ধ্বনি হৈছে ভাষাৰ মূল। মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে মুখেৰে প্ৰকাশ কৰে। কথা কোৱাৰ সময়ত মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি।[1] মানুহৰ মুখখনেই হ’ল ঘাই বাক্‌যন্ত্ৰ। ইয়াৰ প্ৰধান অংগবোৰ হ’ল: ওঁঠ, দাঁত, দাঁতৰ আলু, তালু, জিভা, কণ্ঠ আৰু নাক। এই অংগবোৰৰ সহায়ত বায়ুপ্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়। উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ৰূপ বেলেগ বেলেগ হয়।

ব্যাকৰণবিদ ড॰ গোলকচন্দ্ৰ গোস্বামীৰ মতে, "মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্‌ধ্বনি, বা চমুকৈ ধ্বনি বোলে।"[2]

অধিক জানিবলৈ চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "ধ্বনি আৰু বৰ্ণ". আমি অসমীয়া. https://amiasomiya.wordpress.com/assamese-grammar/ধ্বনি-আৰু-বৰ্ণ/। আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ, ২০২৪. 
  2. গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2000). বাগ্‌ধ্বনি. পৃষ্ঠা. 31-34.