অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়

অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অসমৰ পশু চিকিৎসা বিভাগৰ আগশাৰীৰ শিক্ষানুষ্ঠান। খানাপাৰাত অৱস্থিত মহাবিদ্যালয়খনৰ স্থাপনাকাল ১৯৪৮ চন। অসমৰ পশু চিকিৎসা আৰু পশু পালনৰ ক্ষেত্ৰত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে মূখ্য ভূমিকা লৈ আহিছে৷ পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত এই মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে৷

অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়

অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ
স্থাপিত ১৯৪৮
স্থান খানাপাৰা, গুৱাহাটী, অসম, ভাৰত
ভুক্তি অসম কৃষি বিশ্ববিদ্যালয়

ইতিহাস সম্পাদনা কৰক

প্ৰথমে ১৯৪৮ চনত নগাঁওত এই মহাবিদ্যালয়খন স্থাপন কৰা হয়৷ সেই সময়ত পশু চিকিৎসা বিজ্ঞানৰ তিনিবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়োৱা হৈছিল৷ আৰু প্ৰথমবাৰ ৩৩জন ছাত্ৰই নামভৰ্তি কৰিছিল৷ ১৯৫০ চনত মহাবিদ্যালয়খন গুৱাহাটীৰ চেনীকুঠীলৈ স্থানান্তৰিত কৰা হয়৷ তাৰপাছত ১৯৬০ চনত বৰ্তমানৰ স্থান খানাপাৰালৈ অনা হয়৷ ১৯৬৯ চনত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ক অসম কৃষি বিশ্ববিদ্যালয়ৰ অংশ হিচাপে ঘোষণা কৰা হয়৷[1]

নামভৰ্তি সম্পাদনা কৰক

প্ৰতিবছৰে অসমভিত্তিক বাছনি পৰীক্ষাৰ জৰিয়তে ৫৫ গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুবিধা দিয়া হয়৷ উত্তৰ-পূবৰ আন ৰাজ্য কেইখনৰ পৰাও ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰে৷ ইয়াৰ উপৰিও ভাৰতীয় পশুচিকিৎসা পৰিষদ(Veterinary Council of India)ৰ দ্বাৰা নিৰ্বাচিত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ইয়াত পঢ়িব পাৰে৷ তদুপৰি ভাৰতৰ চুবুৰীয়া বন্ধুৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও পঢ়াৰ সুবিধা আছে৷


শিক্ষা সম্পাদনা কৰক

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত পশুচিকিৎসা আৰু পশুপালন বিষয়ত স্নাতক,স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়৷ মুঠতে ১৯ টা বিভাগ আছে৷ সেইকেইটা হ’ল:

  1. পশু জৈৱ-প্ৰযুক্তি (Animal Biotechnology)
  2. পশুপুষ্টি(Animal Nutrition)
  3. পশু বংশগতি আৰু প্ৰজনন(Animal Genetics and Breeding)
  4. পশুধন উৎপাদন আৰু ব্যৱস্থাপনা(Livestock Production and Management)
  5. পশু প্ৰজনন আৰু প্ৰসূতি(Animal Reproduction,Gynaecology and Obstetrics)
  6. পৰজীৱি বিজ্ঞান(Veterinary Parasitology)
  7. অণুজীৱ বিজ্ঞান(Veterinary Microbiology)
  8. সম্প্ৰসাৰণ শিক্ষা(Extension Education)
  9. জৈৱ ৰসায়ন(Veterinary Biochemistry)
  10. প্ৰাণতত্ত্ব(Veterinary Physiology)
  11. ৰোগ নিৰূপণ(Veterinary Pathology)
  12. পশু জৈৱ প্ৰযুক্তি(Animal Biotechnology)
  13. Veterinary Pharmacology and Toxicology
  14. Veterinary Surgery and Radiology
  15. Clinical Medicine, Ethics and Jurisprudence
  16. Epidemiology and Preventive Medicine
  17. Veterinary Public Health
  18. Anatomy and Histology
  19. Livestock Product Technology
  20. Poultry Science


স্নাতক পাঠ্যক্ৰম পাঁচ বছৰীয়া, স্নাতকোত্তৰ পাঠ্যক্ৰম দুবছৰীয়া আৰু ডক্টৰেট পাঠ্যক্ৰম তিনিবছৰীয়া হয়৷ উপৰোক্ত যিকোনো বিভাগত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী ল’ব পাৰে৷ এই বিভাগ সমূহৰ উপৰিও গৰু, ম’হ, ছাগলী, গাহৰি আৰু ব্ৰইলাৰৰ ফাৰ্ম আছে৷ ছাত্ৰ-ছাত্ৰীৰ অভ্যাস কৰিবলৈ আছে এখন পশুচিকিৎসালয় ৷

আলোচনী সম্পাদনা কৰক

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন হ’ল ‘’ভেটকল’’ ৷১৯৫৫ চনৰ পৰাই প্ৰতি বছৰে নিয়মীয়াকৈ ভেটকল প্ৰকাশ পাই আহিছে ৷২০১৪ চনলৈকে ভেটকলৰ চত্বাৰিংশত্তম সংখ্যা প্ৰকাশ পাইছে ৷

ছাত্ৰাবাস সম্পাদনা কৰক

  1. মূখ্য ছাত্ৰাবাস(পূব প্ৰান্ত)
  2. মূখ্য ছাত্ৰাবাস (পশ্চিম প্ৰান্ত)
  3. অসম আৰ্হি ছাত্ৰাবাস
  4. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ছাত্ৰাবাস
  5. ডক্টৰছ হোষ্টেল
  6. নতুন ছাত্ৰাবাস (স্নাতকোত্তৰ)
  7. ১নং ছাত্ৰীবাস
  8. ২নং ছাত্ৰীবাস
  9. নতুন ছাত্ৰীবাস


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Annual Report , 2012-13