হিতেশ্বৰ শইকীয়া (ইংৰাজী: Hiteswar Saikia, জন্ম: ১৯৩৪ – মৃত্যু: ১৯৯৬) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী[1] তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেহঁ মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰীৰ পদত আছিল।[2]

হিতেশ্বৰ শইকীয়া
Hiteswar saikia.jpg
মুখ্যমন্ত্ৰী[1]
কাৰ্যকাল
২৭ ফেব্ৰুৱাৰী, ১৯৮৩ – ২৩ ডিচেম্বৰ, ১৯৮৫[1]
নেতা ভাৰতীয় জাতীয় কংগ্ৰেছ
পূৰ্বসূৰী কেশৱ চন্দ্ৰ গগৈ
উত্তৰসূৰী প্ৰফুল্ল কুমাৰ মহন্ত[1]
মুখ্যমন্ত্ৰী
কাৰ্যকাল
৩০ জুন, ১৯৯১ – ২২ এপ্ৰিল, ১৯৯৬
পূৰ্বসূৰী প্ৰফুল্ল কুমাৰ মহন্ত
উত্তৰসূৰী ভূমিধৰ বৰ্মন
ব্যক্তিগত তথ্য
জন্ম ৩ অক্টোবৰ, ১৯৩৪
সাপেখাতি, শিৱসাগৰ জিলা
মৃত্যু ২২ এপ্ৰিল, ১৯৯৬ চন
দিল্লী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ড॰ হেমপ্ৰভা শইকীয়া
সন্তান দেবব্ৰত (পুত্ৰ)
অশোক (পুত্ৰ)
গৌতম (পুত্ৰ)

জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক

১৯৩৪ চনৰ ৩ অক্টোবৰত শিৱসাগৰ জিলাৰ সাপেখাতি ওচৰৰ বগাবাগ চাহ বাগিচাত হিতেশ্বৰ শইকীয়াৰ জন্ম হয়।[2] তেওঁৰ পিতৃৰ নাম আছিল হলধৰ শইকীয়া আৰু মাকৰ নাম আছিল খৰ্গেশ্বৰী শইকীয়া। তেওঁলোকৰ ছটা সন্তান আছিল।[2] তেওঁলোক আহোম সম্প্ৰদায়ৰ লোক আছিল। হলধৰ শইকীয়া বগাবগ চাহ বাগিচাত প্ৰধান কাৰ্যালয় সহায়কৰূপে চাকৰি কৰিছিল।

শিক্ষাসম্পাদনা কৰক

১৯৪৫ চনত হিতেশ্বৰ শইকীয়াই দহবছৰ বয়সত প্ৰাইমেৰী পৰ্য্যায়ৰ শিক্ষা সমাপ্ত কৰে। তাৰ পিছত নাজিৰা উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫৩ চনত তেওঁ নাজিৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৫ চনত তেওঁ কটন কলেজৰ পৰা দ্বিতীয় বিভাগত আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ শ্বিলঙৰ ছেণ্ট এড্‌মাণ্ডছ কলেজত নামভৰ্তি কৰে।[2] ১৯৫৭ চনত তেওঁ তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ১৯৫৮ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। ১৯৬০ চনত তেওঁ তাৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱনসম্পাদনা কৰক

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, ১৯৬০ চনৰ ৯ অক্টোবৰত হিতেশ্বৰ শইকীয়াই নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ইতিহাসৰ শিক্ষকৰূপে যোগদান কৰে। নাজিৰা এছোচিয়েটেড ক্লাব আৰু নাজিৰা নাট্য সমিতিৰ লগত তেওঁ জড়িত আছিল। তেওঁ বৰতলা উচ্চ ইংৰাজী বিদ্যালয়ৰ সম্পাদক পদতো আছিল। নাজিৰাত এখন মহাবিদ্যালয় স্থাপনৰ বাবেও তেওঁ আগভাগ লৈছিল। ইয়াৰ বাহিৰেও তেওঁ কিছুদিনৰ বাবে গড়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে সেৱা আগবঢ়াইছিল।[2]

ৰাজনৈতিক জীৱনসম্পাদনা কৰক

১৯৬৪ চনৰ ১৫ আগষ্টত হিতেশ্বৰ শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰে। প্ৰথমতে, তেওঁ শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু পিছত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যালয় সম্পাদকৰ দায়িত্বত আছিল।[2]

১৯৭২ চনত হিতেশ্বৰ শইকীয়া প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নাজিৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত তেওঁ গৃহ, শিক্ষা, স্বাস্থ্য আৰু জনসংযোগ বিভাগৰ ৰঅজ্যিক পৰ্যায়ৰ মন্ত্ৰী নিযুক্ত হয়। পিছত গৃহ দপ্তৰৰ পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী নিযুক্ত হৈছিল। ১৯৭৬ চনৰ শেষৰফালে তেওঁ শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[2] ইয়াৰ উপৰি চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাতো তেওঁ শিক্ষামন্ত্ৰীৰ পদত আছিল।

মুখ্যমন্ত্ৰী পদতসম্পাদনা কৰক

প্ৰথম কাৰ্যকালসম্পাদনা কৰক

১৯৮৩ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হয়। কংগ্ৰেছ দলৰ সৰ্বসন্মতিক্ৰমে হিতেশ্বৰ শইকীয়াক মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰে। ১৯৮৩ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।[2] ইয়াৰ লগে লগে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে। মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিয়েই তেওঁ অসম আন্দোলনৰ সময়ত আশ্ৰয় শিবিৰত থকা সকলোকে নিৰাপত্তা সুনিশ্চিত তথা অসমলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিব বুলি অঁনাতাৰ বাণীযোগে প্ৰচাৰ কৰি আশ্বাস দিছিল।[2]

মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ অসমত বাৰ্ধক্য পেন্সন, নিবনুৱা ভাট্টা, শিক্ষিত নিবনুৱালৈ আত্ম প্ৰতিষ্ঠাৰ বাবে বেংকৰ ঋণ, চন্দ্ৰপুৰত স্থায়ী ৰাজধানীৰ আধাৰশিলা আদি কেইবাটাও উল্লেখযোগ্য কামত হাত দিছিল। তেওঁৰ দিনত কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা, শোণিতপুৰ আৰু যোৰহাট – এই ছয়খন জিলা আৰু বিশ্বনাথ চাৰিআলি, গোঁসাইগাঁও, ৰঙিয়া, মানকাচৰ, দক্ষিণ শলমাৰা, ওদালগুৰি, চৰাইদেউ, হোজাই – এই আঠটা মহকুমা গঠন কৰা হয়। ইয়াৰ উপৰিও তেওঁৰ দিনতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰা হৈছিল।[2]

দ্বিতীয় কাৰ্যকালসম্পাদনা কৰক

১৯৯১ চনৰ ৩০ জুনত হিতেশ্বৰ শইকীয়াই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। এই সময়ছোৱাত তেওঁৰ চৰকাৰখনে কোনো উন্নয়নমূলক আৰু জনহিতকৰ কাম কাজ নকৰিলে বুলি ৰাইজে অভিযোগ তুলিছিল।[2]

ৰাজ্যপালৰ পদতসম্পাদনা কৰক

১৯৮৫ চনত হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

ব্যক্তিগত জীৱনসম্পাদনা কৰক

হিতেশ্বৰ শইকীয়াৰ পত্নীৰ নাম হৈছে ড হেমপ্ৰভা শইকীয়া। তেওঁলোকৰ সন্তান তিনিটা: দেবব্ৰত, অশোক আৰু গৌতম।[2]

সন্মান আৰু বঁটাসম্পাদনা কৰক

১৯৮৩ চনত দিল্লীৰ ৰাষ্ট্ৰীয় সংহতি পৰিষদে হিতেশ্বৰ শইকীয়াক ৰাষ্ট্ৰ মানৱ উপাধিৰে সন্মানিত কৰে।[2]

আক্ৰমণসম্পাদনা কৰক

হিতেশ্বৰ শইকীয়াক দুবাৰকৈ কোনো লোকে প্ৰাণ নাশ কৰাৰ চেষ্টা কৰিছিল। প্ৰথমবাৰ ১৯৮১ চনৰ ১৯ এপ্ৰিলত আৰু দ্বিতীয়বাৰ ১৯৮৩ চনৰ ১৯ নৱেম্বৰত।[2]

শইকীয়াৰ বাসগৃহত মনমোহন সিঙৰ বাসগৃহক লৈ বিতৰ্কসম্পাদনা কৰক

হিতেশ্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ ঘনিষ্ঠ বন্ধু আৰু সহযোগী আছিল।[3]দৰাচলতে মনমোহন সিঙে শইকীয়াৰ পত্নী শ্ৰীমতী হেমপ্ৰভা শইকীয়া গৰাকীৰ পৰা ঘৰ ভাড়াৰ ৰচিদ এখন দাখিল কৰি অসমৰ বাসিন্দা বুলি দাবী কৰি অসম কোটাৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ পৰিছিল। মনমোহন সিঙে দাখিল কৰা শপতনামা অনুসৰি প্ৰধানমন্ত্ৰীয়ে মাহিলী ৭০০ টকা ভাড়া দি সৰুমোটৰিয়াত থকা শইকীয়াৰ ভাড়াঘৰত থাকে।[4] তেনেদৰেই মূলতঃ তেওঁ গুৱাহাটীৰ হিতেশ্বৰ শইকীয়াৰ ঘৰৰ বাসিন্দা বুলি মিছাকৈ দাবী কৰি মনমোহন সিঙে ৰাজ্যসভাৰ সদস্য হৈ পৰিছিল,আৰু তাৰ দ্বাৰা প্ৰধানমন্ত্ৰী হ’ব পাৰিছিল।

মৃত্যুসম্পাদনা কৰক

১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল কলেজত পৰলোকপ্ৰাপ্তি হয়।[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Assam Legislative Assembly - Chief Ministers since 1937". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.nic.in/cm-list.html। আহৰণ কৰা হৈছে: December 20, 2012. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 সমীন কলিতা (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃষ্ঠা. ৯১, ৯২, ৯৩, ৯৪ পৃষ্ঠা. 
  3. "Prime Minister's Praise of Saikia". http://pmindia.nic.in/speech-details.php?nodeid=1167. 
  4. "Manmohan Singh has no cash". http://indiatoday.intoday.in/story/manmohan-singh-prime-minister-affidavit-re-election-to-rajya-sabha-assam/1/271267.html.