অম্বিকানাথ বৰা (ইংৰাজী: Ambikanath Bora; ১৮৯১ - ১৯৬৮) এগৰাকী লেখক আৰু শিক্ষাবিদ আছিল।

অম্বিকানাথ বৰা
জন্ম ১৮৯১
গুৱাহাটী, অসম
মৃত্যু ২৫.০৪.১৯৬৮
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত

জন্ম আৰু শিক্ষাজীৱন

সম্পাদনা কৰক

জন্মস্থান কামৰূপ জিলাৰ গুৱাহাটী। পিতৃৰ নাম সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুৱনেশ্বৰী। কটন কলেজিয়েট আৰু কটন কলেজৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লৈ কলিকতাৰ পৰা বাণিজ্য বিষয়ত উচ্চ শিক্ষা গ্রহণ কৰে।

কৰ্মজীৱন

সম্পাদনা কৰক

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ মহলা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই বিভাগতে তেওঁ অধ্যাপনাও কৰিছল।

সাহিত্যিক অৱদান

সম্পাদনা কৰক

কবিতা, প্ৰৱন্ধ ইত্যাদি 'ঊষা' আলোচনীত প্রকাশ হয়। 'কক্মিণী হৰণ' নাট সম্পাদনা কৰি প্ৰকাশ কৰে। হেমচন্দ্ৰ গোস্বামীৰ 'অসমীয়া সাহিত্যৰ চানেকি' গ্ৰন্থখনৰ প্ৰণয়নত আগভাগ লৈছিল ।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. দত্তবৰুৱা, মঞ্জু, সম্পা. (২০১২). অসম লেখক কোষ. অসম সাহিত্য সভা, পৃ: ৭