অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান[1] অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ছচাইটিয়ে পৰিচালনা কৰে। অসম চৰকাৰৰ মুখ্য সচিব এই প্ৰতিষ্ঠানৰ প্ৰধান।

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান
Assam Institute of Management
মূলমন্ত্ৰ প্ৰয়োগে সফলা বিদ্যা
স্থাপিত ১৯৮৮
ধৰণ বাণিজ্য প্ৰতিষ্ঠান
চেয়াৰমেন বিনোদ কুমাৰ পিপাৰচেনীয়া, IAS
সঞ্চালক অধ্যাপক (ডঃ) মুকুলেশ বৰুৱা
স্থান গুৱাহাটী, ভাৰত
ৱেবছাইট aimguwahati.edu.in

ইতিহাস সম্পাদনা কৰক

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বিশেষ অনুৰোধত সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদে এই প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমত অনুমোদন জনায়। প্ৰয়োজনীয় আন্তঃগাথঁনিৰ অভাৱৰ স্বত্তেও এক সুস্থ শৈক্ষিক পৰিৱেশ থকাৰ বাবেই এই প্ৰতিষ্ঠানে সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ পৰা অনুমতি লাভ কৰিছিল। ২০৫ চনৰ জানুৱাৰী মাহত অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান ইয়াৰ স্থায়ী চৌহদতলৈ স্থানান্তৰ কৰা হয়। স্থানান্তৰৰ পিছত এই প্ৰতিষ্ঠানৰ আন্তঃগাথঁনিৰ অভাৱ বহু পৰিমানে কমিছে।

শিক্ষা সম্পাদনা কৰক

১৯৯৪ চনৰ পৰা প্ৰতিষ্ঠানখনে ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা (PGDM) পাঠ্যক্ৰম আগবঢ়াই আহিছে। লগতে ই বিভিন্ন কাৰ্যসূচীৰ প্ৰশিক্ষণ, প্ৰকল্প গৱেষণা আৰু প্ৰকল্পৰ বাবে আৰোপিত কামৰ পৰামৰ্শ আৰু খতিয়ান দাঙি ধৰে। ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম ত্ৰি-ষাণ্মাসিক সজ্জাৰ। প্ৰশাসনিক সমিতিৰ পৰামৰ্শ মতে ২০০৮ চনত ইয়াৰ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম দুজন বিখ্যাত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান,কলকাতাৰ অধ্যাপকৰ দ্বাৰা পুনৰীক্ষণ কৰোৱা হৈছিল। লগতে প্ৰতি বছৰে ইয়াৰ শৈক্ষিক পৰিষদে বাৰ্ষিক সভাত এই পাঠ্যক্ৰমৰ পুনৰীক্ষণ কৰে।

ইয়াত মৌলিক ব্যক্তব্য আগবঢ়াবলৈ দেশ-বিদেশৰ বহু খ্যাতি সম্পন্ন ব্যক্তিক আমন্ত্ৰণ জনোৱা হয়। যেনে ছাচছেক্স বিশ্ববিদ্যালয়ৰ ডঃ স্কাৰলেট এপষ্টেইন, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান,কলকাতাৰ ডঃ সুবীৰ চৌধাৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গভৰ্ণৰ অধ্যাপক চি. ৰংগৰাজন ইত্যাদিয়ে ইয়াত ভাষণ প্ৰদান কৰিছে। [1]

এইম কুৱেষ্ট (AIM Quest) সম্পাদনা কৰক

এইম কুৱেষ্ট [2] অসম ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বাৰ্ষিক বাণিজ্য উৎসৱ। বিভিন্ন সামাজিক উপাদানৰ মাজেৰে সামাজিক দায়বদ্ধতা আৰু সামাজিক ভাৱে অৰ্থপূৰ্ণ সৃষ্টিশীল কাৰ্য সম্পাদনৰ যোগেদি সমাজৰ অৰ্থ-সামাজিক ভেটি সুদৃঢ় কৰা তথা এক সুস্থ বাণিজ্যৰ বাতাবৰণ সৃষ্টি কৰা এই উৎসৱৰ মূল উদ্দেশ্য।

ইয়াৰ বিভিন্ন কাৰ্যসূচী সমূহ হল:

  • যোজনা - বাণিজ্য পৰিকল্পনা প্ৰতিযোগিতা
  • কুইজিকেলচ - কুইজ প্ৰতিযোগিতা
  • ৰণভূমি – বাণিজ্য তৰ্ক প্ৰতিযোগিতা
  • এড জাপ – বিজ্ঞাপন প্ৰতিযোগিতা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Reporter, Staff (January 21, 2012). "Look East Policy fails to bring investment to NE". The Assam Tribune. Archived from the original on March 3, 2016. https://web.archive.org/web/20160303215200/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2112%2Fcity06। আহৰণ কৰা হৈছে: June 14, 2012. 
  2. Reporter, Staff (January 20, 2011). "AIM Quest Ashwamedh from today". The Assam Tribune (Guwahati). Archived from the original on January 25, 2011. https://web.archive.org/web/20110125231517/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2011%2Fcity05। আহৰণ কৰা হৈছে: June 14, 2012. 

বহিঃসংযোগ সম্পাদনা কৰক

স্থানাংক: 26°11′02″N 91°47′09″E / 26.1839°N 91.7858°E / 26.1839; 91.7858