শিৱসাগৰ
শিৱসাগৰ বা চে'-মুন(আহোম: 𑜋𑜦𑜧 𑜉𑜤𑜃𑜫ইংৰাজী: Sivasagar) অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ।[1] আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ (২২৪ মাইল) দূৰৈত অৱস্থিত। চহৰখনক দিহিং বৰ্ষাৰণ্যই আৱৰি ৰাখিছে য’ত দিহিং আৰু লোহিত নৈ মিলি যায়।
শিৱসাগৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
উচ্চতা | ৯৫ মিটাৰ (৩১২ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
53,854 |
নামৰ উৎপত্তি
সম্পাদনা কৰকশিৱসাগৰ নামটো নগৰখনত থকা শিৱসাগৰ পুখুৰীৰ পৰাই উৎপত্তি হৈছে।
স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল।
সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।[2] আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।
জনগাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰৰ জনসংখ্যা আছিল ৫০,৭৮১ গৰাকী য’ৰ ২৬,৯২৫ গৰাকী পুৰুষ আৰু ২৩,৮৫৬ গৰাকী মহিলা। শিৱসাগৰৰ গড় সাক্ষৰতাৰ হাৰ হ’ল ৮০.৪১%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৫.৮৪% আৰু ৭৪.৭১%।
যাতায়ত
সম্পাদনা কৰকশিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, শিৱসাগৰ আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰি আদি ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘ্য ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে।
পৰ্যটন
সম্পাদনা কৰকশিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰণি শিৱসাগৰ জিলাৰ নাম) শিৱ দেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ। শিৱসাগৰ পুখুৰীটোৰ দক্ষিণ পাৰে তিনিটা দ'ল আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহৎ। শিৱদৌলৰ পূৱে বিষ্ণু দ’ল আৰু পশ্চিমে দেবী দ’ল। শিৱদৌলত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিৱদৌলত এইটোয়েই ডাঙৰ উৎসৱ। দেৱীদ’লত দুৰ্গাপূজাৰ দিনা প্ৰতিমা সজাই পূজা পতা হয়। আনহাতে বিষ্ণুদ’লৰ ফালে ৪ কিলোমিটাৰমান গ’লে পথৰ সোঁফালে এটা দেউঘৰ পোৱা যায়। ইয়াক বৰ্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়। শিৱসাগৰ নগৰৰ পৰা দুই কিঃমিঃ দক্ষিণে পুৰনি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান।
আহোম ৰাজ্যৰ একালৰ ৰাজধানী আৰু ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰো ইয়াতেই আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰতো নিৰ্মাণ কৰা হৈছিল (১৬৯৮-১৭১৪)। ইয়াক মাটিৰ তলৰ দুৰ্গ ও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাঁৱৰ কাৰেংঘৰলৈ দুটা সুৰংগ আছিল। প্ৰাকৃতিক দূযোৰ্গৰ বাবে এই পথটো বন্ধ হৈ যায়। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিঃমিঃ গ’লেই ৰংঘৰতো অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই (১৭৪৪-৫১) পশুযুঁজ তথা বিভিন্ন অনুষ্ঠান চাবৰ বাবে নিৰ্মাণ কৰিছিল।
তলাতল ঘৰৰ পৰা কিছুদূৰত দক্ষিণে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩ চনত এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেউৱে শিৱপূজা কৰিছিল। ৰংগনাথ দ’লৰ কাষতে দক্ষিণ পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেয়া হ’ল “ফাকুৱাদ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে। ফাকুৱা দ’লৰ পৰা পৰা অলপ আঁতৰত অৱস্থিত (উত্তৰে) হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মণিপুৰী আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজাই।
ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল। ইয়াৰ আন এটা নাম “ন গোঁসাই দ’ল। ন গোঁসাইদ’ল দক্ষিণফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিণৰ পঁকী ঘৰটো ভোগ ঘৰ।
জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্ছিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল। কাৰেংঘৰৰ নিৰ্মাণ কৰোঁতা বঙালী মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদিনৰ ঘৰ। পিছলৈ তেওঁ হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল। শিৱসাগৰ চহৰৰ পৰা ১২ কিঃমিঃ পশ্চিমত নামডাং নৈৰ ওপৰত থকা এই শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত "শিলাকুটি" নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মাণত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰাচাউল, হাঁহকণী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল।
জয়সাগৰৰ পৰা ৪ কিঃমিঃ পূবে বগীদ'ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দ’ল নিৰ্মাণ কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেই এই দ’লটিৰ নাম বগীদ’ল ৰখা হয়। জয়সাগৰৰ পূবফালে খৰিকটীয়া আলিয়েদি ২ কিঃমিঃ আতঁৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দ’ল পোৱা যায়। এই দুটা দ’লক বৰপাত্ৰ দ’ল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পিছত তেওঁ নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰাণী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেঁই লখিমীসাগৰ খন্দাই আৰু দুটা দ’ল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দ'ল আনটো বৰপাত্ৰ দ’ল নামে জনা যায়।
চিত্ৰ ভঁৰাল
সম্পাদনা কৰক-
তলাতল ঘৰ
-
শিৱসাগৰৰ এটা দৌল
-
শিৱ দৌল ৰাতিৰ সময়ত
-
ঘণশ্যামৰ ঘৰ, জয়সাগৰ (ASI monument N-AS-32)
-
তলাতল ঘৰৰ বাকৰিত থকা বৰটোপ
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ বৰুৱা (১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
- ↑ লীলা গগৈ (২০০৭ চন). বেলি মাৰ গ'ল. প্ৰকাশক ডিব্ৰুগড়: বনলতা.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত শিৱসাগৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sivasagar ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- Official website of the district