চামগুৰি সত্ৰ

অসমৰ মাজুলী জিলাত অৱস্থিত এখন সত্ৰ।

চামগুৰি সত্ৰ (ইংৰাজী: Samaguri Satra) অসমমাজুলী জিলাত অৱস্থিত এখন সত্ৰ[1] ১৫৮৫ শকৰ অৰ্থাৎ ১৬৬৩ চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণিয়ে এই সত্ৰখন স্থাপন কৰিছিল। এজোপা চাম গছৰ তলত স্থাপন কৰা বাবে এই সত্ৰখনৰ নাম চামগুৰি হয়। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ বাবে ইয়ালৈ আহে।[2]

চামগুৰি সত্ৰ

চামগুৰি সত্ৰৰ এগৰাকী মুখাশিল্পী
চামগুৰি সত্ৰ is located in Assam
চামগুৰি সত্ৰ
অসম মানচিত্ৰত চামগুৰি সত্ৰৰ অৱস্থান
ভূ-স্থানাংক 26°57′41″N 94°15′51″E / 26.9612547334°N 94.2642333765°E / 26.9612547334; 94.2642333765
স্থান
দেশ  ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা মাজুলী জিলা
এলেকা মাজুলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৬৬৩ চন
প্ৰতিস্থাপক চক্ৰধ্বজ সিংহ

ইতিহাস সম্পাদনা কৰক

মাজুলীত অৱস্থিত চামাগুৰি সত্ৰ ১৫৮৫ শকৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত প্ৰতিষ্ঠা কৰা হৈছিল। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ অনুগ্ৰহত চক্ৰপাণি আতায়ে এই সত্ৰ এজোপা চাম গছৰ তলত স্থাপন কৰিছিল।[2] চাম গছৰ গুৰিৰ পৰা আৰম্ভ হোৱা বাবে কালক্ৰমত সত্ৰখনৰ নাম চামগুৰি হল। এই সত্ৰখন বিভিন্ন কাৰণত অসমৰ বেলেগ ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল। প্ৰথমে এই সত্ৰ কামৰূপৰ জনিয়া থানত স্থাপন কৰা হৈছিল। তাৰপিছত ইয়াক পশ্চিম চামগুৰিলৈ স্থানান্তৰ কৰা হয় আৰু অৱশেষত মাজুলীত স্থাপন কৰা হয়। বৰ্তমান মাজুলীত তিনিটা চামগুৰি সত্ৰ পোৱা যায়। সেইকেইটা হল: পশ্চিম চামগুৰি সত্ৰ, মাজুলী চামগুৰি বা নাতুন চামগুৰি আৰু দলনি চামাগুৰি সত্ৰ। এই সত্ৰবোৰ পুৰুষ সংহতিৰ অধীনত আৰু গৃহস্থী ভকতে ইয়াৰ পৰিচালনা কৰে।

মুখা শিল্প সম্পাদনা কৰক

চামগুৰি সত্ৰৰ মুখা শিল্প পৃথিৱী বিখ্যাত।[3] শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাসোৎসৱ আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়। মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়। প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়। ইয়াৰ পিচত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়া হয়। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীয়ে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। [4] তেওঁ অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। অসমৰ মুখা শিল্পলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল।[5]

পৰ্যটন সম্পাদনা কৰক

চামগুৰি সত্ৰ অসমৰ মুখা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ইয়াৰ মুখা শিল্পীৰ প্ৰতি আকৃষ্ট হৈ দেশ বিদেশৰ বহু পৰ্যটক আহে।[6] নিয়মীয়া ধৰ্মীয় কাম-কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে মহাপুৰুষ দুজনাৰ তিথি, ৰাসোৎসৱ, জন্মাষ্টমী, ফাকুৱা আদিতো নানা ভক্তৰ সমাগম হয়। ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ এখিলা পাত, খৰম আৰু ঘটি আছে। দেশ বিদেশৰ যাদুঘৰত ইয়াৰ মুখা প্ৰদৰ্শিত হোৱাৰ লগতে নতুন দিল্লীত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেডটো প্ৰদৰ্শিত হৈছে।[5]

অৱস্থান সম্পাদনা কৰক

চামগুৰি সত্ৰ মাজুলী জিলাৰ কমলাবাৰীৰ পৰা ১১ কিঃমিঃ পূবত অৱস্থিত। যোৰহাটৰ নিমাতি ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ নিয়মীয়াকৈ ফেৰী চলাচল কৰে। ইয়াৰ নিকটতম ৰেল ষ্টেচন হৈছে যোৰহাট ৰেল ষ্টেচন আৰু নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৰৰৈয়া বিমানবন্দৰ[3]

চিত্ৰ ভঁৰাল সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "Samaguri Satra". lonelyplanet.com. https://www.lonelyplanet.com/india/northeast-states/majuli-island/attractions/samaguri-satra/a/poi-sig/1611129/356422। আহৰণ কৰা হৈছে: 1 July 2021. 
  2. 2.0 2.1 Dutta, Supriya. "Mukha Shilpa Assam". dsource.in. https://www.dsource.in/resource/mukha-shilpa-assam/samaguri-satra। আহৰণ কৰা হৈছে: 1 July 2021. 
  3. 3.0 3.1 "Saving Face: The Mask-Makers of Assam's Majuli Island". natgeotraveller.in. http://www.natgeotraveller.in/the-mask-making-traditions-of-assams-majuli-island/। আহৰণ কৰা হৈছে: 1 July 2021. 
  4. (১ জানুৱাৰী,২০১৪). "আমাৰ অসমত প্ৰকাশিত বাতৰি". (Web link). সংগ্ৰহ কৰা হৈছে: 1 জানুৱাৰী 2014. Archived 2013-12-17 at the Wayback Machine
  5. 5.0 5.1 "সত্ৰ সংস্কৃতি পীঠস্থান মাজুলীত মুখাশিল্পৰ ঐতিহ্য তথা পৰম্পৰা". as.vikaspedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b89a49cd9f0-9b89829b89cd9959c39a49bf-9aa9c09a09b89cd9a59be9a8-9ae9be99c9c19b29c09a4-9ae9c19969be9b69bf9b29cd9aa9f0-9909a49bf9b99cd9af-9a49a59be-9aa9f09ae9cd9aa9f09be। আহৰণ কৰা হৈছে: 1 July 2021. 
  6. "অসমৰ সত্ৰ সমূহ". tourism.assam.gov.in. https://tourism.assam.gov.in/as/portlet-sub-innerpage/অসমৰ-সত্ৰ-সমূহ। আহৰণ কৰা হৈছে: 1 July 2021.