মূল মেনু খোলক

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় [ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল|ভাৰতীয়-আৰ্য ভাষা]]। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হায়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি[2] আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি[3]

অসমীয়া
অসমীয়া
Oxomiya in Oxomiya Lipi.svg
উচ্চাৰণ ɔxɔmija
থলুৱা অঞ্চল ভাৰত, ভূটান আদি
অঞ্চল অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, উত্তৰ-পূব ভাৰতৰ আন কোনো কোনো ঠাই, দিল্লী, বেংগালুৰু, উত্তৰ প্ৰদেশ, পুণে-মহাৰাষ্ট্ৰ, কলিকতা আদিৰ ঠাইবিশেষে[1]
স্থানীয় ভাষিক
১৩ নিযুত (মুঠ ২০ নিযুত)
ভাষা পৰিয়াল
উপভাষা *উজনি অসমৰ উপভাষা
  • মধ্য অসমৰ উপভাষা
  • কামৰূপী উপভাষা
  • গোৱালপৰীয়া উপভাষা
লিখন প্ৰণালী অসমীয়া লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
ভাৰত (অসম)
নিয়মাধীন হয়
অসম সাহিত্য সভা
ভাষা সংকেত
ISO 639-1 as
ISO 639-2 asm
ISO 639-3 asm

অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।

সূচী

উদ্ভৱ আৰু বিকাশসম্পাদনা কৰক

 
মাগধী প্ৰাকৃত অনুসৰি অসমীয়া ভাষাৰ উদ্ভৱৰ বিভিন্ন ধাৰা

প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে৷ এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়৷ তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, বেণিমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোক চন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত[4][5]

বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই৷ কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে৷ মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷[6]

এইক্ষেত্ৰত ড° উপেন্দ্ৰ নাথ গোস্বামীৰ মতে-

অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা৷ ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি৷ মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে৷ অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতত্সম আৰু তদ্ভৱ শব্দ৷ অসমীয়া ভাষটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে৷

[7]

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ[8] গ্ৰন্থত ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-
ভাষা- অসমীয়া
গোত্ৰ- ইণ্ডো-ইউৰোপীয়
প্ৰৱৰ- আৰ্য
শাখা- বৈদিক
বৰ্ণ- প্ৰাচ্য (কামৰূপ) প্ৰাকৃত
গণ- কামৰূপী অপভ্ৰংশ
ক্ষণ- দ্বাদশ-ত্ৰয়োদশ শতিকা
ক্ষেত্ৰ- উত্তৰ-পূব ভাৰত খণ্ড

আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই৷ বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে৷ ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে৷ ড° ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "it did not stand analysis and proper scrutiny" বুলি মন্তব্য কৰিছে৷[9][10]

অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে৷[11]

  1. প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ৷ এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি৷
  2. মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ৷ আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে৷
  3. আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷


খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷

লিপিসম্পাদনা কৰক

অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়

ৰূপতত্ব আৰু ব্যাকৰণসম্পাদনা কৰক

সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে৷ অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্টসমূহ প্ৰকাশ পায়[12]

  • অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয়৷
  • অসমীয়াত বচন ব্যাকৰণগত নহয়৷
  • সংস্কৃতত পুৰুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা৷ (মধ্যম পুৰুষৰ মান্য আৰু তুচ্চাৰ্থবাচক ৰূপ আছে)৷
  • সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণী-বিভাজন নাই৷
  • সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে।
  • কৰ্তাপদতকৈ কৰ্মপদ সম্পূৰ্ণ পৃথক।
  • ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া হয়। (Kinship nouns are inflected for personal pronominal possession.)
  • ক্ৰিয়া-বিশেষণ সমুহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি।
  • জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি।

ধ্বনিতত্বসম্পাদনা কৰক

অসমীয়া ভাষাৰ ধ্বনিতত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি৷

স্বৰধ্বনিসম্পাদনা কৰক

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে৷ লিখিতভাৱে স্বৰধ্বনি ১১ টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়৷ উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি৷[13][6]

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়৷ জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়৷ আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি৷ কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে৷[14]

অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ তালিকা
সন্মুখ কেন্দ্ৰীয় পশ্চ
উচ্চ
উচ্চ-মধ্য
উচ্চ-নিম্ন-মধ্য
এ’
অ’
নিম্ন-মধ্য
নিম্ন

ব্যঞ্জনধ্বনিসম্পাদনা কৰক

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে৷ স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়৷ লিখিতভাৱে অসমীয়া ভাষাত ৪০ টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়৷[13][6]

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়৷ স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে৷ সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে৷ নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি৷ উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়৷ /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে৷ কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে৷

অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়৷ সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে৷ ওচৰাউচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব৷[14]

অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিৰ তালিকা
উচ্চাৰণ স্থান দ্বৌষ্ঠ্য দন্তমূলীয় পশ্চ-তালব্য কণ্ঠ্য
উচ্চাৰণৰ ধৰণ
অঘোষ
ঘোষ
অঘোষ
ঘোষ
অঘোষ
ঘোষ
ঘোষ
অল্পপ্ৰাণ
মহাপ্ৰাণ
নাসিক্য
উষ্ম
পাৰ্শ্বিক
কম্পিত

উপভাষাসম্পাদনা কৰক

উনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা৷ অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়৷ কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে৷ বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (1) পূব আৰু (2) পশ্চিম উপভাষা৷ কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়৷[3]

  1. পূবৰ বা উজনি অসমৰ উপভাষা (শিৱসাগৰ,যোৰহাট, লখিমপুৰ, ধেমাজি আদি অন্যান্য জিলাত ব্যৱহাৰ কৰা ভাষা)
  2. মধ্য অসমৰ উপভাষা (নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চল)
  3. কামৰূপী উপভাষা (কামৰূপ,নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত)
  4. গোৱালপাৰীয়া উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও জিলা আৰু চিৰাং জিলা)

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. [1]Language information service, India; Assamese-Demography; আহৰণ:১৯ ফ্ৰেব্ৰুৱাৰী ২০১২
  2. [2]ভাৰতীয় লোকপিয়ল তথ্য ২০০১, আহৰণ:১৯ ফ্ৰেব্ৰুৱাৰী ২০১২
  3. 3.0 3.1 [3]RCILTS (Phase 2); আহৰণ:১৯ ফেব্ৰুৱাৰী ২০১২
  4. গ্ৰন্থ-অসমীয়া ভাষাৰ বিভিন্ন দিশ : মত আৰু বিতৰ্কিত মত, ড° ৰমেশ পাঠক, জ্যোতি প্ৰকাশন, ২০০৮, পৃষ্ঠা-১-১৯, টোকা: অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে কম কথাৰে আলোচনা কৰা সম্ভৱ নহয়৷ বিভিন্ন মত সম্পৰ্কে একাধিক যুক্তি এই গ্ৰন্থখনত আলোচনা কৰা হৈছে৷ কিন্তু কোনো এটা মতৰ ক্ষেত্ৰতে সত্যতা নিৰুপণ কৰা হোৱা নাই৷
  5. গ্ৰন্থ-অসমীয়া ভাষাৰ অধ্যয়ন, ড° প্ৰফুল্ল কুমাৰ নাথ, জ্যোতিৰেখা হাজৰিকা, বনলতা, ১৯৯৭, পৃষ্ঠা-৪
  6. 6.0 6.1 6.2 গ্ৰন্থ-অসমীয়া ভাষা, ড° ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭
  7. গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২
  8. গ্ৰন্থ-অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ, ড° গোলোকচন্দ্ৰ গোস্বামী, তৃতীয় সংস্কৰণ, পৃষ্ঠা ২২
  9. গ্ৰন্থ-Growth of the Asamiya Language, ড° ডিম্বেশ্বৰ নেওগে, পৃষ্ঠা-৪৪
  10. গ্ৰন্থ-অসমীয়া ভাষাৰ বিভিন্ন দিশ : মত আৰু বিতৰ্কিত মত, ড° ৰমেশ পাঠক, জ্যোতি প্ৰকাশন, ২০০৮, পৃষ্ঠা-১-১৯
  11. Assamese, Its Formation And Development, By- Dr. Banikanta Kakati, p. 13
  12. ব্যাকৰণ আৰু প্ৰাকৃতিক বিজ্ঞান, ড° ৰমেশ পাঠক, পৃষ্ঠা-২৬/২৭, ১৯৮৮
  13. 13.0 13.1 গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড° বাণীকান্ত কাকতি, ২০০২
  14. 14.0 14.1 গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬

বাহ্যিক সংযোগসম্পাদনা কৰক