লোকগীত
অসমীয়া লোকগীত নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰী, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। এইসমূহ লোকগীতৰ ৰচনাকাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে।