অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম চৰকাৰৰ অধীনত এক শিক্ষা পৰিষদ।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (ইংৰাজী: Assam Higher Secondary Education Council) (AHSEC) হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ | |
---|---|
ল'গ' | |
চমু নাম | AHSEC |
প্ৰতিষ্ঠা | জুন ১, ১৯৮৪[1] |
ধৰণ | ৰাজ্যিক শিক্ষা পৰিষদ |
প্ৰধান কাৰ্যালয় | গুৱাহাটী, ভাৰত |
অঞ্চল | বামুণীমৈদাম, গুৱাহাটী, অসম, ভাৰত |
আনুষ্ঠানিক ভাষা | অসমীয়া আৰু ইংৰাজী |
অধ্যক্ষ | ৰুক্ম গোহাঁই বৰুৱা |
মাতৃ সন্থা | শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ |
ৱেবছাইট | https://ahsec.assam.gov.in/ |
ইতিহাস
সম্পাদনা কৰকঅসমত উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ১৯৮৪ চনৰ ১ জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা কৰে।[2]
পদবী
সম্পাদনা কৰক- অধ্যক্ষ (পূৰ্ণকালীন) - তেওঁ সংসদৰ মুখ্য কাৰ্যবাহী বিষয়া। ৰাজ্য চৰকাৰে অধ্যক্ষক ৩ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই নিযুক্তিৰ ম্যাদ আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
- সচিব - তেওঁ হ'ল সংসদৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ সংসদৰ সাধাৰণ প্ৰশাসন, প্ৰতিষ্ঠান, আইনী বিষয়, হিচাপ-নিকাচ, জনসংযোগ, অভিযোগ নিষ্পত্তি, ভুক্তি আৰু সা-সম্পত্তিৰ বাবে দায়বদ্ধ। *পৰীক্ষা নিবন্ত্ৰক - তেওঁ পৰীক্ষা প্ৰশাসন আৰু পৰীক্ষাৰ যাৱতীয় গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ।
- যুটীয়া সচিব
- উপ সচিব
- শৈক্ষিক বিষয়া
- সহকাৰী সচিব
- অভ্যন্তৰীণ হিচাপ নিৰীক্ষক
- অধীক্ষক
- সহকাৰী অধীক্ষক
- পি এ
- ইউ ডি এ
- এল ডি এ
কাৰ্যালয়ৰ ঠিকনা
সম্পাদনা কৰকঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১
টেলিফোন নং- ০৩৬১-২৫৫১৫৬৫
ই-মেইল- ahsec1@yahoo.com [3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "About us". Assam Higher Secondary Education Council. Assam Higher Secondary Education Council. Archived from the original on 30 January 2014. https://web.archive.org/web/20140130072503/http://www.ahsec.nic.in/AboutUs.html। আহৰণ কৰা হৈছে: 3 March 2014.
- ↑ "Assam higher secondary education council". https://m.timesofindia.com/home/education/board-exams/assam-higher-secondary-education-council-ahsec/articleshow/9991549.cms। আহৰণ কৰা হৈছে: 30 April 2022.
- ↑ "CONTACT INFO & DETAILS". Archived from the original on 7 June 2022. https://web.archive.org/web/20220607191125/https://ahsec.assam.gov.in/index.php/contact/। আহৰণ কৰা হৈছে: 30 April 2022.