অপেচৰা সবাহৰ নাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি। সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। অপেচৰা সবাহৰ নাম আখ্যানমূলক গীতৰ অন্তৰ্গত। অপেচৰা সবাহ এবিধ লোক-বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা অনুষ্ঠান।[1] উজনি অসম আৰু নামনি অসম উভয়তে অপেচৰা সবাহ নামৰ এক অনুষ্ঠান পালন কৰে। উজনি অসমত চকুৰ অসুখ, পিঠাখোৱা ৰোগ, ছোৱালী যথাযথ সময়ত পুষ্পিতা বা ঋতু নোহোৱা আদি ৰোগ বা অৱস্থাক অপেচৰা ঘাটি লাগিলে বুলি বিশ্বাস কৰে। কোনো প্ৰত্যক্ষ ৰোগ-ব্যাধি নোহোৱাকৈ মানুহ ক্ষীণাই-শুকাই গ'লেও অপেচৰাৰ দোষ বুলি বিশ্বাস কৰে। এনে দোষ খণ্ডনৰ বাবে কল, পিঠাগুৰি, গাখীৰ আদি দি সবাহ পাতে। সবাহ সাধাৰণতে দুপৰীয়া চোতালত পাতে। অপেচৰা সবাহৰ নামৰ পৰিমাণ বৰ বেছি নহয়; কিন্তু যি কেইফাকি আছে ইয়াৰ কাব্যিক মূল্য আৰু চিত্ৰ-কল্প অতি ওপৰত।[1] উদাহৰণস্বৰূপে-

জোন-বেলিয়ে লগ ভটিয়ালে
লগত যায় তামোলী-তৰা
খন্তেক ৰৈ যোৱা আই অপেচৰী
লৈ যোৱা কুমাৰীৰ পূজা।
ৰূপৰে জখলা সোণৰে হেতামাৰি
আহে অপেচৰা নামি;
সেন্দূৰৰ আলি দুগ্ধ পুখুৰী
তোলে অপেচৰাই পানী।[1]

নামনি অসমতো অপেচৰা সবাহ পাতে। সাধাৰণতে একাঙ্গী আৰু শিশুৰ চিঞৰ-বাখৰ, কন্দা-কটা আদি ৰোগ অপেচৰাৰ দোষত হয় বুলি ভাবে। কিন্তু নামনি অসমৰ অপেচৰা দুৰ্গাৰ সৈতে অভিন্ন ৰূপত দেখা যায়।[1]

আসনৰ চৌপাশে ঘট শাৰী শাৰী।
ঘট-দুৰ্বা ৰস ঢালে কৈশাল ঈশ্বৰী॥
আসনত বহি আয়ে ফুলৰ লৱে লেখা।
গোপিনীয়ে স্তুতি কৰে আয়ে দিছে দেখা॥[1]

অপেচৰা সবাহৰ নামত ৰম্ভা অপেচৰাৰ নামো পোৱা যায় -

অপেচৰাৰ সঙ্গে আহি ৰম্ভা আছে চাই।
হৰি হৰি দুখুনীৰ কি হ'ব বিলাই॥[1]

অৱশ্যে ৰম্ভা অপেচৰাৰ নাম থাকিলেও আইৰ সাত- ভনীৰ দৰে অপেচৰাৰো সাত- ভনী বুলি কৈছে লগতে বায়ুতকৈ বেগেৰে সূৰ্যতকৈ তাপেৰে গোসাঁইতকৈ ‍মায়াৰে নাই বুলি সাতজন দেৱতাৰ কথাও উল্লেখ কৰিছে।[1] যেনে-

অপেচৰাৰ সাত ভনী, ৰামৰ চাৰি ভাই
চৰণতে পৰি মাতো তৰণি নেপাই॥[1]

অপেচৰা সবাহৰ নামৰ পৰিমাণ তকৰীয়া হ'লেও লোক- সাহিত্যৰ ভঁৰালত এডোখৰ আছুতীয়া আসন আছে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৯২, ৯৩