অসমৰ মুখা শিল্প
মুখাশিল্প (ইংৰাজী: Mask making) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়। মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়। প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়। ইয়াৰ পিচত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়া হয়। শেষত বিভিন্ন ৰং সানি দেখনিয়াৰ কৰা হয়। অসমৰ মাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত। ভাওনাৰ মুখাসমূহ ৰামায়ণ,মহাভাৰত আৰু পুৰাণৰ কাহিনীৰ আধাৰত প্ৰস্তুত কৰা হয়। মুখাসমূহত সাধাৰণতে ৰঙা,নীলা আৰু হালধীয়া ৰঙৰ প্ৰয়োগ বেছি হয়।
অসমত মুখাৰ প্ৰচলন
সম্পাদনা কৰকঐতিহাসিক যুগৰে পৰাই অসমত মুখাৰ প্ৰচলন হৈ আহিছে বুলি অনুমান কৰা হয়। ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত্ৰত উল্লিখিত কথাসমূহক সঁচা বুলি ধৰিলে,শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰা নাটকতেই তেওঁ ভাওনাৰ কেতবোৰ উপাদান যেনে:গীত,বাদ্য,মুখাৰ এক পূৰ্ণাংগ ৰূপত ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে প্ৰাচীন কামৰূপত প্ৰায় দুশ খ্ৰীষ্টাব্দৰ পৰাই হিন্দু দেৱ দেৱী সকলৰ পূজা চলি আহিছে। গতিকে বিভিন্ন চৰিত্ৰৰ বাস্তৱ ৰূপায়ণৰ ক্ষেত্ৰত মুখাৰ ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হয়। মুখাৰ জৰিয়তেই দৰ্শকক হাস্য, বীৰ, আদি ৰস আস্বাদনৰ যোগেদি আনন্দৰ খোৰাক জগাবলৈ চেষ্টা কৰা হৈছিল।[1] শঙ্কৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহৰ বিভিন্ন চৰিত্ৰৰ সফল ৰূপায়ণৰ বাবে মুখা ব্যৱহাৰ কৰা হয়। অসমত মুখা শিল্পৰ ঐতিহ্য আৰু ইতিহাস কিমান পুৰণি তাৰ কোনো সঠিক তথ্য উপলদ্ধ নহয় যদিও, অসমৰ গ্ৰাম্য সমাজত শাকনিবাৰীত চুণ সানি থোৱা টেকেলিটো তথা পথাৰৰ মাজত ধান খেৰৰ জুমুঠিৰে সাজি লোৱা সজ্জাটোতো অসমৰ পৰম্পৰাগত মুখা শিল্পৰ অতীত সম্পৰ্কীয় এক জিলিকণি বুলি অনুভৱ কৰিব পাৰি। চাৰে পাঁচশ বছৰীয়া মুখা শিল্পৰ এই চহকী পৰম্পৰা আৰু ঐতিহ্যক মাজুলীৰ সত্ৰসমূহে বহু আগৰে পৰাই সংৰক্ষণ, সংবৰ্ধন কৰি অহাৰ ক্ষেত্ৰৰ এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। মাজুলীৰ প্ৰধান উৎসৱ ৰাসোৎসৱত মুখাৰ ব্যৱহাৰ বহুলভাৱে দেখিবলৈ পোৱা যায়। মাজুলীৰ নতুন চামগুৰি সত্ৰ, পুৰণি চামগুৰি সত্ৰ, নৰসিংহ সত্ৰ, বিহিমপুৰ সত্ৰ, এলেঙী বাঁহ জেগুনি সত্ৰ, কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, আউনীআটী, দক্ষিণপাট সত্ৰত মুখানিৰ্মাণ পৰম্পৰা আজিও অব্যাহত আছে,যিয়ে অসমৰ মুখাশিল্পক বিশ্বৰ প্ৰেক্ষাপটত চিনাকি কৰাবলৈ সক্ষম হৈছে।[2]
মুখা মূলতঃ তিনিপ্ৰকাৰৰ। বৰ মুখা বা ছোঁ মুখা,চুটি মুখা বা লোটোকাই মুখা আৰু মূৰ মুখা বা মুখ মুখা। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেখেতে অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। তেখেতৰ এই একক প্ৰচেষ্টাৰ শলাগ ৰূপে তেখেতলৈ ২০০৩ তেখেতলৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱা হয়। তেখেতৰ প্ৰয়াণৰ পিছতো তেখেতৰ উত্তৰসুৰীয়ে এই শিল্প প্ৰতিষ্ঠাৰ হকে কাম কৰি আছে। মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে।