External/Heads/aboutcsir/gb.pdf। আহৰণ কৰা হৈছে: 23 February 2012. 
  5. National Institute of Biomedical Genomics: Members of the Governing Body Archived 2 March 2012 at the Wayback Machine
  6. Global Agenda Council Members 2011 Archived 26 January 2012 at the Wayback Machine
  7. "Mapmygenome Official Website India". Default Store View. https://www.mapmygenome.in. 
  8. ABLE Executive Council Archived 1 January 2012 at the Wayback Machine
  9. Advisory Board for Action for India Archived 8 January 2012 at the Wayback Machine
  10. Board of Mentors IvyCap Ventures Archived 6 February 2012 at the Wayback Machine
  11. Titans in Waiting Archived 4 February 2014 at the Wayback Machine
  12. "Biospectrum Biotech Industry Awards declared". ciol.com. Archived from the original on 22 September 2011. https://web.archive.org/web/20110922090450/http://www.ciol.com/News/News-Reports/BioSpectrum-Biotech-Industry-Awards-declared/121208113712/0/। আহৰণ কৰা হৈছে: 23 February 2012. 
  13. Astia Award Winners Archived 23 February 2012 at the Wayback Machine
  14. Ocimum Biosolutions's CEO Anuradha Acharya honoured as 2011 Young Global Leader Archived 2012-01-01 at the Wayback Machine
  15. www.ETtech.com. "ET startup awards: Anu Acharya becomes the "Women Ahead" – ETtech". ETtech.com. http://tech.economictimes.indiatimes.com/news/startups/et-startup-awards-anu-acharya-becomes-the-women-ahead/49325642. 
  16. Acharya, Anu (6 October 2015). Atomic Pohe: Random Rhymes between the lines. On Science, Non Science and Nonsense. CreateSpace Independent Publishing Platform. ISBN 978-1-5176-2669-3. 
  17. Outsourcing: Discovery and Preclinical Services (Pharmaceutical Outsourcing, Volume I
  18. "What Mergers can do for you". nature.com. http://www.nature.com/bioent/2011/110401/full/bioe.2011.4.html/. 
  19. "Musical ability — it's all in the genes". thehindubusinessline.com. http://www.thehindubusinessline.com/todays-paper/tp-opinion/musical-ability-its-all-in-the-genes/article6649753.ece.