অসমৰ মাছমৰীয়া সম্প্ৰদায়

উত্তৰ-পূব ভাৰতত বেছিভাগ সম্প্ৰদায় মাছ ধৰাত জড়িত। কিন্তু মাত্ৰ কেইটামান খিলঞ্জীয়া জনগোষ্ঠীয়েহে ব্যৱসায়িক মাছ ধৰাৰ কামত নিয়োজিত। ইয়াৰে অধিকাংশই ক্ষুদ্ৰ উদ্যোগ,আৰু অভ্যন্তৰীণ নদীৰ মাছৰ উদ্যোগত জড়িত। এই মাছমৰীয়া সম্প্ৰদায়ৰ বহুতেই মাছ ধৰা সামগ্ৰী নিৰ্মাণ আৰু মেৰামতি, চপোৱা, চপোৱাৰ পিছত প্ৰক্ৰিয়াকৰণ আৰু মাছৰ বিপণন আদি কাম কৰে। অসমৰ বহু সম্প্ৰদায়ত মহিলাসকলে মাছ ধৰে। তেওঁলোকে প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি আৰু স্থানীয় প্ৰযুক্তি ব্যৱহাৰ কৰে যিবোৰ তেওঁলোকৰ জীৱনশৈলীৰ অংশ। বিশেষ অনুষ্ঠানত সামূহিক-মাছ ধৰা, মাছ ধৰাৰ লগত জড়িত গীত আৰু ৰীতি-নীতি অসমীয়া লোকসংস্কৃতিৰ সৈতে জড়িত।[1] গৱেষণাৰ তথ্য অনুসৰি ১৯৯০-৯১ চনত, অসমত ৭৬,০০০ টনৰ পৰা ১৯৯৪-৯৫ চনত ১৫৩,০০০ টনলৈ মাছৰ উৎপাদন দুগুণতকৈও অধিক বৃদ্ধি কৰিছিল। কিন্তু,তাৰ পিছত বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে আৰু হ্ৰাসৰ এটা প্ৰধান কাৰণ হৈছে, অনুপযুক্ত মাছ ধৰা পদ্ধতিৰ ব্যৱহাৰ, মহৰ জাল, বিষক্ৰিয়া আৰু বিস্ফোৰণৰ দৰে মাছ ধৰা পদ্ধতিৰ ব্যৱহাৰ।[2] অসমত,প্ৰায় ২০-২৫ শতাংশ মহিলাই জলজ কৃষি আৰু মীনপালনত নিয়োজিত। অভ্যন্তৰীণ মীনপালন অসমৰ দৰে ভূ-অৱচ্ছিন্ন ৰাজ্য বিশেষকৈ খাদ্য সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ বেছিভাগ মাছৰ উৎপাদন মানুহৰ খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্থনৈতিকভাৱে দুৰ্বল জনসংখ্যাৰ বাবে মাছৰ বিশেষ গুৰুত্ব কিয়নো ই সস্তা আৰু সুলভ প্ৰটিন আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰে।[3] মাছ ধৰা ব্যৱসায় আৰু মাছ পালনে বৃহৎ সংক্ষক লোকক কৰ্মসংস্থাপন আৰু জীৱিকা প্ৰদান কৰে, মূলতঃ মহিলাসকলক।[4]

  1. Kalita, K. D., Das, B. K., & Kalita, S. Fishing Communities and Traditional Fishing Gears in South-West Assam. IOSR Journal of Agriculture and Veterinary Science, 12 (5), 1, 7
  2. V.V. Sugunan, Status of culture based fisheries in small reservoirs in India, in S.S.De Silva (ed) Reservoir and Culture based Fisheries: Biology and Management. Canberra. Australian CIAR, 2001
  3. Baruah D (2014). Indigenous bamboo-made fishing implements of Assam. J Krishi Vigyan 3 (1): 37-41.
  4. Baruah D, Dutta A and Pravin P (2013). Traditional fish trapping devices and methods in the Brahmaputra valley of Assam. Indian Journal of Traditional Knowledge 12 (1): 123-129.