৩ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২২ |
৩ ছেপ্টেম্বৰ (ইংৰাজী: 3 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৬তম (অধিবৰ্ষত ২৪৭তম) দিন। বছৰ শেষ হ'বলৈ ১১৯ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৮৩ - পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়।
- ১৮৬৬ - কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল।
- ১৯৩৬ - ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল।
- ২০১১ - সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।
জন্মসম্পাদনা কৰক
- ১৯০৫ - কমলাপতি ত্ৰিপাঠী, বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তা বাদী নেতা।
- ১৯০৫ - কাৰ্ল ডেভিড এণ্ডাৰছন, নোবেল বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
- ১৯৪০ - ভোগেশ্বৰ বৰুৱা (ইংৰাজী: Bhogeswar Baruah), ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক আৰু অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেথেত এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া। ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰিছিল।
- ১৯৫২ - শক্তি কাপুৰ, জনপ্ৰিয় খলনায়ক আৰু কৌতুক অভিনেতা।
- ১৯৫৭ - জগ্গী বাসুদেৱ, যোগ গুৰু আৰু লেখক।
- ১৯৬৫ - চাৰ্লি শ্বিন, হলীউডৰ অভিনেতা।
- ১৯৭১ - কিৰণ দেশাই, ভাৰতীয় লেখিকা, তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে।
- ১৯৭৬ - বিৱেক অবেৰয়, ভাৰতীয় অভিনেতা।
- ১৯৯২ - সাক্ষী মালিক, অলিম্পকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মল্ল যুঁজাৰু। ২০১৬ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক (৫৮ কিলো গ্ৰাম) লাভ কৰিছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৫৩ - লক্ষ্মণ ৰাও পৰ্বতকৰ (খপ্ৰুমামা), বিখ্যাত তবলা বাদক।
- ১৯৯৮ - সুৰেন্দ্ৰ নাথ মেধি, অসমৰ প্ৰাক্তন আইনমন্ত্ৰী।
- ১৯৯৯ - ধীৰু ভূঞা, অসমৰ এজন অভিনেতা আৰু কথাছবি পৰিচালক।
- ২০১২ - মাইকেল ক্লাৰ্ক ডানকান, হলীউডৰ অভিনেতা।
দিৱসসম্পাদনা কৰক
- অভীৰুচি ক্ৰীড়া দিৱস। (অসম)
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |