যোৰহাট ভাৰতৰ উজনি অসমস্থিত এখন গুৰুত্বপূৰ্ণ চহৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম 'যোৰহাট' হয়৷[1] আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ 'ৰজা মৈদাম' আৰু 'ৰাজমাও পুখুৰী'কে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[উদ্ধৃতিৰ প্ৰয়োজন] অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। ৰৰৈয়া যোৰহাটৰ বিমান বন্দৰ আনহাতে ৰেলৱে জংচন যোৰহাট আৰু মৰিয়নি। লাচিত বৰফুকনৰ মৈদাম, অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, 'যোৰহাট জিমখানা ক্লাব' আদি যোৰহাটৰ উল্লেখযোগ্য স্থান।

যোৰহাট
—  নগৰ  —
যোৰহাট
যোৰহাটৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°45′0″N 94°13′0″E / 26.75°N 94.216667°E / 26.75; 94.216667
দেশ  ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
জিলা যোৰহাট জিলা
জনসংখ্যা

চহৰ অঞ্চল


1,70,648 (44) (2001)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


116 m (381 ft)

ভৌগোলিক বিৱৰণসম্পাদনা কৰক

যোৰহাটৰ স্থানাংক হৈছে 26°45′N 94°13′E / 26.75°N 94.22°E / 26.75; 94.22[2] আৰু গড় উচ্চতা 116 মিটাৰs (381 ফুট)। যোৰহাট জিলাৰ পূবে শিৱসাগৰ জিলা, পশ্চিমে গোলাঘাট জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। যোৰহাট নগৰৰ পৰিসীমা ৯.২০ বৰ্গ কি:মি: আৰু ইয়াত পৌৰসভাৰ অন্তৰ্গত ১৯টা ৱাৰ্ড আছে।[3]

জনগাঁথনিসম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ [1]। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট চহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ।

ইতিহাসসম্পাদনা কৰক

'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে৷[1] আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰৱৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়।

ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত চিপাহী বিদ্ৰোহৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত মণিৰাম দেৱানকে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।[4]

১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়[1]। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰেল সেৱা যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱেৰ জৰিয়তে যোৰহাটলৈ ৰেলসেৱাৰ সূচনা হয়[5]। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।

সংস্কৃতি আৰু গণ মাধ্যমসম্পাদনা কৰক

যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ নীৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত চহৰখনত এতিয়াও পুৰণি ঐতিহ্যৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। নাটক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৮৯৬ চনত যোৰহাটৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তত্ত্বাৱধানত 'যোৰহাট থিয়েটাৰ'ৰ জন্ম হয়[6]। ১৯১৫ চনত 'যোৰহাট সাহিত্য সভা' স্থাপিত হয়। অসম সাহিত্য সভাৰ এক মুখ্য কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈয়ে দান দিয়া "চন্দ্ৰকান্ত সন্দিকৈ ভৱন" ইয়াতে অৱস্থিত।

যোৰহাট জিলা অসমৰ কেইবাজনো বিখ্যাত মণিষীৰ জন্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আদিকে ধৰি বহুতো কবি, সাহিত্যিক, গৱেষক পণ্ডিত, কাৰিকৰী বিশাৰদ, সাংবাদিকে যোৰহাটত জন্মগ্ৰহণ কৰিছিল।

যোৰহাটৰ পৰা কেইবাখনো দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হয়- ইংৰাজীত 'The North East Times' আৰু 'The Telegraph', অসমীয়াত 'সাপ্তাহিক জনমভূমি', 'দৈনিক জনমভূমি', 'আমাৰ অসম', 'অসমীয়া খবৰ' আৰু 'দৈনিক অগ্ৰদূত', হিন্দীত 'পূৰ্বাঞ্চল প্ৰহৰী'[1]। 'City Guide of Jorhat' নামৰে ১৯৮৭ চনত যোৰহাটৰ প্ৰথমখন নিৰ্দেশিকা প্ৰকাশ পায়। যোৰহাটৰ আকাশবাণী ৰেডিঅ' কেন্দ্ৰটো চহৰখনৰ গড়মূৰ অঞ্চলত অৱস্থিত।

ৰাজনীতিসম্পাদনা কৰক

যোৰহাট চহৰ যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্গত[7]। বৰ্তমানৰ বিধায়ক হৈছে ভাৰতীয় জনতা পাৰ্টীহিতেন্দ্ৰ নাথ গোস্বামী।যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ তপন কুমাৰ গগৈ।

যাতায়তসম্পাদনা কৰক

বিমান

"যোৰহাট বিমান বন্দৰ"ক "ৰৰৈয়া বিমানবন্দৰ" বুলিও কোৱা হয়। চহৰৰ ৰৰৈয়া অঞ্চলত ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে কলকাতা, গুৱাহাটী আৰু নতুন দিল্লী লৈ ইণ্ডিগ' বিমান সেৱাৰ বিমান চলাচল কৰে। যাত্ৰীৰ সংখ্যাৰ ফালৰ পৰা ই অসমৰ ৪ৰ্থ ব্যস্ত বিমানবন্দৰ। ই পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি।

ৰেলসেৱা
 
যোৰহাট টাউন ৰেল ষ্টেচনত ৰৈ থকা অৱস্থাত জন শতাব্দী এক্সপ্ৰেছ

যোৰহাট ভাৰতীয় ৰেলসেৱাউত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। চহৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আৰু কিছু আঁতৰৰ মৰিয়নিত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ।

স্থলপথ

উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ স্থলপথেৰে সু-সংযোগ আছে। তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ চৰকাৰী আৰু বেচৰকাৰী বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে।

উল্লেখযোগ্য দৰ্শনীয় স্থানসম্পাদনা কৰক

যোৰহাট জিমখানা ক্লাব
 
যোৰহাট জিমখানা ক্লাব

১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা এই জিমখানা ক্লাবটো স্থাপন কৰা হৈছিল। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্‌, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে। নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথম পকী পথ।

চন্দ্ৰকান্ত সন্দিকৈ ভৱন

ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।

বঙাল পুখুৰী
 
বঙাল পুখুৰী

যোৰহাট চহৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে।

বুঢ়ীগোসানী দেৱালয়

বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[8] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।

ৰজা মৈদাম
 
ৰজামৈদাম

১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। ই টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত।

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ

যোৰহাট চহৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ই অৱস্থিত। বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে।

শিক্ষা আৰু গৱেষণাসম্পাদনা কৰক

 
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
 
টোকোলাই চাহ গৱেষণা কেন্দ্ৰ
 
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
 
জগন্নাথ বৰুৱা মহাবিদ্যালয়

শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট চহৰত প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী কালত চহৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে।

গৱেষণা প্ৰতিষ্ঠানসম্পাদনা কৰক

বিশ্ববিদ্যালয়সম্পাদনা কৰক

কাৰিকৰী শিক্ষানুষ্ঠানসম্পাদনা কৰক

চিকিৎসা প্ৰতিষ্ঠানসম্পাদনা কৰক

ডিজাইন শিক্ষানুষ্ঠানসম্পাদনা কৰক

মহাবিদ্যালয়সম্পাদনা কৰক

বিদ্যালয়সম্পাদনা কৰক

  • কাৰ্মেল স্কুল
  • চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ছেমফ'ৰ্ড ফিউচাৰিষ্টিক স্কুল
  • জোনাকী সংঘ বিদ্যালয়
  • ডন বস্ক' বিদ্যালয়, বাঘচোং
  • ডন বস্ক' বিদ্যালয়, লিচুবাৰী
  • তৰাজান উচ্চ মাধ্যমিক বিদ্যালয়
  • দিল্লী পাব্লিক স্কুল
  • দীপাংকৰ বিদ্যাপীঠ
  • দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
  • বাল্য ভৱন
  • বাল ভাৰতী বায়ু সেনা বিদ্যালয়
  • বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয়
  • মহৰ্ষি বিদ্যা মন্দিৰ
  • মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
  • মেৰীলেণ্ড উচ্চ মাধ্যমিক বিদ্যালয়
  • যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয়
  • যোৰহাট গীতাৰ্থী বিদ্যালয়
  • যোৰহাট হাই মাদ্ৰাছা
  • যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয়
  • যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়
  • যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়
  • ৰ'য়েল অ'ক স্কুল
  • ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়
  • ৰেৱকান্ত বৰুৱা হাইস্কুল
  • আৰ্মী পাব্লিক স্কুল
  • শঙ্কৰদেৱ চেমিনেৰী বিদ্যালয়
  • স্প্ৰিং ডে'ল হাইস্কুল
  • হেমলতা সন্দিকৈ বিদ্যালয়

কেন্দ্ৰীয় বিদ্যালয়সম্পাদনা কৰক

  • কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান)
  • কেন্দ্ৰীয় বিদ্যালয় (NEIST)
  • কেন্দ্ৰীয় বিদ্যালয় (ONGC)

চিত্ৰ শালিকাসম্পাদনা কৰক

(বাওঁফালৰ পৰা সোঁফাললৈ) পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীলৈ যোৱাৰ পথ; চৌক বজাৰৰ পদসাঁকোৰ পৰা এ.টি. পথৰ দৃশ্য; শতবৰ্ষৰ স্মাৰক; আৰু গান্ধী উদ্যান



লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "About the Place". http://jorhat.nic.in/about-the-place.html। আহৰণ কৰা হৈছে: 23 Nov 2011. 
  2. Falling Rain Genomics, Inc - Jorhat
  3. "পৌৰপতিৰ একলম". Jorhat municipal board. http://www.jorhatmunicipalboard.org/as/index.php। আহৰণ কৰা হৈছে: April 28, 2012. 
  4. "History". http://jorhat.nic.in/history.html। আহৰণ কৰা হৈছে: 23 Nov 2011. 
  5. "NFR History". NF Railway. http://www.nfr.railnet.gov.in/engir/History1.htm। আহৰণ কৰা হৈছে: 12 চেপ্তেম্বৰ 2020. 
  6. "Jorhat District, Assam". http://jorhat.gov.in/history-of-jorhat.html. 
  7. [http://www.mpmla.in/mp.php?stcode=S03&pcno=12 "M.P Jorhat, Assam, India"]. Assam. Election Commission of India. http://www.mpmla.in/mp.php?stcode=S03&pcno=12। আহৰণ কৰা হৈছে: ২০১১-১১-২৬. 
  8. সম্পাদনা: ড॰ মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ৬৮-৭০. 

বাহ্যিক সংযোগসম্পাদনা কৰক