অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয় (ইংৰাজী: Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।

অসম কৃষি বিশ্ববিদ্যালয়
স্থাপিত ১ এপ্ৰিল, ১৯৬৯
ধৰণ ৰাজহুৱা
ধৰ্মীয় ভুক্তি আই চি এ আৰ (ICAR)
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য বিদ্যুত চন্দন ডেকা
স্থান যোৰহাট, অসম, ভাৰত
ৱেবছাইট www.aau.ac.in

বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়। ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।[1]

মহাবিদ্যালয় সম্পাদনা কৰক

বিশ্ববিদ্যালয়ৰ অধীনত নখন মহাবিদ্যালয় আছে।

গৱেষণা কেন্দ্ৰ সম্পাদনা কৰক

এই বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ ছটা কৃষি অঞ্চলতে একোটাকৈ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আছে।

  • তিতাবৰ - উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
  • উত্তৰ লক্ষিমপুৰ - উত্তৰ পাৰৰ সমতল অঞ্চল
  • শ্বিলঙিনী - মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
  • ডিফু - পাৰ্বত্য অঞ্চল
  • গোঁসাইগাঁও - নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
  • কৰিমগঞ্জ- বৰাক উপত্যকা অঞ্চল

এই বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰএকোটাকৈ স্থাপন কৰা হৈছে।

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. চিত্ৰ-বিচিত্ৰ অসম; প্ৰদীপ বৰুৱা (২০০৩). অসম কৃষি বিশ্ববিদ্যালয়. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.