অসমীয়া ভাষাৰ শব্দসম্ভাৰ
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
ভাষাৰ প্ৰকাশিকা শক্তি প্ৰধানকৈ শব্দসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে। যি ভাষাৰ শব্দসম্ভাৰ চহকী সেই ভাষাৰ প্ৰকাশিকা শক্তিও বেছি। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা বাবে ইয়াত প্ৰয়োগ হোৱা অধিকাংশ শব্দই সংস্কৃতমূলীয়।
অসমীয়া শব্দমালাৰ ভাগ
সম্পাদনা কৰক- তৎসম
- অৰ্ধতৎসম
- তদ্ভৱ
- দেশী
- বিদেশী
তৎসম শব্দ
সম্পাদনা কৰকসংস্কৃত ভাষাৰ পৰা অবিকৃত ৰূপত অসমীয়া ভাষালৈ অহা শব্দবোৰকে তৎসম শব্দ বোলে। যেনে-সূৰ্য, ধৰ্ম, কৰ্ম, বৰ্ষা, দৰ্শন, প্ৰীতি, ঈশ্বৰ, বন্ধু, সৌন্দৰ্য, মাধুৰ্য, প্ৰাচুৰ্য, গাম্ভীৰ্য আদি।
অৰ্ধতৎসম শব্দ
সম্পাদনা কৰকসংস্কৃতৰ পৰা শব্দসমূহ অসমীয়া ভাষাত প্ৰৱেশ কৰোঁতে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আহিছে। তৎসম শব্দৰ বাহিৰেও সংস্কৃতমূলীয় বহুটো শব্দ আছে যিবোৰে উচ্চাৰণৰ তাৰতম্যৰ বাবে কিছু অপভ্ৰংশ ৰূপ লাভ কৰে। ফলত শব্দবোৰে সংস্কৃতো নহয় অসমীয়াও নহয় এনে এটা ৰূপ লাভ কৰে। এনেবোৰ শব্দকে অৰ্ধতৎসম শব্দ বোলে।[1] যেনে-কৰম, ধৰম, চেনেহ, শইচ, ভকতি, যতন, পীৰিতি, দৰশন, ৰতন আদি।
তদ্ভৱ শব্দ
সম্পাদনা কৰকঅসমীয়া ভাষাত ব্যৱহৃত অধিকাংশ শব্দই সংস্কৃত ভাষাৰ পৰা অহা। এই শব্দবোৰে ধ্বনি পৰিৱৰ্তনৰ নিয়ম মানি প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়া ৰূপ লৈছেহি। এনে শব্দবোৰেকেই তদ্ভৱ শব্দ বোলা হয়। যেনে-হাত, কাণ, সাপ, দাঁত, পদুম, আধা, ভাই, কাম, হাতী, সঁচা, মিছা, খায়, কয়, পঢ়ে, মাছ, কাছ, ভাল, নাক, ঘৰ আদি।
দেশী শব্দ
সম্পাদনা কৰকঅসমীয়া শব্দমালাত সংস্কৃতমূলীয় শব্দসমূহৰ বাহিৰেও অসমত বসবাস কৰা আৰ্যভিন্ন নৃগোষ্ঠীসমূহৰ মাজত প্ৰচলিত (ঘাইকৈ বড়ো,খাচি,কোল,আহোম)বিভিন্ন ভাষাৰ পৰা অহা শব্দৰ প্ৰচলন দেখিবলৈ পোৱা যায়। সেইবোৰ শব্দক দেশী শব্দ বোলা হয়। যেনে-কাবৌ, খং, জঞ্জাল, জহা, বোকা, চিকৰা, গোহাৰি আদি।
বিদেশী শব্দ
সম্পাদনা কৰকঅসমীয়া ভাষাত ব্যৱহাৰ হোৱা বহুতো শব্দ ভাৰতৰ বাহিৰ পৰা আহিছে। সেইবোৰক বিদেশী শব্দ বোলা হয়। বিদেশী শব্দৰ উৎস দুটা। এটা ফাৰ্চী-আৰবী আৰু আনটো ইউৰোপীয় ভাষা। [2] মুছলমান আক্ৰমণ আৰু মুছলমান বসতিৰ ফলত আৰবী-ফাৰ্চী শব্দ আমাৰ ভাষাত জীণ গৈছে। যেনে-কিতাপ, দোৱাত, আইন, আদালত, খাজনা ইত্যাদি। ইউৰোপীয় শব্দাৱলীৰ ভিতৰত ইংৰাজী শব্দৰ সংখ্যাই বেছি। তাৰ বাহিৰে,ফ্ৰেন্স, ওলন্দাজ, পৰ্টুগীজ আদিৰ দুই চাৰিটা শব্দও প্ৰবেশ কৰিছে। যেনে- কাৰ্তিজ, কুপন, চাবন, হৰ্তন, ৰোহিতন, ইস্কাপন, বুটাম, ৰিক্সা আদি।
তথ্যসূত্ৰ
সম্পাদনা কৰকগ্ৰন্থপঞ্জী
সম্পাদনা কৰক- ৰাজখোৱা, অৰবিন্দ [সম্পা.], যোগাযোগমূলক অসমীয়া, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৯
- শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণ, ২০১৮