যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ।[1] সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে-

দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ

তিনিটা বৰ্ণ লগলাগি- ন + ধ + ৰ = ন্ধ্ৰ, স + ত + ৰ = স্ত্ৰ, ধ + ৰ + উ = ধ্ৰু

তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ দিয়া হ'ল।

যুক্তাক্ষৰ প্ৰকাৰ

যুক্তাক্ষৰ

ক + ক = ক্ক
ক + ট = ক্ট
ক + ত = ক্ত
ক + ম = ক্ম
ক + য = ক্য
ক + ৰ = ক্ৰ
ক + ল = ক্ল
ক + স = ক্স
ক + ষ = ক্ষ
খ + য = খ্য
খ + ৰ = খ্ৰ
গ + গ = গ্গ
গ + ম = গ্ম
গ + য = গ্য
গ + ৰ = গ্ৰ
গ + ল = গ্ল
ন + ধ + ৰ  = ন্ধ্ৰ

ক-যোগ

ক + ক = ক্ক মক্কা
ঙ + ক = ঙ্ক অঙ্ক
ল + ক = ল্ক বল্কল
ষ + ক = ষ্ক পৰিষ্কাৰ
স + ক = স্ক নমস্কাৰ

খ-যোগ

ঙ + খ = ঙ্খ শঙ্খ

গ-যোগ

ঙ + গ = ঙ্গ অঙ্গ

ঘ-যোগ

ঙ + ঘ = ঙ্ঘ জঙ্ঘা

ঙ-যোগ

নাই

চ-যোগ

চ + চ = চ্চ উচ্চ
ঞ + চ ‌= ঞ্চ পঞ্চ
শ + চ = শ্চ নিশ্চয়

ছ-যোগ

চ + ছ = চ্ছ ইচ্ছা
ঞ + ছ = ঞ্ছ বাঞ্ছা
শ + ছ = শ্ছ শিৰশ্ছেদ

বিলুপ্তি হোৱা যুক্তাক্ষৰ

তথ্য উৎস

  1. চলিহা, সুমন্ত (নৱম প্ৰকাশ, পুনৰ মুদ্ৰন, ২০০৯). আধুনিক অসমীয়া শব্দকোষ. প্ৰকাশক গুৱাহাটী: বাণী মন্দিৰ. পৃষ্ঠা. ৫২৩. ISBN 81-7206-207-1.