অপ্সৰা নৃত্য হৈছে সত্ৰীয়া নৃত্যৰ এটি ভাগ বা প্ৰকাৰ। ই ভাগৱতত বৰ্ণিত এটি কাহিনীৰ আধাৰত সৃষ্টি হোৱা একপ্ৰকাৰ নৃত্য। ইয়াৰ আন নাম হৈছে ইন্দ্ৰাভিষেক নৃত্য। আউনিআটী সত্ৰত ইয়াক অপ্সৰা নৃত্য আৰু দক্ষিণপাট সত্ৰত ইয়াক ইন্দ্ৰাভিষেক নৃত্য বোলা হয়। এই নৃত্যৰ সৃষ্টিকৰ্তা হিচাপে কোনো এজন মানুহৰ নাম জনা নাযায় যদিও আহোম ৰাজত্বৰ সময়তে সত্ৰৰ গায়ন-বায়নসকলে এই নৃত্যৰ সৃষ্টি কৰে বুলি বহুতে ক’ব বিচাৰে। সত্ৰীয়া পৰিৱেশত সৃষ্টি হ'লেও এই নৃত্যৰ ভংগিমা, হস্ত মুদ্ৰা আদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ সৃষ্ট নৃত্যশৈলীৰ পৰা কিছূ পৃথক। [1]

অপ্সৰা নৃত্যৰ আন এটা নাম হৈছে ইন্দ্ৰাভিষেক নৃত্য। ই হৈছে ভাগৱতত বৰ্ণিত এটি কাহিনীৰ আধাৰত সৃষ্টি হোৱা একপ্ৰকাৰ নৃত্য। এই কাহিনী অনুসৰি নন্দ-যশোদাৰ আশ্ৰয়ত লালিত-পালিত হোৱা কালছোৱাত শ্ৰীকৃষ্ণই যেতিয়া গকুলবাসীক ইন্দ্ৰলৈ পূজা দিয়াৰ পৰিৱৰ্তে গোৱৰ্ধনপৰ্বতক পূজা কৰিবলৈ নিদেশ দিয়ে, তেতিয়া ইন্দ্ৰৰ খং উঠে আৰু ধাৰাসাৰ বৃষ্টিৰে গকুল প্লাৱিত কৰে। তেতিয়া গোপ-গোপী, গৰু-গাই আটাইকে বৃষ্টি, গাজনি, ঢেৰেকনিৰ পৰা ৰক্ষা কৰিবলৈ শ্ৰীকৃষ্ণই গোৱৰ্ধন পৰ্বতটোকে নিজৰ কনিষ্ঠ আঙ্গুলিৰে দাঙি ধৰে আৰু সকলোকে পৰ্বতৰ তলত আশ্ৰয় দিয়ে। তেনে কাণ্ড দেখি ইন্দ্ৰই ভয় খায় আৰু শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰে। সেয়ে তেওঁ ইয়াৰ পিছত কৃষ্ণৰ মন ভাল লগাবলৈ স্বৰ্গৰ নন্দন-কাননৰ ৰম্ভা, মেনকা, তিলোত্তমা আদি নৰ্তকী তথা অপ্সৰাসকলক মৰ্ত্যলৈ পঠিয়াই নৃত্য-গীতৰ আয়োজন কৰে। এই অপ্সৰাসকলে শ্ৰীকৃষ্ণৰ ওচৰত কৰা নৃত্যই হৈছে অপ্সৰা নৃত্য। অৰ্থাৎ অপ্সৰাসকলে কৰা নৃত্যই হৈছে অপ্সৰা নৃত্য। আউনিআটী সত্ৰত ইয়াক অপ্সৰা নৃত্য আৰু দক্ষিণপাট সত্ৰত ইয়াক ইন্দ্ৰাভিষেক নৃত্য বোলা হয়।[1]

অপ্সৰা নৃত্যৰ প্ৰথম প্ৰচলন মাজুলীৰ দক্ষিণপাট সত্ৰতে হৈছিল বুলি জনা যায়। নৃত্যৰ সৃষ্টিকৰ্তা হিচাপে কোনো এজন মানুহৰ নাম জনা নাযায় যদিও আহোম ৰাজত্বৰ সময়তে সত্ৰৰ গায়ন-বায়নসকলে এই নৃত্যৰ সৃষ্টি কৰে বুলি বহুতে ক’ব বিচাৰে কাৰণ ৰজাঘৰত এই নৃত্যৰ সমাদৰ যথেষ্ট বেছি আছিল। পাছলৈ আউনিআটী সত্ৰ, গড়মূৰ সত্ৰ আদিয়েও এই নৃত্য পৰিৱেশন কৰিবলৈ লয়। আউনিআটী সত্ৰত ব’হাগ বিহু আৰু মাঘ বিহুৰ সবাহত এই নৃত্য প্ৰদৰ্শন কৰা হয় বুলি জনা যায়। এনেদৰেই সত্ৰসমূহত অপ্সৰা নৃত্যৰ প্ৰচলন হয়। [1]

অপ্সৰা নৃত্যত সাধাৰণতে বগা ৰঙৰ পোছাক পৰিধান কৰা হয়। গাৰ ওপৰ অংশত বুকু ঢকা চোলা, কঁকালৰ পৰা ভৰিলৈকে পৰা ঘূৰী, কঁকালৰ হাৰ বা কৰধনি, মূৰত ওৰোণা আৰু মুকুট বা কিৰীটি পিন্ধা হয়। ইয়াত চুলি বেণী গুঠি লোৱা হয়। [1]

বাদ্যযন্ত্ৰ

সম্পাদনা কৰক

অপ্সৰা নৃত্যত খোলৰ পৰিৱৰ্তে ঢোলক বাদ্যৰ ব্যৱহাৰ কৰা হয়। হাজোৱলীয়া বাজনাৰ সংগত এই নৃত্যৰ পৰিৱেশন কৰা হয়।[1]

  1. 1.0 1.1 1.2 1.3 1.4 শান্তনু কৌশিক বৰুৱা (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ৫৭. ISBN 978-81-950015-4-5.