অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷[1] ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷[2] এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷

অভিৰুচি ক্ৰীড়া দিৱস
প্ৰকাৰ ৰাজ্যিক
তাৰিখ ৩ ছেপ্টেম্বৰ
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে তাৰিখত
অৱধি এদিনীয়া
সংঘটন বাৰ্ষিক

তথ্য সংগ্ৰহ সম্পাদনা কৰক