অসমী (শিশু আলোচনী)

শিশু আলোচনী

অসমী অসমীয়া ভাষাৰ তিনিমহীয়া এখন শিশু আলোচনী৷ ১৯৮০ চনত শিৱসাগৰৰ চেপনৰ পৰা প্ৰকাশ পাইছিল৷ আলোচনীখনৰ সম্পাদক আছিল মৃদুল কুমাৰ বৰা৷[1]

অসমী নামৰ আন এখন সাহিত্য-সংস্কৃতিমূলক অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী ১৯৬৯ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷ সম্পাদক আছিল, ৰিজু হাজৰিকা৷ পত্ৰিকাখন দেৱকুমাৰ ভূঞা, অৰুণ কুমাৰ, প্ৰতাপ চন্দ্ৰ বড়ো, মনমোহন কলিতা আৰু গজেন্দ্ৰনাথ ডেকাৰ হৈ মথুৰামোহন শৰ্মাৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত৷ নতুন লেখকৰ সৃষ্টিত গুৰুত্ব দিয়া আলোচনীখনৰ বিষয় সূচীৰ আৰম্ভণিতেই “নতুন আলোচনী’’ শীৰ্ষক আলোচনাত লিখা হৈছিল, “নতুন নতুন একোখন আলোচনীৰ জন্ম হৈ একো একোদল লিখক আৰু চিন্তাশীল লোকক সমবেত কৰিব পৰাটোত আশা আৰু আনন্দ দুয়োটাই থাকে৷ সম্পাদকীয় শিতানত অসমীয়া আলোচনীৰ সমস্যাৰ কথা আলোচনা কৰা হৈছিল৷[2]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৮৭. 
  2. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৭৩.