অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷[1] এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন গ্ৰন্থত ক্ৰম অনুসাৰে কৰা হৈছে৷ সমান্তৰালভাৱে গ্ৰন্থখনত অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস সম্পৰ্কে এটি ‘আগকথা’ সন্নিৱিষ্ট কৰা হৈছে৷ আগকথাৰ শিৰোনামটো-‘অসমীয়া কবিতাৰ বিৱৰ্তন’৷ [2]
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ | |
---|---|
লেখক | ৰাজীৱ বৰা |
দেশ | ভাৰতীয় |
ভাষা | অসমীয়া |
বিষয় | অসমীয়া কবিতাৰ ইতিহাস বিষয়ক গ্ৰন্থ |
প্ৰকাশক | পাঞ্চজন্য বুক্ছ |
প্ৰকাশ | ২০১৮ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৭৩৬ |
লেখকৰ পৰিচয়
সম্পাদনা কৰকৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। তদুপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেখেতৰ উল্লেখযোগ্য কৃতি। [3]
গ্ৰন্থ বিৱৰণ
সম্পাদনা কৰকগ্ৰন্থখন অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বিষয়ক গ্ৰন্থ৷ [4] এই গ্ৰন্থখনত প্ৰত্ন বা আদি যুগ (৯৫০-১৩০০ শতিকা), প্ৰাক্-শঙ্কৰী যুগ (১৩০১-১৪৯০ খ্ৰীঃ), শঙ্কৰী যুগ (১৪৯১-১৭০০ শতিকা), পাঁচালী সাহিত্য (১৪-১৬শ শতিকা), শঙ্কৰোত্তৰ যুগ (১৭০০-১৮২৬ খ্ৰীঃ), প্ৰাক্ ৰোমাণ্টিক যুগ (১৮২৬-১৮৮৮), আধুনিক যুগ (১৯৪১-১৯৮৫)ৰ পৰা আৰম্ভ কৰি ১৯৯৯ চনলৈকে অসমীয়া কবিতাৰ সুদীৰ্ঘ পৰিক্ৰমা সামৰি নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰা হৈছে৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ৰাজীৱ বৰা. "তেজপুৰ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ". পাঞ্চজন্য বুক্ছ. http://agnee.tezu.ernet.in:8999/cgi-bin/koha/opac-detail.pl?biblionumber=49433। আহৰণ কৰা হৈছে: 29 September 2023.
- ↑ ৰাজীৱ বৰা. "অসমীয়া কবিতা বিন্দুৰ পৰা সিন্ধুলৈ". পাঞ্চজন্য বুক্ছ. পৃষ্ঠাসমূহ: ৭.
- ↑ সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭, পৃষ্ঠা- ২২
- ↑ "অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ". https://www.scientiabooks.in/product/asomiya-kabita-bindurpora-sindhuloi-অসমীয়া-কবিতা-বিন্দু/। আহৰণ কৰা হৈছে: 29 September 2023.[সংযোগবিহীন উৎস]